আৰক্ষী বিভাগত সংস্কাৰ – নতুন চৰকাৰৰ এক আদৰণীয় পদক্ষেপ
সদ্য প্ৰয়াত সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিৰ “মই যেতিয়া ক্লান্ত হওঁ“ কিতাপখনত লিখিছিল যে মানুহে যদি কোনো কামত কেইবাদিনো একেলেথাৰিয়ে লাগি থাকি ক্লান্ত অনুভৱ কৰে তেওঁ দুদিন মান বিশ্ৰাম ল’ব লাগে ৷ বিশ্ৰামৰ এই সময়খিনিত তেওঁ ক্লান্তিহীন হৈ পুনৰ কামত আত্মনিয়োগ কৰিবলৈ শক্তি গোটাব পাৰে ৷ প্ৰসংগক্ৰমে তেওঁ মহাভাৰতৰ এটা কাহিনী উল্লেখ কৰিছিল ৷ কুৰুক্ষেত্ৰ যুদ্ধত যেতিয়া দুৰ্যোধনে নিজৰ সকলো ভাতৃ, বন্ধু, গুৰু লগতে একাদশ অক্ষৌহিণী সৈন্য হেৰুৱালে আৰু নিজেও দুখে ভাগৰে অৱস হৈ পৰে, তেওঁ ভবিষ্যতৰ বাবে শক্তি গোটাবলৈ আৰু ক্লান্তিহীন হৈ পুনৰ যুদ্ধত নামিবলৈ দ্বৈপায়ন হ্ৰদত প্ৰবেশ কৰি আত্মগোপন কৰে ৷
অতি দুখৰ কথা যে অসম আৰক্ষীৰ
জোৱানসকলে একেৰাহে দিন-ৰাতি একাকাৰ কৰি কাম কৰাৰ পিছত নিজকে ক্লান্তিহীন কৰিবলৈ বিশ্ৰাম
ল’ব নোৱাৰে ৷ দুদিন ছুটিৰ বাবে মাহৰ পিছত মাহ
ৰৈ থাকিব লগীয়া হয় ৷ বিহু বা পূজাৰ
বন্ধত যেতিয়া সকলো আনন্দত আত্মহাৰা হৈ সময় কটায় বা ফুৰিবলৈ যায় সেই সময়খিনিত
আৰক্ষীৰ জোৱান সকলে অধিক দায়িত্বলৈ কৰ্তব্যত নিয়োজিত হয় ৷ নিজৰ পৰিয়ালৰ লগত উৎসৱৰ দিনবোৰত
অলপ সময় কটাবলৈ তেওঁলোকে সুবিধা নাপায় ৷ আনকি
এনে কিছু আৰক্ষী বিষয়া পাইছো যি নুনমাটী থানাত কৰ্তব্য পালন কৰি মালিগাওঁত থকা নিজৰ
পৰিলায়ক দেখা কৰিবলৈ এমাহৰ বাবে অপেক্ষা কৰিব লাগে ৷ অৰ্থাৎ দিনটোৰ এবেলাৰ বাবেও তেওঁ
কৰ্তব্যৰ পৰা আঁতৰি থাকিব নোৱাৰে ৷ তেওঁলোকৰ বাবে দ্বৈপায়ন হ্ৰদত বিশ্ৰাম এক অলীক কল্পনা
হে ৷ সেয়েহে হয়তো প্ৰায়বোৰ আৰক্ষীৰ দেহত মধূমেহ
ৰোগ, উচ্চ ৰক্তচাপ ৰোগে কম বয়সত দেখা দিয়া পৰিলক্ষিত হয় ৷ প্ৰেচাৰ ষ্ট্ৰোক, হাৰ্ট এটেক
আৰু কিডনিৰ সমস্যাত ভূগি মৃত্যু বৰণ কৰিব লগীয়া
হোৱা আৰক্ষীৰ সংখ্যা আন চাকৰিয়ালৰ তুলনাত বহু বেছি ৷
প্ৰয়াত তৰুন গগৈৰ পোন্ধৰ
বছৰীয়া শাসন কালৰ প্ৰথম পাঁচ বছৰত ৰকিবুল হুছেইন ডাঙৰীয়াই গৃহবিভাগৰ ৰাজ্যিক মন্ত্ৰী
হৈ আছিল আৰু পিছৰ দহ বছৰ নিজে গৃহ বিভাগ চাইছিল
৷ কিন্তু এই দীঘলীয়া সময়খিনিত আৰক্ষীৰ সমস্যাবোৰ হৃদয়ঙ্গম কৰি সমাধানৰ বাবে আগবাঢ়ি
অহা দেখিবলৈ পোৱা নগ’ল ৷ বিগত চৰকাৰৰ পাঁচবছৰীয়া শাসন কালত গৃহ বিভাগত একো নতুনত্ব
দেখিবলৈ পোৱা নগ’ল ৷ প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ পিছত প্ৰথম বাৰৰ বাবে আমি দেখিবলৈ
পাওঁ আৰক্ষী বিভাগক সন্মুখৰ পৰা নেতৃত্ব দিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব
শৰ্মাক ৷ শাসন কালৰ এমাহ নৌহওঁতেই যোৱা ৯ জুনত ৰাজ্যৰ সমূহ আৰক্ষী অধীক্ষকৰ লগত এদিনীয়া
সন্মিলন পাতি মত-বিনিময় কৰিলে আৰু লগতে সংবাদমেল
পাতি অসম আৰক্ষীৰ দুটা যুগান্তকাৰী সিদ্ধান্তৰ কথা অৱগত কৰে ৷
প্ৰথম সিদ্ধান্ত হ’ল আৰক্ষীৰ
কামৰ হেচা তথা চাপ হ্ৰাস কৰাৰ বাবে আৰক্ষী থানা সমূহত দুটা ছিফ্টত কাম কৰাৰ ব্যৱস্থা
কৰা ৷ ইয়াৰ বাবদ প্ৰয়োজন হোৱা পদৰ বাবে ৰাজ্যৰ আৰক্ষী বিভাগত নতুনকৈ ৩৫,০০০ ক নিযুক্তিৰ ব্যৱস্থা কৰা ৷ দ্বিতীয় সিদ্ধান্তটো হ’ল
বেটেলিয়নত নিয়োজিত জোৱান সকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ দৰমহা সহিত
৩০ দিনৰ ছুটিৰ ব্যৱস্থা কৰা ৷
এই দুটা মহত্ত্বপূৰ্ণ সিদ্ধান্তই
অসম আৰক্ষীত বহুদিনৰ পৰা অপেক্ষাৰত সংস্কাৰৰ প্ৰথম পদেক্ষেপ ৰূপে চিহ্নিত হ’ব ৷ আৰক্ষী
বিষয়া সকলে অধিক উদ্যম আৰু শক্তিৰে নিষ্ঠাসহকাৰে সেৱা আগবঢ়াব পাৰিব ৷ ড° হিমন্ত বিশ্ব
শৰ্মা দেবৰ এটা ভাল গুণ সকলোৱে স্বীকাৰ কৰিব লাগিব, সেইটো হ’ল অতি কম সময়তে বিষয় বস্তুৰ
গভীৰতালৈ প্ৰৱেশ কৰি গুৰুত্ব সহকাৰে সঠিক সিদ্ধান্ত লোৱা ৷ এমাহৰ ভিতৰতে অসম আৰক্ষী
বিভাগৰ সংস্কাৰৰ বাবে লোৱা সিদ্ধান্ত সমূহ ইয়াৰ প্ৰতিফলন ৷ আৰক্ষীৰ অন্যান্য সমস্যাৰ
ভিতৰত স্বাস্থ্য সন্মত চৰকাৰী আৱাসৰ ব্যৱস্থা, আৰক্ষীৰ মাদকদ্ৰব্যৰ প্ৰতি থকা আসক্তি
দূৰ কৰা, দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা, নিৰ্দিষ্ট সময়ৰ ব্যৱধানত
পদোন্নতিৰ ব্যৱস্থা আদিৰ বাবে চৰকাৰে নিশ্চয় সঠিক পদক্ষেপ সময়ত ল’ব ৷ “সংবেদনশীল আৰক্ষী - ক্ষমতাপ্ৰাপ্ত সমাজ" প্ৰতিষ্ঠাৰ বাবে নতুন চৰকাৰে গ্ৰহণ
কৰা প্ৰথম খোজ সঁচাকৈয়ে আদৰণীয় ৷
নতুন চৰকাৰে শাসনভাৰ লোৱাৰ
পৰা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ড্ৰাগছৰ বিৰূদ্ধে যি জোৰদাৰ অভিযান চলালে তাৰ পৰিণতিত
প্ৰায় ৫০ কোটি টকাৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ
উদ্ধাৰ আৰু পাচশৰো অধিক ড্ৰাগ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হোৱাতো অসম আৰক্ষীৰ বাবে
এক বৃহৎ সফলতা ৷ উল্লেখ কৰা নিষ্প্ৰয়োজন যে
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ কিশোৰ আৰু যুৱচামৰ ড্ৰাগছৰ প্ৰতি ক্ৰমবৰ্ধমান
আসক্তি আমাৰ সমাজত এক গুৰুতৰ সমস্যা ৰূপে দেখা দি আহিছে ৷ নতুন চৰকাৰে কাৰ্যভাৰ হাতত
লৈ ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজ খনলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকে আদৰণি জনাইছে ৷ ড্ৰাগছৰ
সৰবৰাহ অকল চহৰ বা নগৰাঞ্চলতে সীমিত নহয় ৷ অসমৰ চুকে-কোণে আনকি চৰ অঞ্চললৈ ই পৰ্যবসিত
হৈছে ৷ ড্ৰাগছৰ উপৰিও অসমৰ জনসাধাৰণে প্ৰতিদিনে ভুগিব লগীয়া
হোৱা প্ৰধান সমস্যা বোৰৰ ভিতৰত বাহিৰৰ ৰাজ্যৰ পৰা অসমলৈ অহা নিত্য প্ৰয়োজনীয় সামগ্ৰী
সমূহৰ ওপৰত চলা চিণ্ডিকেত ৰাজ, অবৈধ সুৰা , জুৱাখেল আৰু বিভিন্ন চুৰি কাৰ্য যেনে চিলনী
চোৰ, গাড়ীচোৰ, চাইবাৰ অপৰাধৰ দ্বাৰা হেৰুৱাব লগীয়া হোৱা নিজৰ সাঁচতীয়া ধন অন্যতম ৷
আৰক্ষীৰ এই সংস্কাৰৰ সহায়ত সমাজত অপৰাধৰ সংখ্যা নিশ্চয়কৈ হ্ৰাস পাব আৰু ভৱিষ্যতে এখন
অপৰাধমুক্ত সমাজৰ কথা চিন্তা কৰিব পৰা যায় ৷
Bhal hoisa sundhar
ReplyDelete