বিশ্বৰ দুখন শ্ৰেষ্ঠ উপন্যাস আৰু সমকালীন চিন্তা

 


বিংশ শতিকাত  প্ৰকাশিত আৰু  সৰ্বকালৰ ১০০ খন শ্ৰেষ্ঠ উপন্যাসৰ ভিতৰত অন্তৰ্ভুক্ত  দুখন উপন্যাস হ’ল এলড’ছ হাক্সলেৰ “ব্ৰেভ নিউ ৱৰ্লড“ আৰু জৰ্জ অৰৱেলৰ “১৯৮৪“ ৷ দুয়োখন কিতাপত লেখকদ্বয়ে ভৱিষ্যৎ পৃথিৱীৰ সমাজখন প্ৰতিফলিত কৰিছে ৷  “ব্ৰেভ নিউ ৱৰ্লড“  উপন্যাসখন এলড’ছ হাক্সলে লিখিছিল ১৯৩১ চনত আৰু প্ৰকাশ হৈছিল ১৯৩২ চনত ৷ কিতাপখনত প্ৰায় ৬০০ বছৰৰ পৰৱৰ্তী কাল অৰ্থাৎ ২৫৪০ চনৰ সমাজখনৰ চিত্ৰ প্ৰতিফলিত কৰিছে ৷ আনহাতে  “১৯৮৪“ উপন্যাসখন জৰ্জ অৰৱেলে লিখিছিল ১৯৪6-১৯৪৮  চনৰ ভিতৰত আৰু প্ৰকাশ পালে ১৯৪৯ চনত ৷  কিতাপখনত লেখকে ৩৫ বছৰৰ পৰৱৰ্তী কাল অৰ্থাৎ ১৯৮৪ চনৰ সমাজখনৰ ছবি দেখুৱাবলৈ বিচাৰিছে ৷ দুয়োখন কিতাপৰ মাজত বহুতো মিল আছে ৷ আনকি দুয়োজন লেখকৰ ভাৰতবৰ্ষৰ লগত এটা নিবিড় সম্পৰ্ক আছিল ৷  

এলড’ছ হাক্সলেৰ জন্ম হৈছিল ইংলেণ্ডত ১৮৯৪ চনত ৷ ১৯৩১ চনত তেওঁ যেতিয়া ফৰাচী দেশত আছিল তেতিয়াই “ব্ৰেভ নিউ ৱৰ্লড“ উপন্যাসখন লিখা সম্পূৰ্ণ কৰে ৷ উপন্যাসখন বিশ্বৰ সকলো সাহিত্যপ্ৰেমীয়ে  আঁকোৱালি লয় ৷  মডাৰ্ণ লাইব্ৰেৰীয়ে এই কিতাপখন বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ১০০ খন কিতাপৰ ভিতৰত পঞ্চম স্থানত ৰাখিছে ৷ উপন্যাসৰ কাহিনীৰ পটভূমি হ’ল ২৫৪০ চনৰ লণ্ডন চহৰ ৷ লেখকৰ কল্পনা ৰাজ্যত দেখিবলৈ পোৱা যায় ভবিষ্যৎ সমাজত বংশবৃদ্ধিত উন্নত প্ৰযুক্তিৰ প্ৰয়োগ, নিদ্ৰামগ্ন অৱস্থাত জ্ঞান দিব পৰা বৈজ্ঞানিক ব্যৱস্থা, মানুহৰ মনস্তত্ব সলনি কৰিব পৰা ঔষধ ইত্যাদি বহুতো প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ ৷ ১৯৩৭ চনত তেওঁ আমেৰিকাত বাস কৰিবলৈ লয়  আৰু তাতে তেওঁ গীতা, উপনিষদ পঢ়িবলৈ লয় ৷ ভাৰতীয় দৰ্শনে তেওঁক এনেদৰে মুগ্ধ কৰে যে ভাৰতীয় দার্শনিকৰামকৃষ্ণ সংঘৰ ধর্মগুৰু স্বামী প্রভৱানন্দৰ শিষ্যত্ব গ্ৰহণ কৰে ৷  

