মানুহ, বৃক্ষ আৰু উড ৱাইড ৱেব
বৃক্ষৰোপনৰ বাবে ব্যৱহাৰ কৰা চৰকাৰী
শ্ল’গানবোৰ কিমান যে ভাল
লগা –“এক বৃক্ষ দহ পুত্ৰ সম“ আৰু ’গছ থাকিলেহে
মানুহ থাকিব“ ইত্যাদি ইত্যাদি
৷ এই শ্ল’গানবোৰ হৃদয়ঙ্গম কৰি
কাম কৰিলে আজি প্ৰকৃতিৰ এই দুৰৱস্থা নহয়। দৰাচলতে আমি সকলোৱে গছ কাটি আছো আৰু অৰণ্য
হ্ৰাস হৈ গৈ আছে, প্ৰতিজন ব্যক্তিৰ বিপৰীতে থাকিব লগীয়া বৃক্ষৰ সংখ্যা দ্ৰুত গতিত কমি
গৈছে, যাৰ ফল আজি বিশ্বৰ সকলোৱে ভুগিব লগীয়া হৈছে ৷ আৱতৰীয়া বৰষুণৰ ফলত হোৱা বানপানী
অথবা খৰাং বতৰ আৰু ধুমুহা ইত্যাদিত বহু হেজাৰ মানুহৰ প্ৰতি বছৰে মৃত্যু হোৱাৰ লগতে
চৰকাৰী, বেচৰকাৰী অনুষ্ঠানৰ সম্পত্তিও ধ্বংস হৈ আছে।
গোলকীয় উঞ্চতাৰ কুফল আমি ভোগ কৰি আছো ৷
অৰণ্যৰ ধ্বংস যজ্ঞই ইয়াৰ মূল কাৰণ।গছ আৰু মানুহৰ মাজত আদিম কালৰ পৰাই এটি মধুৰ সম্পৰ্ক
আছে ৷ প্ৰস্তৰ যুগৰ পৰাই মানুহে অকল গছৰ বাবেই জীৱন ধাৰণ কৰিব পাৰিছে।হেজাৰ বছৰ আগত
ধৰ্মগুৰু, ঋষি-মুণিসকলে বৃক্ষৰ মাজত আশ্ৰম পাতি আছিল ৷ সেয়েহে আমি কিছুমান গছক যেনে
আহত, বট বৃক্ষ আদিক পূজা কৰি আহিছোঁ ৷
ভাৰতীয় ইতিহাসত গছক আমি প্ৰাণী বুলি গণ্য
কৰোঁ ৷ গছৰ অনুভূতি আছে, এডাল গছে আন এডালৰ লগত কথা পাতিব পাৰে, এনেধৰণৰ কথা ভাৰতবৰ্ষৰ
লোক কথা, লোক কাহিনীত বিচাৰিলে অলেখ পোৱা যায় ৷ গছ কটাটো এটা জঘণ্য পাপ কাম বুলি মানুহে
ভাবিছিল। একোডাল গছৰ বাবে মানুহে কেনেকৈ মৃত্যু মৰণ কৰিছিল তাৰ এটা সঁচা কাহিনী আছে
৷
ওঁঠৰ শতিকাত ৰাজস্থানৰ যোধপুৰ জিলাৰ
খেজৰলি নামৰ গাঁও এখনৰ কথা ৷ তাত বিশ্নৈ সম্প্ৰদায়ৰ মানুহে বসবাস কৰে ৷ এই সম্প্ৰদায়ৰ
মানুহৰ মাজত এটা বিশ্বাস আছে যে গছ কাটিব নাপায় ৷ যোধপুৰৰ ৰজাই যেতিয়া ৰাজধানী নিৰ্মাণৰ
অৰ্থে সেই অঞ্চলৰ পৰা গছ কাটিবলৈ আদেশ দিয়ে , তেতিয়া গাওঁখনৰ অমৃতা দেৱী নামৰ এগৰাকী
মহিলা আৰু তেওঁৰ তিনি কণ্যাই গছক সাৱটি ধৰি ক’লে, “গছ কটাৰ আগতে আমাৰ শিৰশ্ছেদ কৰিব লাগিব" ৷ ৰজাৰ আদেশ অমান্য
কৰিব নোৱাৰি সৈন্যবোৰে অমৃতা দেৱী আৰু তিনি কণ্যাৰ শিৰশ্ছেদ কৰি গছ কটা আৰম্ভ কৰে ৷
ইয়াৰ পিছত গছ কটা কাৰ্য্যৰ বিৰোধিতা কৰিবলৈ বিশ্নৈ সকলে এজোপা গছৰ বিনিময়ত এজনকৈ স্বেচ্ছাসেৱকে
নিজৰ জীৱন আহুতি দিয়াৰ সিদ্ধান্ত ল'লে। “এজোপা গছৰ বিনিময়ত এটা শিৰ“ কথাষাৰ সৰোগত কৰি ৰাজ সৈন্যৰ কুঠাৰে
আহি তেওঁলোকৰ প্ৰাণ কাঢ়ি নোলোৱালৈকে গছবোৰ সাৱটি ধৰি থকাৰ পণ ল'লে । এজন এজন কৈ ৩৬৩
গৰাকী গছ ৰক্ষাৰ বাবে শ্বহীদ হ’ল ৷ ৰাইজৰ এনে প্ৰতিক্রিয়া
দেখি ভয়তে ৰজাৰ সৈন্যই গছ কটা কাম আধাতে এৰি যোধপুৰ পালে ৷ ৰজাই ঘটনাৰ গভীৰতা বুজি
গছ কটা কাম তুৰন্তে বন্ধ কৰিবলৈ আদেশ দিলে । এয়ে আছিল "চিপকো আন্দোলনৰ"
(Chipko Movement) আৰম্ভণিৰ কাহিনী। পিছত ১৯৭৩ চনত সুন্দৰলাল বহুগুণাৰ নেতৃত্বত উত্তৰাঞ্চল
প্ৰদেশত (তেতিয়াৰ উত্তৰ প্ৰদেশ) চিপকো আন্দোলনে আকৌ ঠন ধৰি উঠিছিল আৰু তেওঁলোক সফলো
হৈছিল। পাছত কৰ্ণাটকটো আপ্পিকো আন্দোলনৰ( Appiko Movement) জৰিয়তে ৰাইজে গছ গছনিৰ ধ্বংসলীলাৰ
বিৰোধিতা কৰিছিল । সকলো ভাৰতীয়ই চিপ্কো আন্দোলনৰ কথা আজিও শ্ৰদ্ধাৰে সুঁৱৰে ৷
গছৰ যে জীৱন আছে, অনুভূতি শক্তি
আছে তাক বৈজ্ঞানিক ভাবে প্ৰথমে প্ৰমাণ কৰিছিল
পৃথিৱী বিখ্যাত বিজ্ঞানী ছাৰ জগদীশ চন্দ্ৰ বসুৱে ৷ তেওঁৰ আৱিস্কৃত এছকোনোগ্রাফ যন্ত্রৰ মাধ্যমত উদ্ভিদৰ
যে জীৱন আছে তাক প্ৰমাণ কৰিবলৈ তেওঁ সক্ষম হৈছিল । সেয়া আছিল উনৈশ শতিকাৰ কথা ।একৈশ
শতিকাৰ আৰম্ভণিতে পৰিৱেশ বিজ্ঞানী ছুজান ছিমাৰ্ডে
প্ৰমাণ কৰি দেখুৱায় যে গছৰ প্ৰাণ থকাৰ উপৰিও ইজনে সিজনৰ লগত কথা পাতে । মাটিৰ
তলত ইজনে সিজনক খাদ্যৰ আদান-প্ৰদান কৰে আৰু নিজৰ মাজত যোগাযোগৰ এক মাধ্যম সৃষ্টি কৰে
৷ দুটা দশকৰ আগতে ছিমাৰ্ডে গৱেষণা কৰি থকা সময়ত লক্ষ্য কৰে যে লেটিছ ভেঁকুৰ জাতীয় পৰজিৱী
এবিধে মাটিৰ তলত গছৰ শিপাবোৰৰ লগত এটা নেটৱৰ্ক সৃষ্টি কৰে ৷ এই নেটৱৰ্কৰ দ্বাৰা এডাল
বৃক্ষই আন ডালৰ লগত যোগাযোগ সৃষ্টি কৰে।আনকি এডাল বৃক্ষ কিবা কৰণত পুষ্টিহীনতাত ভুগিলে
তেতিয়া ওচৰৰ বৃক্ষই এই ভেঁকুৰ বিধৰ জৰিয়তে নিজৰ শৰীৰৰ পৰা পুষ্টিকৰ খাদ্য সেইডাল বৃক্ষলৈ
পঠিয়াই দিয়ে ৷ অৰ্থাৎ বৃক্ষবোৰৰ মাজতো এডালে আনডালক সহায় কৰাৰ প্ৰচেষ্টা চলি থাকে ৷
তেওঁ এখন গৱেষণা মূলক প্ৰবন্ধত প্ৰকাশ কৰে যে অৰণ্যৰ গছবোৰে এখন সমবায় ভিত্তিত
নিয়মৰ বান্ধোনেৰে বান্ধ খাই থাকে ৷ তেওঁ উল্লেখ কৰা বৃক্ষৰ এই নেটৱৰ্কক কোৱা হয় “উড
ৱাইড ৱেব“ ৷ ছুজান ছিমাৰ্ডৰ বিখ্যাত কিতাপ Finding the Mother :
Discovering the Wisdom of the Forest” আমাজ’নত কিনিবলৈ পোৱা যায় । কিতাপখনত বিষদ ভাৱে
অৰণ্যৰ গছবোৰৰ নেটৱৰ্কৰ কথা বৰ্ণনা কৰিছে ৷ প্ৰথম বাৰৰ বাবে বিজ্ঞানী সকলে বিশ্বৰ ৭০
খন দেশত থকা ২৮,০০০ হাজাৰ বিধ গছৰ উড ৱাইড ৱেব নেটৱৰ্কৰ মেপিঙৰ কাম কৰিছে ৷ বিজ্ঞানী
সকলে অৰণ্যৰ মাটিৰ তলত থকা ভেঁকুৰৰ (mycorrhizal fungi) জৰিয়তে সৃষ্টি কৰা
ইক’ছিষ্টেমক বুজিবলৈ
সক্ষম হৈছে ৷ চুইজাৰলেণ্ডৰ জুৰিখৰ বিজ্ঞানী থ’মাছ ক্ৰাউথাৰে কম্পিউটাৰৰ সহায়ত ভেঁকুৰ আৰু
জীৱাণুৰ দ্বাৰা তৈয়াৰ কৰা গছৰ যোগাযোগৰ মাধ্যমৰ বিষয়ে বহু তথ্য লাভ কৰিছে ৷ প্ৰতিবিধ
গছৰ বাবে মাটিৰ তলত ভেঁকুৰো বিভিন্ন ধৰণৰ সৃষ্টি হয় ৷ বিশ্বৰ ৯০% গছ এই যোগাযোগ মাধ্যমৰ
লগত নিজকে সংযোগ স্থাপন কৰি আহিছে ৷ গছৰ এই নেটৱৰ্ক প্ৰায় ৪০০ মিলিয়ন বছৰৰ পৰা চলি
অহিছে বুলি বিজ্ঞানী সকলে অনুমান কৰিছে ৷
গছৰ এই সামাজিক মাধ্যমৰ যোগাযোগৰ বিষয়ে পৰিৱেশ
বিজ্ঞানীসকলে যি বিষদ ভাবে গৱেষণা কৰি আছে, তাৰ পৰা আমি বহুতো নতুন নতুন কথা জানিবলৈ
পাম বুলি আশা ৰাখিছোঁ ৷ কিন্তু তাৰ আগতে আমি আমাৰ মাজত থকা সকলো অৰণ্য ধ্বংস নকৰাকৈ ভবিষ্যৎ প্ৰজন্মৰ বাবে
সংৰক্ষণ কৰিব লাগিব ৷ আমি সকলোৱে মিলি এখন সেউজীয়া পৃথিৱী গঢ়াৰ সপোন বাস্তৱায়িত কৰিবৰ
বাবে আমাৰ চৌপাশৰ পৰিবেশ সুৰক্ষিত কৰিবলৈ সংকল্পবদ্ধ হ'ব লাগিব কিয়নো গছ থাকিলেহে জীৱকুল
জীয়াই থাকিব ।
(১৮ অক্টোবৰ,২০২১ আমাৰ অসম বাতৰি কাকতত প্ৰকাশিত)
সুন্দৰ লিখিছা ৷ গছৰ নেটৱৰ্কিংৰ কথা বহুতে নাজানে ৷ এই লিখনি পঢ়ি উপকৃত হ’ব
ReplyDelete