কিমান সুৰক্ষিত ডিজিটেল ভাৰত
ইণ্টাৰনেটৰ প্ৰয়োগ
বিশ্বত এনেদৰে বৃদ্ধি পাইছে যে আজি সমগ্ৰ বিশ্ব এখন গাঁৱলৈ পৰিৱৰ্তিত হৈছে ৷ সৰ্বাধিক
ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশৰ ভিতৰত ৮৫ কোটিৰে
চীনদেশ প্ৰথম স্থানত আৰু ৫৬ কোটিৰে ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে ৷ ডিজিটেল ভাৰতবৰ্ষৰ
অধীনত অনলাইন মাধ্যমত কাম-কাজ, টকাৰ আদান প্ৰদান ইত্যাদিৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে
দেশত চাইবাৰ অপৰাধৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড
ব্যুৰ’ৰ সমীক্ষাত দেখা গৈছে যে ২০১০ চনত ভাৰতত
৯৬৬ টা চাইবাৰ অপৰাধৰ ঘটনা পঞ্জিয়ন ভুক্ত হোৱাৰ
বিপৰীতে ২০১৯ চনত এই সংখ্যা ৪৪,৫৪৬ লৈ বৃদ্ধি
পায় ৷
প্ৰায় সকলোৱে দিনটোত এবাৰ হ’লেও এই চাইবাৰ
অপৰাধৰ পাকচক্ৰত পৰে ৷ প্ৰচাৰ মাধ্যম বা ভুক্তভোগীৰ পৰা শুনি এই অপৰাধী চক্ৰৰ কৌশল
সমূহ সকলোৰে জ্ঞাত হোৱাৰ পিছতো কোনো অসতৰ্ক মুহূৰ্তত মানুহে ভুল কৰি পেলায় আৰু নিজৰ
সাঁচতীয়া ধন হেৰুৱাব লগীয়া হয় ৷ এটা সমীক্ষা অনুযায়ী যোৱা বছৰত ভাৰতীয় জনসাধাৰণে ১০,০০০
কোটি টকা চাইবাৰ অপৰাধৰ বাবে হেৰুৱাব লগীয়া হয় ৷ ই নিশ্চয়কৈ এক চিন্তনীয় বিষয় ৷ নেটফ্লিক্সত
দেখুওৱা এখন জনপ্ৰিয় চিৰিয়েলৰ নাম হ’ল “জামতাৰা“ ৷ ঝাড়খণ্ড ৰাজ্যৰ জামতাৰা নামৰ জিলাখনৰ
ল’ৰা ছোৱালীয়ে কেনেকৈ চাইবাৰ অপৰাধ সংঘটিত কৰে তাৰ ওপৰতে এই ধাৰাবাহিক খন ৷ আপোনাৰ
ডেবিট কাৰ্ড ব্লক কৰা হৈছে, বেঙ্ক একাউন্ট বন্ধ কৰা হৈছে, তাৰবাবে আপোনাৰ কাৰ্ডৰ নম্বৰ,
মোবাইলত মেছেজ কৰা চাৰিটা সংখ্যাৰ ওটিপি বিচাৰিব
৷ সকলোবোৰ দিয়াৰ পিছত খবৰ পাব আপোনাৰ একাউণ্টৰ পৰা হেজাৰ টকা লৈ গ’ল ৷ কোটি
টকাৰ পুৰস্কাৰৰ লোভ দি, চাকৰি দিয়া বা মোবাইল
টাৱাৰ স্থাপন কৰাৰ নামত টকা আত্মস্যাৎ কৰা ইত্যাদি আছেই ৷ এটিএম ক্লনিং ডিভাইচৰ দ্বাৰা
যিকোনো মানুহৰ ডেবিট কাৰ্ড ক্লনিঙ কৰি এটিএম ৰ পৰা টকা লুণ্ঠন কৰা প্ৰায়ে দেখি আহিছোঁ
৷
ফিছিঙ হ’ল ধন
আত্মসাৎ কৰা অন্য এক সহজ পন্থা ৷ ইণ্টাৰনেট মাধ্যমত প্ৰতাৰণাৰে জনসাধাৰণৰ পৰা ব্যক্তিগত
তথ্য, ব্যৱহাৰকাৰীৰ নাম, পাছৱৰ্ড , ক্ৰেডিট বা ডেবিট কাৰ্ডৰ তথ্য ইত্যাদি সংগ্ৰহ কৰাকে
ফিছিঙ বুলি কয় ৷ নিজৰ মেইলবক্স খুলিলে প্ৰায়ে এক ধৰণৰ মেইল দেখা যায় য’ত লিখা থাকে "to restore
access to your bank account ...".৷ সাধাৰণ ভাবে কোনোবাই যদি লিংকটো ক্লিক কৰে
সঁচাযেন লগা নিজৰ বেঙ্কৰ ৱেবপেজ দেখা পাব ৷ একাউণ্ট খুলিবলৈ ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্ড লিখাৰ
লগে লগে অপৰাধীৰ হাতত সকলো তথ্য হস্তগত হয় ৷ অপৰাধীয়ে সেই একাউণ্টৰ পৰা লগে লগে লাখ
লাখ টকা উধাও কৰি লৈ যায় ৷ ফিছিঙৰ অন্য এটা
উদাহৰণ হ’ল ৱেবচাইটৰ লিংক সামান্য পৰিৱৰ্তন কৰি মানুহক ঠগোৱা ৷ উদাহৰণ স্বৰূপে
‘www.facebook.com’ৰ পৰিবৰ্তে' www.faceboook.com' বা ‘www.onlinesbi.com’ ৰ পৰিবৰ্তে
www.onlinsbi.com’ লিখা লিংকৰ জৰিয়তে অপৰাধীয়ে ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্ড চুৰি কৰি
বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰে ৷
হেকিঙৰ দ্বাৰা
এজন ব্যক্তিয়ে কোনো প্ৰতিষ্ঠানৰ কম্পিউটাৰ নেটৱৰ্কত অবৈধ ভাবে প্ৰৱেশ কৰি কম্পিউটাৰত
থকা গোপন তথ্যসমূহ চুৰি কৰে, অথবা মূল্যবান
তথ্য সমূহ নষ্ট কৰি দিয়ে ৷ হেকাৰে নেটৱৰ্ক ব্যৱস্থাটোত ভাইৰাচেৰে আক্ৰমণ ঘটাই
কম্পিউটাৰ নেটৱৰ্কৰ লগত জড়িত সকলোখিনি ধ্বংস কৰিবলৈ চেষ্টা কৰে ৷ প্ৰতিবছৰে হেকিঙৰ
দ্বাৰা দেশৰ বা ব্যক্তিগত প্ৰতিষ্ঠান সমূহৰ আৰ্থিকভাবে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈ আহিছে ৷ এই অপৰাধী সকলক Black hat hacker বুলিও কয় ৷
এথিকেল হেকিঙ
আকৌ ভাল কামত হে ব্যৱহাৰ হয় ৷ কোনো প্ৰতিষ্ঠানে তেওঁলোকৰ কম্পিউটাৰ নেটৱৰ্কৰ সুৰক্ষা
ব্যৱস্থাত কি কি সুৰুঙা আছে তাক চাবলৈ এথিকেল হেকাৰক উচিত মূল্য দি পৰীক্ষা কৰিবলৈ
দিয়ে ৷ তেওঁলোকে এই আঁসোৱাহ সমূহ দূৰ কৰি কম্পিউটাৰ নেটৱৰ্কক সঠিক সুৰক্ষা প্ৰদান কৰে
৷ এই চফ্টৱেৰ বিশেষজ্ঞ সকলক White hat
hacker বুলিও কয় ৷ এথিকেল হেকিঙ বৰ্তমান এটা লোভনীয় বৃত্তি ৷
ইণ্টাৰনেট ডাটা সহজলভ্য হোৱাৰ লগে লগে সামাজিক যোগাযোগৰ
মাধ্যম ফেছবুক, ৱাট্চএপৰ ব্যৱহাৰ সাধাৰণ মানুহৰ মাজত অধিক জনপ্ৰিয় হৈছে ৷ তাৰ লগে লগে চাইবাৰ অপৰাধও বৃদ্ধি পাইছে ৷ চাইবাৰ
বুলিং হ’ল এনেধৰণৰ অপৰাধ যাৰ দ্বাৰা কোনো বিশেষ ব্যক্তি বা প্ৰতিষ্ঠানক টকাৰ বিনিময়ত
সামাজিক মাধ্যমত হেয় প্ৰতিপন্ন কৰা, অপমান বা অপযশ ৰটনা কৰা হয় ৷ কেইবছৰ মানৰ পৰা ফেছবুক, ৱাট্চএপৰ জৰিয়তে ব্লেকমেইলিঙৰ ঘটনা
অনেক বৃদ্ধি হৈছে ৷ কোনো সুন্দৰী নাৰী প্ৰথমে
বন্ধুত্বৰ প্ৰস্তাৱ দিয়ে, প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে মেছেঞ্জাৰত কথা পাতিবলৈ
আৰম্ভ কৰে ৷ প্ৰথমে অন্তৰঙ্গ হ’বলৈ চেষ্টা কৰে ৷ তাৰ পিছত ৱাট্চএপ নম্বৰ লৈ কথাৰ মাজতে ভিডিও কল কৰে ৷ লাহে
লাহে সেই সুন্দৰী নাৰী এখন এখনকৈ নিজৰ বস্ত্ৰ খুলি যায় আৰু ভুক্তভোগীকো কাপোৰ খুলিবলৈ
অনুৰোধ জনায় ৷ সকলোখিনি ৰেকৰ্ড কৰি পিছদিনা তেওঁলৈ সেই সুন্দৰীয়ে বা আনেকোনোবাই ৱাট্চএপত
এটা ভিডিও পঠিয়াব ৷ তাৰ পিছত ব্লেকমেইলিঙ আৰম্ভ ৷ বিদেশৰ সুন্দৰী নাৰীয়ে অন্য এটা পন্থা
ব্যৱহাৰ কৰে ৷ কিছুদিন কথা পতাৰ পিছত ভুক্তভোগীলৈ বন্ধুত্বৰ প্ৰতিদান স্বৰূপে বিদেশৰ
পৰা এটা মূল্যবান উপহাৰ পঠোৱা বুলি ক’ব ৷ তাৰ পিছত কাষ্টম বিভাগে সেই উপহাৰ খুলি তাত বিদেশী মুদ্ৰা উদ্ধাৰ কৰিব আৰু আপোনাক
গ্ৰেপ্তাৰ কৰিবলৈ ফোন কৰিব ৷ তাৰ পিছত একেই ব্লেকমেইলিঙৰ কাহিনী ৷ সদায় দেখি-শুনি থকা
ঘটনা, অথচ মানুহে সেই অপৰাধীৰ হাতত নিজে নিজেই ধৰা দিয়ে ৷
এই সকলো চাইবাৰ
অপৰাধৰ পৰা সহজ নিস্পত্তিৰ বাবে অপৰাধ অনুসন্ধান বিভাগ, অসমৰ মুখ্য কাৰ্যালয়ত চাইবাৰ
অপৰাধ কোষ গঠন কৰা হৈছে ৷ নিকটৱৰ্তী পুলিচ থানাত যিকোনো মানুহে চাইবাৰ অপৰাধৰ বাবে
এফআইআৰ দাখিল কৰিব পাৰে ৷ তদুপৰি অসম আৰক্ষীয়ে মুকলি কৰা এটা টোল ফ্ৰী নম্বৰ --১৫৫২৬০
ত কোনো ভুক্তভোগীয়ে ২৪ ঘণ্টাৰ ভিতৰত অভিযোগ
দাখিল কৰিলে, আৰক্ষীয়ে তাৎক্ষণিক ভাৱে সেইয়া ৰোধ কৰিব পাৰিব বুলি দাবী কৰিছে । এই টোল
ফ্ৰি নম্বৰটো এটা সৰ্বভাৰতীয় নম্বৰ আৰু ইয়াৰ লগত সকলো বেংক, বিত্তীয় অনুষ্ঠান জড়িত
আছে।
জনসাধাৰণে চাইবাৰ অপৰাধৰ বাবে সদা সতৰ্ক
হৈ থাকিলে আৰু সন্দেহজনক ফোনকল, মেছেজ, ইমেইল
বা বন্ধুত্বৰ প্ৰস্তাব অৱজ্ঞা কৰি চলিলেই অপৰাধৰ সংখ্যা ভালেখিনি কমি যাব ৷
(১৫ আগষ্টৰ সাদিন কাকতত প্ৰকাশিত)
বেছ তথ্য সমৃদ্ধ লিখনি । বৰ্দ্ধিত নিতিজেনৰ পৰিপ্ৰেক্ষিতত অসমীয়াত এনে আৰু বহু লিখনিৰ প্ৰয়োজন আছে ।
ReplyDelete