      জর্জ অৰৱেলৰ পিতৃ-মাতৃ আছিল ব্ৰিটিছ আৰু তেওঁৰ জন্ম ১৯০৩ খ্রীষ্টাব্দত বিহাৰৰ মতিহাৰি চহৰত হৈছিল।  তিনি বছৰ বয়সত তেওঁ মাকৰ লগত ইংলেণ্ডলৈ যায় আৰু তাতে শিক্ষা গ্ৰহণ কৰে ৷ শিক্ষা সমাপ্ত কৰি তেওঁ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি  ব্রহ্মদেশলৈ আহে (তেতিয়া ভাৰতৰ এখন ৰাজ্য আছিল) ৷ কিন্তু ব্ৰিটিছৰ দমন আৰু শোষণ নীতিক সমৰ্থন কৰিব নোৱাৰি  মাত্র পাঁচ বছৰ চাকৰি কৰি ইস্তফা দিয়ে। অৰৱেল নিজে বামপন্থী আছিল; কিন্তু তেওঁ ছোভিয়েত ৰাছিয়াত ঘটি থকা ষ্টেলিনৰ স্বৈৰচাৰী শাসনক সহজ ভাবে ল’ব পৰা নাছিল ৷ তাৰেই পৰিণতি হয়তো তেওঁৰ জনপ্ৰিয় ৰাজনৈতিক উপন্যাস “১৯৮৪“ ৷ তেওঁ টোটেলিটেৰিয়ান ৰাষ্ট্র-ব্যৱস্থাত জনসাধাৰণৰ ব্যক্তি স্বাধীনতা নথকা সমাজ এখনক দেখুৱাইছে ৷ উপন্যাসৰ জৰিয়তে তেওঁ সাৱধান কৰিব বিচাৰিছিল যে আমাৰ শাসন ব্যৱস্থা এনেদৰে গতি কৰিলে এদিন জনসাধাৰণৰ ব্যক্তি স্বাধীনতা আৰু সামাজিক মৰ্যাদা বিপন্ন হ’ব । লেখকে এইটোও বুজি পাইছিল যে ভৱিষ্যতে বুদ্ধিজীৱী আৰু প্ৰচাৰ মাধ্যমৰ কোনো এজনো নিৰপেক্ষ হৈ কাম নকৰিব ৷ শাসক বা বিৰোধী , কোনো এটা পক্ষ তেওঁ ল’বলৈ বাধ্য হ’ব ৷

     দুয়োখন উপন্যাসত স্বৈৰচাৰী চৰকাৰে জনসাধাৰণৰ ওপৰত চলোৱা শোষণ আৰু দমন নীতিৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন কৌশলৰ কথা পঢ়িবলৈ পাওঁ ৷ “ব্ৰেভ নিউ ৱৰ্লড“ত  বৈজ্ঞানিক পদ্ধতিত মানুহৰ মনস্তত্ব সলনি কৰা কৌশল, নিদ্ৰামগ্ন  অৱস্থাত মানুহক চৰকাৰে বিচৰা প্ৰপাগণ্ডা মূৰত সুমুৱাই দিয়া প্ৰযুক্তিৰ প্ৰয়োগ কৰা হয় ৷ স্বামী-স্ত্ৰীৰ মিলনত নহয় টেষ্ট-টিউবত সন্তান জন্ম দিয়া হয়, পাৰিবাৰিক বান্ধোন লুপ্ত কৰা হয় ৷ তেনেদৰে “১৯৮৪“ ত জনসাধাৰণক প্ৰতিটো স্থানতে নিৰীক্ষণ কৰি থকা হয় ৷ কিতাপখনৰ  এটা উল্লেখযোগ্য  উক্তি আছিল “বিগ ব্ৰাডাৰে তোমাক অহৰ্নিশে নিৰীক্ষণ কৰি আছে৷“ এই বাক্যশাৰী সকলো ৰাজহুৱা স্থান বা আৱাসগৃহত সকলোৱে দেখাপোৱাকৈ লিখি থৈছিল যাতে  জনসাধাৰণে চৰকাৰৰ বিৰূদ্ধাচৰণ কৰিবলৈ সাহস কৰিব  নোৱাৰে ৷ উপন্যাস দুখনত কৌশল সমূহ প্ৰয়োগ কৰিছিল সাধাৰণ জনতাৰ ব্যক্তি স্বাধীনতা লোপ পাবৰ বাবে, চৰকাৰে বিচৰা ধৰণে জনসাধাৰণৰ চিন্তা-চৰ্চাৰ ওপৰত প্ৰভাৱ পেলাবলৈ ৷

