গল্প: স্বপ্নাতুৰ

 বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চিত্ৰ শিল্পৰ কথা ভাবিলে সকলোৰে মনলৈ আহে মনালিছা ছবি খনৰ কথা  ৷ পাঁচশ বছৰে চৰ্চাৰ বিষয় হৈ থকা মনালিছাৰ সেই হাঁহিটো চাবলৈ পেৰিছৰ লুভ্  চিত্ৰশালাত প্ৰতি দিনে হেজাৰৰো অধিক মানুহে শাৰী পাতি ৰৈ থাকে ৷ মনালিছাৰ হাঁহিক লৈ  চলি থকা অফুৰন্ত বিতৰ্ক, চৰ্চা, গবেষণাৰ যেন শেষ নাই ৷ লিওনাৰ্ডো ডা ভিন্সিয়ে কাক চাই সেই ছবিখন আঁকিছিল কোনেও নাজানে ৷ কেতিয়াবা এনে ভাব হয় তেওঁ যদি বৰ্ণালীক  দেখিলে হেঁতেন মনালিছা ছবি খন কিজানি নতুন ৰূপত দেখিবলৈ পালোঁহেঁতেন ৷ 

মোৰ দৃষ্টিত মনালিছাতকৈও সুন্দৰ আছিল বৰ্ণালীৰ মুখত ফুটি উঠা হাঁহিটো ৷  তাইক প্ৰথম লগ পাইছিলোঁ প্ৰায় ২০ বছৰ আগত ৷ তেতিয়া মই প্ৰথম চাকৰিত যোগদান কৰিছিলোঁ ৷ চৰকাৰী বাসভৱন পোৱালৈকে বাইদেউৰ ঘৰতে আছিলোঁ ৷ মাঘবিহুৰ উৰুকাৰ নিশা ওচৰ চুবুৰীয়াৰ সৈতে একেলগে খাবলগীয়া হৈছিল ৷ বৰ্ণালীৰ লগত চিনাকি কৰাই দিছিল বাইদেউৱে ৷ ইমান ধুনীয়া ছোৱালী মই কেতিয়াও লগ পোৱা নাছিলোঁ ৷ দীঘল চুলিটাৰিৰে তাইক দেখিবলৈ সৰগৰ অপ্সৰাৰ দৰে লাগিছিল ৷ তাইৰ হাঁহিটোৱে মোৰ হৃদয় চুই গৈছিল ৷ চকুৰ এটা মিঠা চাৱনিত ধৰাশায়ী হৈ পৰিছিলোঁ ৷ কবিৰ ভাষাত “তোমাৰ ওঁঠৰ হাঁহিত মৰমে খেলিছে, মোৰ হিয়াত আজি হেঁপাহবোৰ জাগিছে ...৷“  বহু কথা পাতিছিলোঁ ৷ অন্তৰখোলা ছোৱালী তাই ৷ মনৰ ভাব প্ৰকাশ কৰিছিল দ্বিধাহীনভাবে ৷ কবিতা লিখে তাই ৷ কবিতা এটা  আবৃত্তি কৰিও শুনাইছিল ৷ তাইৰ পিনে মই ৰ’ লাগি চাই আছিলোঁ ৷ তাইৰ কথাবোৰে এছাটি মলয়া বতাহৰ দৰে মোক চুই গৈছিল ৷ বাইদেউ আহি কৈছিল,  “বেছিকৈ নাচাবি তাইক, প্ৰেমত পৰিবি ৷ বেচেৰীয়ে এজনক কথা দি থৈছে, অহা বছৰলৈ বিয়া ৷“ মন বিষাদেৰে ভৰি পৰিছিল ৷ ল’গ নাপালেই যেন ভাল আছিল ৷ কোনোদিনেই হয়তো পাহৰিব নোৱাৰিম প্ৰথম দেখা সেই হাঁহিটো ৷  

দ্বিতীয়বাৰ বৰ্ণালীক লগ পাইছিলো তাৰ চাৰি বছৰ পিছত ৷ ইতিমধ্যে তাইৰ বিয়া হোৱা তিনি বছৰ পাৰ হৈছিল ৷ দুবছৰীয়া সন্তানৰ মাতৃ তাই ৷ গনেশগুড়ি চাৰিআলিত কোবাকুবিকৈ এফালে গৈ আছিল ৷ মোক দেখি তায়ে প্ৰথমে মাতিলে ৷ ক্ষীণাইছিল তাই, অলপ কলা পৰিছিল ৷ ওচৰৰ কফিহাউচ খনলৈ  আমন্ত্ৰণ জনাইছিলোঁ ৷ তাই প্ৰত্যাখ্যান কৰা নাছিল ৷ স্বামীৰ কথা কৈছিল ৷ চন্দনে চাকৰি কৰে চৰকাৰী স্কুলৰ বিষয় শিক্ষক হিচাপে ৷ সীমিত দৰমহাৰে ভাৰাঘৰ এটা লৈ কোনোমতে চলিব লগা অৱস্থা ৷ শিশুটিৰ অসুখ-বিসুখ হ’লে মাহৰ শেষত ধাৰ ল’ব লাগে ৷ চন্দনৰ সীমিত দৰমহাৰে তাইৰ কাপোৰ, প্ৰসাধন, পাৰ্লাৰৰ বাবে লগা খৰচ বহন কৰিবলৈ অপৰাগ ৷ অভাৱবোৰ পুৰণৰ বাবে তাই নিজে সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছে ৷

 “জানে দিগন্তদা  জীৱনটোত কবিতাৰে পেট নভৰে ৷ বাস্তব জীৱনৰ পথ অতি কঠিন, ৰূঢ় ৷ বিয়াৰ আগলৈ কল্পনা ৰাজ্যতে বাস কৰিলোঁ ৷ বিয়াৰ পিছত যেন এটা মিঠা সপোনৰ পৰা সাৰ পালোঁ ৷ বৰ কষ্টত আছোঁ ৷ সামান্য সুখত থাকোঁ বুলিয়ে টকাৰ বাবে দপ্তৰে দপ্তৰে, অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ ৷“

“মই জনাত চন্দন বৰ ভাল ল’ৰা ৷ শান্ত, শিষ্ট ল’ৰা সি ৷ তোমাক কষ্টত ৰাখিব নালাগে কেতিয়াও ৷“

“সেয়াই হৈছে সমস্যা ৷ সি বৰ ভাল ল’ৰা ৷ আনৰ দৰে চাকৰিটো হাতত ৰাখি অন্য ব্যৱসায় বাণিজ্যত সোমাব নোৱাৰে ৷ ঘৰলৈ স্কুলৰ ছাত্ৰ-ছাত্ৰী আহিলে বিনা পইছাই শিকায় ৷ তেনেকৈ সংসাৰ চলে নেকি ?“

“কিন্তু টকাই সৰ্ব্বস্ব নহয় বৰ্ণালী ৷ জীৱনৰ লগৰীয়া হিচাপে ভাল ল’ৰা এটা পাইছা,  সেইটো বহুত ভাগ্যৰ কথা ৷“

“মোৰ বাবে এতিয়া টকাৰ আটাইতকৈ বেছি প্ৰয়োজন ৷ জীৱনৰ সুখ শান্তিৰ বাবে টকাৰ প্ৰয়োজন ইমান যে বেছি বিয়াৰ পিছত হে অনুভৱ কৰিছোঁ ৷ টকা-সম্পত্তি হোৱাৰ পিছত পতি পৰমেশ্বৰ, শহুৰ-শাহুক পূজা কৰি থাকিম ৷ মোৰ ব্যৱসায়ত আপুনি  অলপ সহায় কৰিব পাৰিব নেকি ? গোটেই জীৱন আপোনাৰ ওচৰত কৃতাৰ্থ হ’লো হেঁতেন ৷ “

সেই মুহূৰ্তত যদি বৰ্ণালীয়ে মোৰ প্ৰাণটো বিচাৰিলে হেঁতেন, দিবলৈ হয়তো পিছ হুহুকি নাহিলোঁ হেঁতেন ! তাইক মই অলপো পাহৰিব পৰা নাছিলোঁ ৷ তেতিয়ালৈ মই  বিয়া পতা নাছিলোঁ ৷ তাইৰ দুখবোৰ মই সহ্য কৰিব পৰা নাছিলোঁ ৷ কফিহাউচত বহি বহিয়েই কেইজনমান চিনাকি মানুহৰ ফোন নম্বৰ দিলোঁ, তেওঁলোকক ফোন কৰি ক’লোঁ যেনেকৈ পাৰে সহায় কৰিবলৈ ৷ ভৱিষ্যতে যিকোনো সহায়ৰ বাবে মোক ফোন কৰিবলৈ তাইক ক’লোঁ ৷ বৰ্ণালীক শুভ কামনা জনাই মোৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ ৷    

    তৃতীয়বাৰ বৰ্ণালীক ল’গ পোৱা দহ বছৰ হ’ল ৷ মেছেজ এটা পাইছিলোঁ বৰ্ণালীৰ পৰা, জন্মদিন তাইৰ, সেইবাবে নিমন্ত্ৰণ আগ বঢ়াইছে সেইদিনা সন্ধিয়া গনেশগুড়িৰ এখন আভিজাত্যৰ চাপ থকা ৰেষ্টোৰাঁ তথা বাৰলৈ ৷ অলপ আচৰিত হৈছিলোঁ, তাইৰ জন্মদিন এখন মধুশালাত উদযাপন কৰিবলৈ ওলোৱা দেখি ৷  অলপ দেৰিকৈ হ’লেও গৈছিলোঁ ৷  ফুলৰ বুকে’ এটা লৈ গৈছিলোঁ ৷ বাৰ খনত প্ৰায় পঞ্চাছৰ বেছি মানুহ আছিল ৷ মোক দেখা পাই তাই বাৰ কাউণ্টাৰলৈ লৈ গৈছিল ৷ নিজে এটা পেগ বনাই মোক যাচিছিল ৷ তাই বিহ দিলেও কিজানি মই গ্ৰহণ কৰিলোঁহেঁতেন ৷ মোক ডান্সফ্লোৰলৈ মাতিছিল,  তাইৰ লগত নাচিবলৈ ৷ জীৱনত কেতিয়াও নাচি পোৱা নাই ৷ এনে পৰিস্থিতি হ’ব বুলি জনা হ’লে  হয়তো এই বয়সতো নাচ শিকিলোঁহেঁতেন ৷ তাইৰ স্বামী চন্দনৰ লগত চিনাকি কৰাই দিছিল ৷ ৰুমৰ এটা চুকত আমনজিমনকৈ বহি আছিল সি ৷ তাই কৈছিল ব্যৱসায়ত বহু উন্নতি কৰাৰ কথা , ফ্লেট, বিলাসী গাড়ী কিনাৰ কথা ৷ মাটি এডোখৰো লৈ থৈছে, পিছলৈ ঘৰ বনাই থাকিবৰ মন ৷ গুৱাহাটীৰ ব্যৱসায়ীক এলেকাত নিজৰ অফিচ বুলিবলৈ ফ্লেট এটাও ল’লে ৷ পাঁচ বছৰ আগত ব্যৱসায়ৰ কামত সহায় কৰা বাবে মোক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷ ইমান কম দিনত তাইৰ ব্যৱসায়ত হোৱা উন্নতি দেখি ভাল লাগিছিল ৷ অলপ সন্দেহো উপজিছিল তাই ভুল পথত গৈ থকা বুলি ৷ সুধিছিলোঁ, “তোমাৰ উন্নতি দেখি ভাল লাগিছে, কিন্তু এই উন্নতিৰ বাবে কিবা কিছু হেৰুৱাবলগীয়া হৈছে নেকি ৷“

তাই কৈছিল, “মনে বিচৰা বস্তু এটা পাব লাগিলে কিবাটো হেৰুৱাবই লাগিব ৷ কি হেৰুৱালোঁ তাৰ হিচাপ মই কৰা নাই ৷ কাৰণ পোৱাৰ মজা তেতিয়া নোহোৱা হৈ যাব ৷“

বহুতৰে লগত চিনাকি কৰাই দিছিল মোক ৷ চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, ৰাজনৈতিক নেতা, সংবাদ মাধ্যমৰ লোককে ধৰি সমাজৰ মূধাফুটা কিছু লোক আছিল পাৰ্টিত ৷ কেইজনীমান ধুনীয়া গাভৰু ছোৱালীকো দেখিলোঁ ৷ বেছিভাগ সময় ডান্সফ্লোৰত ইজনৰ পিছত সিজনৰ লগত হাতত হাত ধৰি নৃত্য  কৰি আছিল ৷ তৃতীয় পেগটো মই নল’লোঁ ৷ তাই জোৰ কৰিছিল ৷

“দিগন্তদা মই মহিলাহৈ পাঁচ পেগ লৈ ঘূৰি আছোঁ, আপুনি মাত্ৰ দুটা পেগতে সামৰিলে, কেনেকৈ হ’ব ৷“

“মই কেতিয়াও দুটাতকৈ বেছি নলওঁ ৷ ইপিনে নিজে গাড়ী চলাই যাব লাগিব ৷“

সোনকালে মই পাৰ্টিৰ পৰা উভতিলোঁ ৷ বৰ্ণালীৰ পৰিবৰ্তনখিনি মই সহজ ভাবে ল’ব পৰা নাছিলোঁ ৷

ইয়াৰ পিছত বৰ্ণালীক ল’গ পোৱা নাছিলোঁ বহু বছৰলৈ  ৷ অলপ অলপ পাহৰিবলৈ লৈছিলোঁ ৷ চাকৰিৰ ব্যস্ততা, সংসাৰৰ লৰা-ঢপৰাৰ মাজত তাইলৈ কেতিয়াবা মনত পৰিলে অন্তৰৰ কোনোবা খিনিত অকনমান হ’লেও বিষাইছিল ৷ এমাহ আগত  ফোন পাইছিলোঁ, বৰ্ণালী কিছুদিন ধৰি চিকিৎসালয়ত ভৰ্তী হৈ আছে ৷  টান বেমাৰ হেনো ৷ মোক ল’গ পাবলৈ বিচাৰিছে ৷ খবৰটো পাই লগে লগে মই গৈছিলোঁ ৷  হস্পিটালৰ কেবিন এটাৰ বিছনাখনত শুই আছিল তাই ৷ চকু দুটা উখহি গৈছে ৷ পেটটো ডাঙৰ হৈ গৈছে ৷ মুখৰ ৰঙ সলনি হৈছে ৷ অলপ কথা ক’লেই ভাগৰি পৰে ৷ মই কাষৰ চকীখনত বহাৰ পিছত চন্দন ওলাই গৈছিল ৰুমৰ পৰা, ঔষধ কিনিব লাগে হেনো ৷ অলপ অলপ কৈ বহু কথা কৈছিল তাই সেইদিনা ৷

টকাৰ পিছত বহুত দৈৰিলে তাই ৷ ওপৰৱালা চাকৰিয়াল সকল একো একোজন হিংস্ৰ বাঘৰ দৰে ৷ সিহঁতক মদ আৰু নাৰী দুয়োটাৰে পূজিব লাগে ৷ তেতিয়াহে চৰকাৰী কাম, ঠিকা-ঠুকলি পোৱা যায়, সময়ত পাবলগীয়া ধন মোকলাই দিয়ে ৷ দুজনীমান গাভৰু ছোৱালী ৰাখিছিল তাই কামাতুৰ পশুকেইটাৰ সম্ভোগৰ বাবে ৷ তথাপি সিহতৰ হেঁপাহ নপলাল ৷ শেষত তাইকো বিচাৰিলে ৷ পাবলগীয়া বহু ধন মোকলাই দিয়া নাছিল, ইপিনে বেঙ্কৰ ধাৰ মাৰিব পৰা নাছিল ৷ তাই নিজকে সপি দিবলগীয়া হ’ল ৷ ইজনৰ পিছত আন জনৰ লগত তাই শয্যাসংগিনী হ’বলগীয়া হ’ল ৷ লেতেৰা খেলবোৰ খেলি এটা অদ্ভুত মাদকতাত বুৰ গ’ল তাই  ৷ সন্ধিয়া হ’লেই পাৰ্টি, নৃত্য, সুৰা ৷ লাহে লাহে তাই ঘৰতে এখন বাৰ খুলি ল’লে ৷ মানুহবোৰ ঘৰলৈ আহিব ধৰিলে ৷ চন্দনে ঘৰটোৰ চুক এটাতে আৱদ্ধ হৈ পৰিল ৷ লাহে লাহে  দিন দুপৰতে সুৰাৰ বটল খুলিবলৈ আৰম্ভ কৰিলে ৷ সুৰা নহ’লে তাই চলিব নোৱৰা হৈ পৰিল ৷ কিছু পৰ সুৰাৰ গিলাচ হাতত নাথাকিলে হাত কঁপিবলৈ ধৰে, ভয় ভয় লাগে, খঙ উঠি যায় ৷ খোৱা লোৱাৰ কোনো নিয়ম নোহোৱা হ’ল ৷ সুৰাৰ বাহিৰে একো বস্তু খাবলৈ মন নকৰা হ’ল ৷ কেইবাটাও বেমাৰ লৈ তাই এমাহ ধৰি চিকিৎসালয়ত ভৰ্তী হৈ আছে ৷

“জীয়াই থাকিবলৈ বৰ মন যায় জানেনে ?“

“ভাল হৈ যাবা বৰ্ণালী, আমি আছোঁ নহয় ৷“

“মিছা সান্ত্বনা দি কি লাভ দিগন্তদা ৷ লিভাৰ চিৰোচিচৰ তৃতীয় ষ্টেজত এতিয়া ৷ চুগাৰ ইমান বেছি যে কৃত্ৰিমভাবে লিভাৰ সংৰোপণ অসম্ভৱ ৷ মাথোঁ কেইদিনমান থাকিবলৈ পাম এই পৃথিৱীত ৷ তাৰ পিছত সৰগৰ তৰা হৈ জিলিকি থাকিম আকাশত ৷ কেতিয়াবা তৰা ভৰা আকাশলৈ চাব, মোক দেখিব ৷“

“কিয় এনে হ’বলৈ পালে তোমাৰ ৷“

“জীৱনটো এক লুডু গুটিৰ সাপ আৰু জখলাৰ খেলাৰ নিচিনা ৷ জখলাৰে ওপৰলৈ উঠি উঠি গন্তব্যস্থল পোৱাৰ সময়তে কেতিয়া সাপৰ মুখত সোমাই একেবাৰে তললৈ সৰি পৰিলোঁ গমেই নাপালোঁ ৷ ধনী হ’বলৈ গৈছিলোঁ, তাৰ বাবে কি যে নকৰিলোঁ ৷ অজস্ৰ ধন হাতলৈ আহিল ৷  নিজৰ আনবহুতো হেৰুৱাব লগীয়া হ’ল সেই খিনি পাবৰ বাবে ৷ কিমান হেৰুৱালোঁ তাৰ হিচাপ দিব নোৱাৰিম ৷ নিজৰ আদৰ্শ, নৈতিকতা, নাৰীসত্বা,  চন্দনৰ ভালপোৱা, সন্তানৰ মোৰ প্ৰতি থকা সন্মান, পৰিয়ালৰ মানুহৰ মৰম, শ্ৰদ্ধা সকলো শেষ হ’ল ৷ নিজে পণ্য সামগ্ৰীৰ দৰে বিক্ৰী হৈ গ’লোঁ ৷ কি থাকিল মোৰ হাতত ?“

“যেতিয়া তুমি বুজি পালা তেতিয়া হয়তো এই সকলোবোৰ এৰি দিব পাৰিলাহেঁতেন ৷“

“মানসিক দংশনে এনেদৰে মোক জুৰুলা কৰিলে যে তাক পাহৰিবলৈ সুৰাৰ সহায় ল’লোঁ ৷ সুৰাই মোৰ জীৱনৰ একমাত্ৰ লগৰীয়া হৈ পৰিল ৷ আপুনি জানেই চন্দনক লৈ কিমান সুখী আছিলোঁ ৷ তাক লৈ কিমান সপোন ৰচিছিলোঁ ৷ কবিতা লিখিছিলোঁ  তেতিয়া ৷ এগৰাকী প্ৰতিষ্ঠিত কবি হ’বলৈ বিচাৰিছিলোঁ ৷ কিন্তু ক’ৰ পৰা ক’ত আহি পৰিলোঁ ৷“

“আৰাম কৰা অলপ বহুত কথা পাতিলা ৷“

“মোৰ শেষ অনুৰোধ আপুনি ৰাখিবনে ?“

“তোমাৰ অনুৰোধ কেতিয়াবা নৰখাকৈ আছো নেকি?“

“মোক লৈ এটা গল্প লিখিব ৷ মোৰ নিচিনা ভুল যাতে আন কোনো নাৰীয়ে নকৰে তাৰ বাবে মোৰ সঁচা কাহিনীটোকে লিখিব ৷ প্ৰকাশ কৰিব ৷“

বৰ্ণালীৰ মৃত্যুৰ আজি এসপ্তাহ হ’ল ৷  নিশা আকাশলৈ চাম, লক্ষ্য লক্ষ্য তৰাবোৰৰ মাজত তাইক বিচাৰি ল’ম, আৰু চিঞৰি চিঞৰি কৈ দিম, “চোৱা তোমাৰ শেষ অনুৰোধ মই ৰাখিলোঁ ৷“   

(“অসম বাণী“ ৭ আগষ্ট,২০২১ ত সংখ্যাত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা