সাংবাদিকাতৰ উৰ্দ্ধত মানৱতা
স্বাধীনতোত্তৰ
ভাৰতৰ আটাইতকৈ অন্ধকাৰ আৰু দুৰ্ভাগ্যজনক সময় আছিল জৰুৰীকালীন সময়ছোৱা ৷ বিৰোধীৰ কণ্ঠৰুদ্ধ
কৰিবলৈ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা সম্পূৰ্ণৰূপে খৰ্ব কৰিবলৈ তদানীন্তন চৰকাৰখনে ক্ষমতাৰ
অপব্যৱহাৰ কৰিছিল ৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অস্তিত্ব বিপদাপন্ন কৰিবলৈ চেষ্টা চলাইছিল
৷ এতিয়াও মনত পৰে কেইবাটাও উকা পৃষ্ঠাৰে প্ৰকাশিত বাতৰি কাকতখন হাততলৈ চকু পানী ওলোৱা
অৱস্থাৰ কথা ৷ সংবাদ মাধ্যমৰ প্ৰতি তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰোপিত
কৰা নিষেধাজ্ঞাক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ‘দ্য আছাম ট্ৰিবিউন’
কাকতৰ মহাৰজত জয়ন্তীত অংশগ্ৰহণ কৰি কৈছিল – “আমি যেতিয়া উশাহ লৈ থাকোঁ, তেতিয়া ইয়াৰ
মূল্য বুজি নাপাওঁ ৷ কিন্তু খন্তেক সময়ৰ বাবে উশাহ বন্ধ হ’লে
দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লেহে উশাহৰ মূল্য
বুজি পাওঁ ৷ ঠিক তেনেদৰে ২১ মাহৰ জৰুৰীকালীন অৱস্থাতহে জনসাধাৰণে সংবাদ মাধ্যমৰ গুৰুত্ব
আৰু প্ৰয়োজনীয়তাৰ বিষয়ে উমান পালে ৷“ গণতন্ত্ৰক জীয়াই ৰখাৰ বাবে সংবাদ মাধ্যমৰ স্বাধীনতা
কিমান প্ৰয়োজন তাক বেলেগকৈ বুজোৱাৰ আৱশ্যক নাই ৷
ভাৰতবৰ্ষত
সাংবাদ সেৱাৰ এক গৌৰৱোজ্বল ইতিহাস আছে ৷ মহাভাৰতৰ সঞ্জয়ক হয়তো ভাৰতৰ প্ৰথমজন সাংবাদিক
ৰূপে আখ্যা দিব পাৰি, দিব্য চক্ষুৰ দ্বাৰা কুৰুক্ষেত্ৰত ঘটি থকা প্ৰতিটো ঘটনাৰ বিৱৰণ
ৰজা ধৃতৰাষ্ট্ৰক দিছিল সম্পূৰ্ণ নিৰপেক্ষ ভাবে ৷ ভাৰতবৰ্ষত প্ৰথম বাতৰি কাকত বৃটিছ
সকলে প্ৰকাশ কৰিছিল ১৭৮০ চনত ৷ ভাৰতীয় লোকৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন বাতৰি কাকত বেঙ্গল
গেজেট প্ৰকাশ হয় ১৮১৬ চনত ৷ সেই সময়ৰ পৰাই সংবাদ মাধ্যমে দৃঢ় কণ্ঠেৰে জনতাৰ হকে মাত
মাতি আহিছে ৷ সমাজত দেখা দিয়া প্ৰতিটো অনিয়ম, দুৰ্নীতি, অপৰাধৰ বিৰূদ্ধে মাত মাতিছে
৷ ১৯৮৭ চনত দা হিন্দু বাতৰি কাকতত প্ৰকাশিত ব’ফৰ্চ
কেলেংকাৰীৰ কাহিনী আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, যাৰ বাবে ৰাজীৱ গান্ধী নেতৃত্বাধীন
চৰকাৰখনে ১৯৮৯ চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিব
লগীয়া হয় ৷ ২০০১ চনত “তেহেলকা“ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
কেলেংকাৰী, ২০১০ চনৰ ২জি কেলেংকাৰী ইত্যাদি অলেখ ঘটনাত সাংবাদিক সকলৰ নিৰপেক্ষ আৰু
সাহসী ভূমিকাৰ কথা মনলৈ আহে ৷ প্ৰতিনিয়ত দেখি থকা সেই সাহসী সাংবাদিক সকলে নিজৰ জীৱনকলৈ
হেতালি খেলি সত্যনিষ্ঠ সংবাদ পৰিৱেশণ কৰি চৰকাৰৰ ৰোষৰ সন্মুখীন হোৱা আনকি মৃত্যু মুখত
পৰিব লগীয়া হোৱা কাহিনীবোৰৰ উল্লেখ নিষ্প্ৰয়োজন ৷
সাংবাদিকতা এক কঠিন আৰু মহান বৃত্তি ৷ সাংবাদিক
সকলক সমাজৰ সকলোৱে অতি সন্মান সহকাৰে চায় ৷ অকল দেশ বা জাতিৰ মাজত সীমাবদ্ধ নাথাকি
বিশ্বৰ উন্নয়ন, শান্তি আৰু প্ৰগতিৰ বাবে সাংবাদিকতাৰ অগ্ৰণী ভূমিকা সকলো দেশতে স্বীকৃত
৷ জনসাধাৰণৰ এই মহান বৃত্তিৰ প্ৰতি প্ৰগাঢ় আস্থা আৰু বিশ্বাস আছে ৷ মানৱতাৰ অতন্দ্ৰ
প্ৰহৰী সাংবাদিকসকল দেশ আৰু জাতিৰ শেষ ভৰষা ৷ নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত সাংবাদিকতা,
সংবাদ জগতৰ মূলমন্ত্ৰ ৷ দা মান্সেষ্টাৰ গাৰ্ডিয়ান বাতৰি কাকতৰ প্ৰসিদ্ধ সম্পাদক চি
পি স্কটে সাংবাদিকতাক মাত্ৰ পাচটা শব্দৰে বৰ্ণনা কৰিছিল “সত্য, পৱিত্ৰ কিন্তু মতামত
মুক্ত ৷“ সাংবাদিকতা কেৱল জীৱিকাৰ এক মাধ্যম নহয়, ই দেশ-জাতি আৰু মানৱতাৰ কল্যাণৰ বাবে
উৎসৰ্গীত সেৱাৰ এক মাধ্যম বুলি বিবেচিত হয় ৷ মানৱতা আৰু সাংবাদিকতা যেতিয়া একেলগে বিপৰীত
দিশত অৱস্থান কৰে তেতিয়া মানৱতাই হে আগস্থান পায়৷ এইখিনিতে সাংবাদিকতাৰ লগত জড়িত দুটা
কাহিনী উল্লেখ কৰিবলৈ ওলাইছোঁ ৷
১৯৯৪
চনত পুলিৎজাৰ বঁটাপ্ৰাপ্ত এখন আলোকচিত্ৰই গোটেই বিশ্বত আলোঢ়নৰ সৃষ্টি কৰিছিল ৷ শুকাই-খীনাই
হাড়-ছাল লাগি ভাগৰত বহি থকা এটি কণমান শিশু আৰু সন্মুখত শিশুটিৰ মৃত্যুৰ অপেক্ষাত ৰৈ
থকা এটা শগুণ – এক হৃদয়বিদাৰক দৃশ্য ৷ আলোকচিত্ৰখন তুলিছিল কেভিন কাৰ্টাৰ নামৰ সাংবাদিক
এজনে ৷ এই সাংবাদিকজনে ১৯৯৩ চনত দক্ষিণ ছুদানত ভয়ানক দুৰ্ভিক্ষ চলি থকা সময়ত বাতৰি
পৰিৱেষণৰ বাবে গৈছিল ৷ কাৰ্টাৰে আলোকচিত্ৰ লৈ শগুণটো খেদিবলৈ চেষ্টা কৰিলে যাতে শিশুটি
ওচৰৰ সহায়ক কেন্দ্ৰলৈ খোজকাঢ়ি যাব পাৰে ৷ কিন্তু কেন্দ্ৰ গৈ পালে নে নাই তাক নিশ্চিত
নকৰি সেই স্থান পৰিত্যাগ কৰে ৷ পুলিৎজাৰ বঁটা লাভ কৰাৰ পিছত কাৰ্টাৰ কঠোৰ সমালোচনাৰ
সন্মুখীন হয় ৷ প্ৰশ্ন উঠিছিল তেওঁৰ প্ৰথম কৰ্তব্য কি হোৱা উচিত আছিল, শিশুটিক ৰক্ষা
কৰা নে পুৰস্কাৰ লাভৰ বাবে আলোকচিত্ৰ লোৱা ৷ আনকি তেওঁক এনেকৈও ভৰ্ৎসনা কৰা হৈছিল যে
শিশুটিৰ ওচৰত তেতিয়া এটা নহয় দুটা শগুণ আছিল, দ্বিতীয়জন কাৰ্টাৰ নিজে ৷ মানৱীয় মূল্যবোধক
সেইমুহূৰ্তত আগ স্থান নিদিয়াৰ বাবেই মানসিক অন্তৰ্দ্বন্দত ভুগি বঁটা গ্ৰহণ কৰাৰ চাৰিমাহ
পিছত তেওঁ আত্মহত্যা কৰে ৷
উপৰোক্ত ঘটনাৰ প্ৰায় ২৪ বছৰ পিছত অৰ্থাৎ ২০১৭ চনত
গৃহযুদ্ধত আক্ৰান্ত ছিৰিয়া দেশৰ সংবাদসেৱাৰ এটা ঘটনা সকলো প্ৰচাৰ মাধ্যমৰ শিৰোনাম দখল
কৰে ৷ আলকাদেৰ হাবাক নামৰ সাংবাদিক তথা আলোকচিত্ৰ সংগ্ৰহকাৰী এজনে খবৰ পায় যে ছিৰিয়াৰ
এখন গাঁৱত গাড়ীৰ কনভয়ৰ ওপৰত ধাৰাষাৰ বোমা আক্ৰমণ সংঘটিত হয় ৷ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত
প্ৰকাশৰ বাবে আলোকচিত্ৰ ল’বলৈ লগে লগে তেওঁ
গাঁও খনত উপস্থিত হয় ৷ কেমেৰাৰ বেগ খুলি থাকোঁতেই এক মৰ্মান্তিক দৃশ্য দেখি হাবাক হতহাক
হৈ পৰে৷ এখন শিশু ভৰ্তী বাছ জুইৰ লেলিহান শিখাই গ্ৰাস কৰিবলৈ লৈছে আৰু শিশুসকলে সহায়ৰ
বাবে চিঞৰি-চিঞৰি মাতিছে ৷ এই দৃশ্য দেখি হাবাকৰ অন্তৰাত্মা কান্দি উঠে, অকনো পলম নকৰি
কেমেৰা গলত ওলোমাই লৈ আলোকচিত্ৰ লোৱাৰ সলনি জুইৰ মাজৰ পৰা শিশুটিক উদ্ধাৰ কৰি কোলাত
লৈ দৌৰি দৌৰি নিৰাপদ দূৰত্বত থয় ৷ পুনৰ জ্বলি থকা বাছ খনলৈ আহি আন এটি শিশুক উদ্ধাৰ
কৰে ৷ শেষ মুহূৰ্তলৈকে হাবাকে উদ্ধাৰ অভিযান চলাই থাকিল ৷ হাবাকে হয়টো কাৰ্টাৰৰ দৰে
সাংবাদিকতাৰ দায়িত্ব পালন কৰি অকল আলোকচিত্ৰ লৈ উভতি আহি ভাল পুৰস্কাৰ এটা ল’ব
পাৰিলে হেঁতেন ৷ কিন্তু তেওঁ সাংবাদিকতাৰ ওপৰত মানৱতাক স্থান দিলে ৷ সেয়েহে বহু কেইজন
শিশুৰ জীৱন ৰক্ষা পৰিল ৷
ভাল কামৰ ফলাফল সদায় ভালেই হয় ৷ আলকাদেৰ হাবাকক আচৰিত
কৰি ঘটনাৰ পিছদিনাই গোটেই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত কোলাত শিশুলৈ দৌৰি থকা
হাবাকৰ আলোকচিত্ৰৰ বহুল প্ৰচাৰ হ’ল আৰু বিশ্বৰ বিভিন্ন
সংগঠনে তেওঁক সম্বৰ্ধনাৰে ওপচাই পেলালে ৷ আজি গোটেই বিশ্বই আলকাদেৰ হাবাকৰ নিচিনা সাংবাদিক
বিচাৰে যি মানৱতাৰ উংকৃষ্ট নিদৰ্শন দেখুৱাই প্ৰেম আৰু ভাতৃত্বৰ এনাজৰীৰে বিশ্ববাসীক
বান্ধ খুৱাই আগুৱাই লৈ যাব পাৰে ৷
(’গ্ৰণ্ঠ সুবাস“ ৱাট্চ এপ গ্ৰুপত প্ৰকাশিত)
Comments
Post a Comment