     দুয়োখন উপন্যাসতে জনসাধাৰণৰ পৰা প্ৰকৃত জ্ঞান আৰু প্ৰজ্ঞা প্ৰাপ্তিৰ পৰা বাধা দিয়া হৈছিল ৷ কাৰণ অজ্ঞানতাই হ’ল শাসক শ্ৰেণীৰ শক্তি ৷ যিমান দিনলৈ জনসাধাৰণৰ চিন্তা শক্তি কমাই ৰাখিব পাৰে সিমান দিনলৈ শাসক শ্ৰেণী নিসংকোচে শাসনৰ গাদীত বহি থাকিব পাৰে ৷ জৰ্জ অৰৱেলে অংকিত কৰা টোটেলিটেৰিয়ান চৰকাৰত বিৰোধীৰ স্থান নাই, সকলো বিৰোধী দলৰ লোকক নিজৰ আয়ত্তলৈ আনিব নহ’লে নি:শেষ কৰিব ৷ তেনেদৰেই “ব্ৰেভ নিউ ৱৰ্লড“ত জনসাধাৰণক বাস্তৱৰ পৰা আঁতৰাই ৰাখিবলৈ চোমা নামৰ ৰাসায়নিক দ্ৰব্য খাবলৈ দিয়ে যাৰ ফলত সকলোৱে এক সুখানুভূতি অনুভৱ কৰে ৷ কোনেও নিজৰ সত্তা, স্বাধীনতাৰ বাবে বিদ্ৰোহ কৰিবলৈ আগবাঢ়ি নাযায় ৷ মানুহবোৰক একোটা যন্ত্ৰলৈ পৰিৱৰ্তন কৰা হয় ৷  

    এলড’ছ হাক্সলে আৰু জৰ্জ অৰৱেলে ভৱিষ্যৎ পৃথিৱীৰ যি দুখন ছবি দাঙি ধৰিছে তাৰ দ্বাৰা জনসাধাৰণক ভৱিষ্যতৰ বাবে সাৱধান কৰিবলৈ বিচাৰিছিল৷ তেওঁলোকে তেতিয়াই ভাবিছিল যে শাসকশ্ৰেণীয়ে সময়ৰ লগত শোষণ আৰু দমন নীতিৰ  কৌশল সলনি কৰি নিজৰ গাদী সুৰক্ষিত কৰিব ৷ একৈশ শতিকাৰ প্ৰথম ভাগত আমি চাওঁচোন বিশ্বৰ কিমানখন দেশত ব্যক্তি স্বাধীনতা সুৰক্ষিত ৷ আমাৰ প্ৰত্যেকৰে এনে অনুভৱ নহয়নে যে বিগ ব্ৰাডাৰৰ দৰে কোনোবাই আমাক নিৰীক্ষণ কৰি আছে অহৰ্নিশে ৷ শাসক শ্ৰেণীৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদৰ চেষ্টা কৰিলে আমাৰ ওপৰত চিবিআই, এনফোৰ্চমেণ্ট ডাইৰেক্তৰেট, পুলিচ প্ৰশাসন, চোৰাংচোৱা আদি জাপি নিদিব নে? পেগাছাচৰ নিচিনা অদৃশ্য অস্ত্ৰ এৰি দিব অকল আমাক প্ৰতি পল নিৰীক্ষণ কৰিবলৈ৷ আমি দেখি আহিছোঁ ফেচবুক, ৱাট্চএপত বিভিন্ন ভুল তথ্য সম্বলিত কাহিনীৰ বহূল প্ৰচাৰ চলাই সঁচা ঘটনাক বিকৃত কৰি  নিজৰ দলৰ, নিজৰ শাসনৰ প্ৰপাগণ্ডা আমাৰ মূৰত সুমুৱাই দিয়া ৷ শিক্ষিত-অশিক্ষিত সকলোৱে তাকেই গো-গ্ৰাসে গিলি (“ব্ৰেভ নিউ ৱৰ্লড“ ত উল্লেখ থকা চোমা ৰাসায়নিক দ্ৰব্য গিলা দি) কাল্পনিক পৃথিৱীত বাস কৰি আছোঁ ৷ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ হৈ গৈছে বহু পৰিমাণে ৷ অনুভৱ হয় লেখকদ্বয়ৰ ভৱিষ্যৎ সমাজৰ ছবি যেন আজি বাস্তৱত প্ৰতিফলিত হবলৈ গৈছে ৷

    লেখকদ্বয়ৰ লেখাৰ সফলতা নিৰ্ভৰ কৰিছে জনসাধাৰণৰ সজাগতা আৰু সচেতনতাৰ ওপৰত৷ আমাৰ সকলোৰে মানব সত্তা আৰু ব্যক্তি স্বাধীনতা যাতে খৰ্ব নহয়, বিগ ব্ৰাডাৰে যাতে আমাক নিৰীক্ষণ কৰি থাকিব নোৱাৰে, আমাৰ প্ৰতিবাদী কণ্ঠ যেন ৰূদ্ধ নহয় তাৰ বাবে সদা সতৰ্ক আৰু সচেতন হ’ব লাগিব৷

(দৈনিক অগ্ৰদূতৰ আজিৰ সংখ্যাত প্ৰকাশিত)  

Comments

  1. চিন্তাৰ খোৰাক যোগাবলৈ লিখনিটো এক উৎকৃষ্ট সম্বল ।

    ReplyDelete
  2. অতি সুন্দৰ । সচাকৈয়ে বাস্তবধৰ্মী লিখনি।👌👌

    ReplyDelete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা