Posts

Showing posts from October, 2021

মানুহ, বৃক্ষ আৰু উড ৱাইড ৱেব

               বৃক্ষৰোপনৰ বাবে ব্যৱহাৰ কৰা চৰকাৰী শ্ল ’ গানবোৰ কিমান যে ভাল লগা –“এক বৃক্ষ দহ পুত্ৰ সম “ আৰু ’গছ থাকিলেহে মানুহ থাকিব “ ইত্যাদি ইত্যাদি ৷ এই শ্ল ’ গানবোৰ হৃদয়ঙ্গম কৰি কাম কৰিলে আজি প্ৰকৃতিৰ এই দুৰৱস্থা নহয়। দৰাচলতে আমি সকলোৱে গছ কাটি আছো আৰু অৰণ্য হ্ৰাস হৈ গৈ আছে, প্ৰতিজন ব্যক্তিৰ বিপৰীতে থাকিব লগীয়া বৃক্ষৰ সংখ্যা দ্ৰুত গতিত কমি গৈছে, যাৰ ফল আজি বিশ্বৰ সকলোৱে ভুগিব লগীয়া হৈছে ৷ আৱতৰীয়া বৰষুণৰ ফলত হোৱা বানপানী অথবা খৰাং বতৰ আৰু ধুমুহা ইত্যাদিত বহু হেজাৰ মানুহৰ প্ৰতি বছৰে মৃত্যু হোৱাৰ লগতে চৰকাৰী, বেচৰকাৰী অনুষ্ঠানৰ সম্পত্তিও ধ্বংস হৈ আছে।              গোলকীয় উঞ্চতাৰ কুফল আমি ভোগ কৰি আছো ৷ অৰণ্যৰ ধ্বংস যজ্ঞই ইয়াৰ মূল কাৰণ।গছ আৰু মানুহৰ মাজত আদিম কালৰ পৰাই এটি মধুৰ সম্পৰ্ক আছে ৷ প্ৰস্তৰ যুগৰ পৰাই মানুহে অকল গছৰ বাবেই জীৱন ধাৰণ কৰিব পাৰিছে।হেজাৰ বছৰ আগত ধৰ্মগুৰু, ঋষি-মুণিসকলে বৃক্ষৰ মাজত আশ্ৰম পাতি আছিল ৷ সেয়েহে আমি কিছুমান গছক যেনে আহত, বট বৃক্ষ আদিক...

সৃজনশীল প্ৰতিভা বিকাশত আজিৰ শিক্ষা ব্যৱস্থা

  এপ’লৰ প্ৰতিষ্ঠাপক ষ্টিভ জব্চ, মাইক্ৰ’চফ্টৰ প্ৰতিষ্ঠাপক বিল গেট্চ, ডেল কম্পিউটাৰৰ প্ৰতিষ্ঠাপক মাইকেল ডেল আৰু ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ এই সকলো নমস্য ব্যক্তি আছিল কলেজ ড্ৰপআউট   ৷ কিন্তু তেওঁলোকৰ সৃজনশীল চিন্তাধাৰাৰ বাবে আজি বিশ্বৰ আটাইতকৈ সফল ব্যৱসায়ী বিচাপে প্ৰতিষ্ঠিত হ’ল ৷   শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল প্ৰতিভা বিকাশৰ নিশ্চয় প্ৰয়োজন আছে ৷ নতুন নতুন আৱিষ্কাৰ আৰু ইয়াৰ প্ৰয়োগৰ জৰিয়তে ২০৩০ বা ২০৪০ চনত প্ৰযুক্তিবিদ্যাই কি ৰূপ ল’ব অনুমান কৰা টান ৷ বৰ্তমান সময়ত প্ৰাইমাৰী স্কুলত পঢ়ি থকা  ছাত্ৰ-ছাত্ৰী সকলক এক বা দুই দশকৰ পিছত চাকৰি বা ব্যৱসায়ৰ বাবে তৈয়াৰ কৰি ল’ব লাগিব ৷ গতিকে   শিক্ষাৰ্থী সকলৰ শিক্ষাৰ পদ্ধতি নিশ্চয় এনে হ’ব লাগিব যাতে তেওঁলোকে ২০৩০ বা ২০৪০ চনত সৃষ্টি হ’ব লগীয়া বৃত্তিগত কামবোৰৰ বাবে  নিজকে তৈয়াৰ কৰিবলৈ সমৰ্থ হ’ব ৷ দৰাচলতে প্ৰচলিত শিক্ষা ব্যৱস্থা ইয়াৰ বাবে মুঠেই উপযুক্ত নহয় ৷    বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কৰ এটা লেখতলবলগীয়া অৱদান হ’ল শিক্ষা ব্যৱস্থালৈ অনা নতুন চিন্তা ৷ তেওঁ প্ৰচলিত শিক্ষা ...

গল্প: স্বপ্নাতুৰ

  বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চিত্ৰ শিল্পৰ কথা ভাবিলে সকলোৰে মনলৈ আহে মনালিছা ছবি খনৰ কথা   ৷ পাঁচশ বছৰে চৰ্চাৰ বিষয় হৈ থকা মনালিছাৰ সেই হাঁহিটো চাবলৈ পেৰিছৰ লুভ্   চিত্ৰশালাত প্ৰতি দিনে হেজাৰৰো অধিক মানুহে শাৰী পাতি ৰৈ থাকে ৷ মনালিছাৰ হাঁহিক লৈ   চলি থকা অফুৰন্ত বিতৰ্ক, চৰ্চা, গবেষণাৰ যেন শেষ নাই ৷ লিওনাৰ্ডো ডা ভিন্সিয়ে কাক চাই সেই ছবিখন আঁকিছিল কোনেও নাজানে ৷ কেতিয়াবা এনে ভাব হয় তেওঁ যদি বৰ্ণালীক   দেখিলে হেঁতেন মনালিছা ছবি খন কিজানি নতুন ৰূপত দেখিবলৈ পালোঁহেঁতেন ৷   মোৰ দৃষ্টিত মনালিছাতকৈও সুন্দৰ আছিল বৰ্ণালীৰ মুখত ফুটি উঠা হাঁহিটো ৷  তাইক প্ৰথম লগ পাইছিলোঁ প্ৰায় ২০ বছৰ আগত ৷ তেতিয়া মই প্ৰথম চাকৰিত যোগদান কৰিছিলোঁ ৷ চৰকাৰী বাসভৱন পোৱালৈকে বাইদেউৰ ঘৰতে আছিলোঁ ৷ মাঘবিহুৰ উৰুকাৰ নিশা ওচৰ চুবুৰীয়াৰ সৈতে একেলগে খাবলগীয়া হৈছিল ৷ বৰ্ণালীৰ লগত চিনাকি কৰাই দিছিল বাইদেউৱে ৷ ইমান ধুনীয়া ছোৱালী মই কেতিয়াও লগ পোৱা নাছিলোঁ ৷ দীঘল চুলিটাৰিৰে তাইক দেখিবলৈ সৰগৰ অপ্সৰাৰ দৰে লাগিছিল ৷ তাইৰ হাঁহিটোৱে মোৰ হৃদয় চুই গৈছিল ৷ চকুৰ এটা মিঠা চাৱনিত ধৰাশায়ী হৈ পৰিছিলোঁ ৷ কবিৰ ভা...