বিশ্বৰ দুখন শ্ৰেষ্ঠ উপন্যাস আৰু সমকালীন চিন্তা
বিংশ শতিকাত প্ৰকাশিত আৰু সৰ্বকালৰ ১০০ খন শ্ৰেষ্ঠ উপন্যাসৰ ভিতৰত অন্তৰ্ভুক্ত দুখন উপন্যাস হ’ল এলড’ছ হাক্সলেৰ “ব্ৰেভ নিউ ৱৰ্লড“ আৰু জৰ্জ অৰৱেলৰ “১৯৮৪“ ৷ দুয়োখন কিতাপত লেখকদ্বয়ে ভৱিষ্যৎ পৃথিৱীৰ সমাজখন প্ৰতিফলিত কৰিছে ৷ “ব্ৰেভ নিউ ৱৰ্লড“ উপন্যাসখন এলড’ছ হাক্সলে লিখিছিল ১৯৩১ চনত আৰু প্ৰকাশ হৈছিল ১৯৩২ চনত ৷ কিতাপখনত প্ৰায় ৬০০ বছৰৰ পৰৱৰ্তী কাল অৰ্থাৎ ২৫৪০ চনৰ সমাজখনৰ চিত্ৰ প্ৰতিফলিত কৰিছে ৷ আনহাতে “১৯৮৪“ উপন্যাসখন জৰ্জ অৰৱেলে লিখিছিল ১৯৪6-১৯৪৮ চনৰ ভিতৰত আৰু প্ৰকাশ পালে ১৯৪৯ চনত ৷ কিতাপখনত লেখকে ৩৫ বছৰৰ পৰৱৰ্তী কাল অৰ্থাৎ ১৯৮৪ চনৰ সমাজখনৰ ছবি দেখুৱাবলৈ বিচাৰিছে ৷ দুয়োখন কিতাপৰ মাজত বহুতো মিল আছে ৷ আনকি দুয়োজন লেখকৰ ভাৰতবৰ্ষৰ লগত এটা নিবিড় সম্পৰ্ক আছিল ৷ এলড’ছ হাক্সলেৰ জন্ম হৈছিল ইংলেণ্ডত ১৮৯৪ চনত ৷ ১৯৩১ চনত তেওঁ যেতিয়া ফৰাচী দেশত আছিল তেতিয়াই “ব্ৰেভ নিউ ৱৰ্লড“ উপন্যাসখন লিখা সম্পূৰ্ণ কৰে ৷ উপন্যাসখন বিশ্বৰ সকলো সাহিত্যপ্ৰেমীয়ে আঁকোৱালি লয় ৷ মডাৰ্ণ লাইব্ৰেৰীয়ে এই কিতাপখন বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ১০০ খন কিত...