বিজ্ঞান বনাম ধৰ্মান্ধতা

 

ওঠৰ শতিকালৈ বিশ্বৰ অৰ্থনীতিৰ ৮০ শতাংশৰ অধিকাৰী আছিল এচিয়াৰ দেশ বোৰ অবিশ্বাস্য লেও সঁচা যে অকল চীন আৰু ভাৰবৰ্ষই বিশ্বৰ সকলো সম্পদৰ সৰ্বমূঠ ৭৫% গৰাকী আছিল ১৬ আৰু ১৭ শতিকাৰ ইউৰোপীয় দেশবোৰৰ অৰ্থনৈতিক দুৰৱস্থাৰ অন্যতম কাৰক আছিল কেথলিক আৰু প্ৰটেষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বছৰ-বছৰ ধৰি চলি থকা যুদ্ধ-বিগ্ৰহ সেইসময়ত ইউৰোপৰ জনসাধাৰণ  সম্পূৰ্ণ দুভাগ হৈ পৰিছিলকেথলিক  আৰু প্ৰটেষ্টান চন ১৬১৮ পৰা চন ১৬৪৮ লৈ ত্ৰিশ বছৰ ধৰি চলা যুদ্ধই সেই দেশবোৰক দুৰ্বল আৰু নিশকটীয়া কৰি তুলিছিল ইয়াৰ এক বছৰ পিছতে ইউৰোপীয় দেশবোৰৰ শক্তি বৃদ্ধি পাবলৈ ধৰে আৰু সেই দেশবোৰে চন ১৭৫০ পৰা চন ১৮৫০ ভিতৰত  এছিয়া মহাদেশৰ প্ৰায় সকলো দেশ অধিকাৰ কৰি লয় এছিয়াৰ সম্পদবোৰ নিজৰ অধীনলৈ আনে  অকল এছিয়াই নহয় ১৯০০ চনলৈ পৃথিৱীৰ প্ৰায় সকলো দেশ ইউৰোপীয় শক্তিয়ে নিজৰ  দখললৈ আনে

ইউৰোপীয় দেশবোৰৰ উত্থানৰ মূল মন্ত্ৰ বিজ্ঞান তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগত সৰ্বাংগ সুন্দৰ আধুনিক বিশ্বৰ বীজ ৰোপণ কৰিছিল পোন্ধৰ শতিকাত কপাৰনিকাছ আৰু ষোল শতিকাত  গেলিলিঅগেলিলিয়ে গেলিলিঅ কপাৰনিকাছৰ তথ্যসমূহ পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল সেইসময়ৰ খ্ৰীষ্টান ধৰ্মগুৰু সকলৰ ধৰ্মান্ধতাৰ পৰা আঁতৰি সাহসেৰে তেওঁ কৈছিল যে সূৰ্য নহয় পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে এই সত্যক জনসাধাৰণৰ আগত দেখুওৱাৰ বাবে  ধৰ্মগুৰু সকলে তেওঁক বিধৰ্মী আৰু দেশৰ শত্ৰু হিচাপে জ্ঞান কৰিলে দীৰ্ঘকালৰ বাবে তেওঁক কাৰাগাৰত নিক্ষেপ কৰি শাৰীৰিক আৰু মানসিক যন্ত্ৰণা জাপি দিয়ে ইয়াৰ ফলত তেওঁ কাৰাগাৰতে মৃত্যু বৰণ কৰিবলগীয়া হয়   গেলিলিঅগেলিলিৰ মৃত্যুই ইউৰোপত কেইবা হেজাৰ গেলিলিঅ জন্ম দিয়ে যিয়ে ধৰ্মীয় চিন্তাধাৰাৰ বাহিৰলৈ আহি বৈজ্ঞানিক দৃষ্টিৰে সকলো কথা, বস্তু চাবলৈ আৰম্ভ কৰে ইয়ে ইউৰোপৰ নৱজাগৰণৰ অন্যতম কাৰণ গেলিলিঅ পিছত জন্ম লোৱা আইজাক নিউটন, জেম্চ ৱাট, চাৰ্লচ ডাৰউইন, মেক্স প্লান্ক  আদিৰ দৰে মহান বৈজ্ঞানিক সকলে দি যোৱা বৈজ্ঞানিক অৱদান লগতে কলম্বাছৰ দৰে নাৱিক সকলৰ সাহসীক প্ৰচেষ্টাত বিভিন্ন নতুন দেশৰ আৱিস্কাৰে  ইউৰোপৰ শক্তি বৃদ্ধি পাবলৈ ধৰে

ইউৰোপৰ জনসাধাৰণৰ মাজত বৈজ্ঞানিক চিন্তা ধাৰাৰ আগমনৰ অন্য এটা কাৰণো আছে   ১৩৪৮ চনৰ পৰা ইউৰোপত প্লেগ মহামাৰীয়ে সংহাৰি ৰূপ লয়।  ইয়াৰ কিছুবছৰৰ ভিতৰতে ইউৰোপৰ জনসংখ্যাৰ এক তৃতীয়াংশ এই ৰোগত মৃত্যু বৰণ কৰিব লগীয়া হয় সেইসময়ত কেথলিক ধৰ্মৰ এটা প্ৰথা আছিল যে মৃত্যুৰ আগে আগে পাদুৰিয়ে ৰোগীৰ কাষত বহি ধৰ্মীয় নিয়ম কিছু পালন কৰিব লাগে। ইয়াৰ পৰাই  পাদুৰি সকলৰ গা লৈ সহজে বেমাৰৰ সংক্ৰমণ হয়  আৰু বেছি সংখ্যক  পাদুৰি মৃত্যুমুখত পৰে। গ্ৰীচ আৰু ৰোমান সভ্যতাৰ যিবিলাক মূল্যবান পাণ্ডুলিপি আলমাৰীত বন্ধহৈ পৰি আছিল, সাধাৰণ মানুহৰ বাবে দুষ্প্ৰাপ্য আছিল, সেইবোৰ সকলোৰে বাবে সহজলভ্য হৈ পৰে সকলো মানুহে পঢ়ি তাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ ধৰে ছপা যন্ত্ৰৰ আবিস্কাৰে গ্ৰন্থবোৰ আৰু সহজলভ্য কৰে ধৰ্মীয় আওঁতাৰ বাহিৰত আহি মানুহে নতুন ধৰণে  কথাবোৰ চিন্তা কৰিবলৈ শিকিলে। ইউৰোপৰ নৱজাগৰনৰ এটা অন্যতম কাৰণ

বিজ্ঞানৰ নতুন নতুন আৱিস্কাৰ সমূহৰ প্ৰয়োগত আৰু নতুন প্ৰযুক্তিৰ ফলত ইউৰোপৰ অৰ্থনীতি সমৃদ্ধিশালী হয় ইউৰোপৰ সামৰিক অভ্যুত্থানৰ মূলতে বৈজ্ঞানিক ভিত্তিত তৈয়াৰ কৰা সামৰিক অস্ত্ৰৰ প্ৰয়োগ যি সময়ত ভাৰত, চীনৰ সৈন্যই হাতত তৰোৱাল লৈ শত্ৰু পক্ষৰ লগত যুদ্ধ কৰিছিল, সেইসময়ত ইংৰাজৰ হাতত আছিল শাক্তিশালী বন্দুক   বন্দুকৰ আগত তৰোৱাল তিষ্ঠিব নোৱৰাৰ বাবেই ভাৰতবৰ্ষ ইংৰাজৰ দাসত্ব মানি বলৈ বাধ্য হয়

ওঠৰ শতিকাত ইউৰোপীয় দেশ বোৰৰ উত্থানৰ বিপৰিতে ভাৰতবৰ্ষত হেজাৰ বছৰ আগতেই শিক্ষা-দীক্ষাত পৃথিৱীৰ অন্যান্য দেশবোৰৰ ভিতৰত অতিকৈ আগবঢ়া আছিল খৃষ্টপূৰ্ব শতিকাত তক্ষশীলা শিক্ষাৰ প্ৰাণকেন্দ্ৰহৈ পৰে ইয়াত বিদগ্ধ পণ্ডিত সকলৰ দ্বাৰা ১৬ টা বিষয়ত শিক্ষা লাভ কৰিব পাৰিছিল তক্ষশীলাৰ পৰা ওলোৱা ছাত্ৰ বোৰৰ ভিতৰত চিকিৎসক জিভাকা, কৌটিল্য অন্যতম সাত শতিকাত ভাৰতবৰ্ষত শিক্ষা আৰু সংস্কৃতিৰ এখন পৃথিবী বিখ্যাত প্ৰতিষ্ঠান আছিল  বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়   চীনৰ পৰা অহা হিউয়েন-চাং শিক্ষা লাভৰ  অৰ্থে ইয়াতে কেবা বছৰো অতিবাহিত কৰিছিল তেখেতে লিখি যোৱা ভ্ৰমণ কাহিনীত দেখিবলৈ পাওঁ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা ক্ষেত্ৰত সেইসময়তে কিমান আগবঢ়া আছিল   বিভিন্ন দেশৰ পৰা বিদ্যাৰ্থী সকল ইয়াত বছৰ ধৰি থাকি জ্ঞান অৰ্জন কৰিছিল   কনৌজৰ ৰজা হর্ষবর্ধন (৬০৬-৬৪৭ খ্রি.) এই বিশ্ববিদ্যালয়ৰ এজন মূল পৃষ্ঠপোষক আছিল আন আন লেখতলবলগীয়া শিক্ষাৰ কেন্দ্ৰ আছিল বিক্ৰমশীলা, উজ্জয়িনী, বাৰাউনী ইত্যাদি ১১ শতিকা পৰা ইছলামিক শাসকৰ আগ্ৰাসনৰ লগে লগে ভাৰতবৰ্ষৰ এই শিক্ষা কেন্দ্ৰ সমূহ ধ্বংসৰ মুখত পৰে আৰু কালৰ সোঁতত হেৰাই যায় সেই  সময়ত আৰম্ভ হোৱা ভক্তি আন্দোলনে ভাৰতবৰ্ষৰ সনাতন ধৰ্মীয় লোক সকলক অধিক ধৰ্ম ভীৰু কৰি পেলায় বিজ্ঞানত কৈ ধৰ্মীয় চিন্তা চৰ্চাই প্ৰাধান্য পাবলৈ ধৰে এঘাৰ শতিকাৰ পৰা উনৈশ শতিকালৈ এই কাল চোৱা ভাৰতৰ শিক্ষা আৰু বিজ্ঞানৰ বাবে এক কলা অধ্যায় ৰূপে চিহ্নিত হৈ পৰে যাৰ বাবে ইংৰাজ সকলে অতি সহজে ভাৰতবৰ্ষক নিজৰ অধীনলৈ আনিব পাৰিলে

একৈশ শতিকাৰ উন্নত তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগত আৰু উদ্যোগীক বিকাশৰ জৰিয়তে আমি বহু দূৰ আগুৱাই গৈছো বুলি ভাবিলেও আমাৰ মাজত বিশেষকৈ ভাৰতবৰ্ষৰ দৰে দেশত মধ্যযুগীয়া ধৰ্মান্ধতা লোপ পোৱা নাই আজিও ৰাজনৈতিক নেতাই ভোটৰ আশাত ধৰ্মীয় মেৰুকৰণেৰে সমাজ খনক খণ্ড বিখণ্ড কৰিব পাৰে     স্বাধীনোত্তৰ কালত  শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়িলেও দেশৰ অৰ্থনীতি, প্ৰযুক্তি বিদ্যা, গৱেষণা আদি বিষয়ত দৃষ্টিকটু ভাবে পিছ পৰি আছো ইয়াৰ অন্যতম কাৰণ আমাৰ মাজত থকা ধৰ্মান্ধতা আৰু দুৰ্নীতি ভাৰতবৰ্ষৰ জনসাধাৰণ ধৰ্মীয় দৰ্শনেৰে অনুপ্ৰাণিত লে দুৰ্নীতিয়ে আমাৰ সমাজত ইমান দূৰলৈ শিপাব নোৱাৰিলে হেঁতেন আমি দৰাচলতে একো একোজন ধৰ্মান্ধহে, ধাৰ্মীক নহয়  

বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ জনসংখ্যাৰ ৮০% ওপৰৰ লোক মুছলমান সম্প্ৰদায়ৰ ইয়াৰ ভিতৰত যি কেইখন দেশৰ মুছলমান সকল ধৰ্মনিৰপেক্ষ আৰু ধৰ্মান্ধতা নাই সেই দেশ কেইখনে উন্নতিৰ শিখৰত আগুৱাই গৈছে, উদাহৰণ স্বৰূপে তুৰ্কী, ব্ৰুণেই, মালয়েছিয়া, মালদ্বীপ  অন্যতম যি বোৰ মুছলমান অধ্যুষিত দেশৰ জনসাধাৰণৰ মাজত ধৰ্মীয় গোড়মী বেছি সেই দেশবোৰৰ অৰ্থনৈতিক অৱস্থা তথৈবচ উদাহৰণ স্বৰূপে আফগানিস্থান,  ইৰাক, চোমালিয়া, ছিৰিয়া, পাকিস্থান, বাংলাদেশ ইত্যাদি

ভাৰতবৰ্ষৰ প্ৰগতিৰ অন্যতম অন্তৰায় হিচাপে দেখা দিছে দেশৰ জনসাধাৰণৰ মাজত বৃদ্ধি পোৱা ধৰ্মান্ধতা আৰু ধৰ্মীয় অসহিষ্ণুতা শিক্ষা, বিজ্ঞানৰ চমকপ্ৰদ সফলতাৰ পিছতো আমি নিজকে ধৰ্মীয় গোড়ামীৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলে আমাৰ দেশৰ ভৱিষ্যৎ অন্ধকাৰ ধৰ্মান্ধতা আঁতৰাই বিজ্ঞানৰ সহায়তহে আমি উন্নতিৰ জখলাৰে ভবিষ্যতে আগুৱাই যাবলৈ সক্ষম   

(৭ আগষ্টৰ দৈনিক  অগ্ৰদূত কাকতত প্ৰকাশিত) 

Comments

  1. এটা সময়োপযোগী, তথ্যভিত্তিক, শক্তিশালী প্ৰৱন্ধ। এতিয়া সকলোৱে মানৱসমাজখনক ধৰ্মান্ধতাৰ পৰা ৰক্ষা কৰাৰ বাবে চিন্তা আৰু কাম কৰাৰ সময়।

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ জনালোঁ

      Delete
  2. এটা সত্যৰ ভাল বিশ্লেষন, কিন্তু দুখৰ বিষয় যে এইটো কোনে কেতিয়া বুজিব আৰু সচা উন্নতিৰ পথত সমাজে গতি কৰিব !!!!

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ জনালোঁ

      Delete
  3. ধাৰ্মিক ভাবাদৰ্শই যেতিয়া নিয়মানুৱৰ্তিতা শিকায়, বৈজ্ঞানিক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিব শিকায়, তেতিয়াই ই প্ৰগতিৰ চালিকা শক্তি হ'ব পাৰে য'ত ধৰ্মান্ধতাই বিপৰীত দিশত হে কাম কৰে ।
    ইতিহাস সাক্ষী কৰি লিখা কথাখিনি সময়োপযোগী হৈছে ।

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ জনালোঁ

      Delete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা