বিতৰ্কিত মোগল সম্ৰাট ঔৰঙ্গজেৱ

 

কৰন জোহৰৰ এখন বিগ বাজেটৰ চিনেমা টখ্ট (Takht) এই বছৰত মুক্তি পাব ৷ বলিউদৰ চুপাৰষ্টাৰ ৰনবিৰ সিং, কৰিণা কাপুৰ, আলিয়া ভট্ট, ভিকি কৌশল, জাহ্নৱী কাপুৰ আৰু অনিল কাপুৰ অভিনিত চিনেমা খন ২০১৯ চনৰ পৰাই খবৰৰ শিৰোনামা দখল কৰি আহিছে ৷   এজন হিন্দুবিদ্দেষী, সৰ্বাধিক ঘৃণিত,  বিতৰ্কিত মোগল সম্ৰাট হিচাপে পৰিচিত ঔৰঙ্গজেৱৰ হিন্দু নাচনীৰ সৈতে হোৱা প্ৰেমৰ সঁচা ঘটনাই  হ’ল  চিনেমাখনৰ মূল কাহিনী, সেয়ে হয়টো মুক্তিৰ আগতেই ই বহুল চৰ্চিত হৈছে ৷

              ঔৰঙ্গজেবৰ জন্ম ১৬১৮ খ্ৰী ২৪ অক্টোবৰত ৷ সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু সাহসী আছিল তেওঁ ৷ ১৪ বছৰ বয়সত এবাৰ উন্মত্ত হাতী এটাৰ লগত যুদ্ধ কৰি বগৰাই পেলাইছিল ৷ আৰবী আৰু পাৰ্চী দুয়োটা ভাষাতে সমানে বুৎপত্তি আছিল তেওঁৰ ৷ ঔৰঙ্গজেৱ দাক্ষিণাত্যৰ ৰাজপ্ৰতিনিধি হিচাপে নিযুক্ত হয় ১৬৫৩ চনত ৷ এই উদ্দেশ্যে ঔৰঙ্গৱাদলৈ আৰম্ভ কৰা যাত্ৰা পথত বুৰ্হানপুৰ নামৰ চহৰ এখনত সোমায় ৷ ইয়াৰে আহুখানা নামৰ ঠাইত ছাহজাহানৰ পত্নি মমতাজ মহল  ১৪ নং সন্তানৰ জন্মৰ সময়ত ১৬৩১ চনত মৃত্যু মুখত পৰে আৰু ইয়াতে কবৰ দিয়ে ৷ তাজমহলৰ নিৰ্মাণৰ পিছত মমতাজৰ কবৰ আগ্ৰালৈ স্থানান্তৰ কৰা হয় এই বুৰহানপুৰতে ঔৰঙ্গজেৱে প্ৰথম দেখা পায় হীৰাবাঈ জৈনাবাদীক ৷ হীৰাবাঈ আছিল এজনী হিন্দু নাচনী আৰু বান্দী হিচাপে কাম কৰিছিল মীৰ খলিলৰ ৰাজমহলত, তেওঁ  মমতাজৰ ভনীয়েকক বিয়া কৰাইছিল হীৰাবাঈৰ সৈন্দৰ্য্য, সুললিত কণ্ঠ আৰু নৃত্যই ঔৰঙ্গজেৱক মোহিত কৰে আৰু কিছুদিনৰ ভিতৰতে ইজনে সিজনৰ প্ৰেমত ডুব যায় ৷ ঔৰঙ্গজেৱৰ মহাক মীৰ খলিল আৰু মাহীয়েক এই প্ৰেমৰ পক্ষত নাছিল, দুইজনৰ মিলনত বাধা প্ৰদান কৰিছিল ৷ বহু চেষ্টাৰ পিছত মীৰ খলিলক সৈমান কৰাই ঔৰঙ্গজেৱে হীৰাবাঈক নিজৰ হাতলৈ আনে ৷ কোৱা হয় যে হীৰাবাঈক লগ পাই ঔৰঙ্গজেৱৰ ব্যক্তিত্ব  সলনি হৈ যায় ৷ সঙ্গীত, নৃত্য আৰু প্ৰেমৰ ৰাগীত ৰাজ কৰ্মৰ পিনে পিঠি দিয়ে ৷ ইপিনে ঔৰঙ্গজেৱৰ প্ৰেমৰ বতৰা সম্ৰাট ছাহজাহানৰ কাণত পৰে ৷ এই ঘটনাই পিতৃৰ লগত ঔৰঙ্গজেৱৰ সম্পৰ্কৰ অৱনতি ঘটে ৷ দুখৰ বিষয়, লগ পোৱাৰ এবছৰ নৌহওঁতেই এক অচিন ৰোগত হীৰাবাঈৰ মৃত্যু হয় ৷ ঔৰঙ্গজেৱৰ প্ৰেম কাহিনীৰো ইয়াতে অন্ত পৰে ৷ কিন্তু তেওঁ সেই প্ৰেমৰ সুবাস গোটেই জীৱন হৃদয়ত লৈ ফুৰে ৷

ইতিমধ্যে ১৬৫৭ চনৰ আৰম্ভণিতে খবৰ আহে যে ছাহজাহান বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত হয় ৷ ছাহজাহানৰ নিজৰ চাৰি পুত্ৰৰ ভিতৰত প্ৰিয় আছিল বৰপুত্ৰ দাৰাশিকো ৷ আটাইকেইজন পুত্ৰই উত্তৰাধিকাৰ সূত্ৰে সিংহাসন দখল কৰিবলৈ আগ বাঢ়ি আহে ৷ দুবছৰ যুদ্ধ বিগ্ৰহৰ অন্তত দাৰাশিকোক শিৰশ্ছেদ আৰু বাকি দুজনৰ এজনক মৃত্যুদণ্ড, আনজনক দেশান্তৰ কৰাৰ পিছত সিংহাসনত বহে ঔৰঙ্গজেৱ ৷ ইতিমধ্যে ছাহজাহান সুস্থ হৈ উঠে ৷ উপায় বিহীন হৈ ছাহজাহানক মৃত্যুৰ আগমুহূৰ্তলৈ সম্পূৰ্ণ চাৰে সাত বছৰ কাল আগ্ৰাৰ ৰেডফোৰ্টত বন্দী কৰি থয় ৷

হীৰাবাঈৰ মৃত্যুই ঔৰঙ্গজেৱৰ জীৱনৰ গতি পথ সলনি কৰি দিয়ে ৷ তেওঁ সঙ্গীত, সুৰা এৰি দিয়ে, ধৰ্মৰ প্ৰতি অধিক আসক্ত হয়   সম্ৰাট হৈও তেওঁ অতি সাধাৰণ ভাৱে জীবন যাপন কৰিছিল ৷ ধৰ্মীয় টুপি আৰু নিজৰ হাতেৰ লিখা কোৰান বিক্ৰি কৰি অৰ্জা ধনেৰে তেওঁ খোৱা খৰচ উলিয়াইছিল, ৰাজ্যৰ সম্পদ স্পৰ্শ নকৰিছিল ৷ সুৰা, সঙ্গীত, নৃত্য এইবোৰৰ পৰা সম্পূৰ্ণ আঁতৰি আছিল ৷ মোগল সম্ৰাটে লাহ বিলাহৰ জীৱন এৰি হাফিজৰ দৰে ধাৰ্মীক জীৱন যাপন কৰা দ্বিতীয় এজন সম্ৰাট বিচাৰি পোৱাটো খুবেই কঠিন ব ৷

জীৱনৰ বেছিভাগ সময় ঔৰঙ্গজেৱ দাক্ষিণাত্যত থাকি মাৰাঠী আৰু দক্ষিণ ভাৰতৰ ৰাজ্য বোৰৰ লগত যুদ্ধ-বিগ্ৰহত ব্যস্ত থাকিব লগীয়া হয় ৷ ইপিনে ভাৰতৰ উত্তৰ ফালে শিখ সকলৰ লগত সংঘাত আৰম্ভ হয় ৷ ১৬৭৫ চনত নৱম শিখ গুৰু টেগবাহাদুৰক মৃত্যু দণ্ড দিয়াৰ পিছত গোটেই শিখ সকল একগোট হৈ ঔৰঙ্গজেৱক এসেকা দিবলৈ সাজু হয় ৷ ঔৰঙ্গজেৱৰ ৰাজপুতৰ লগতো বন্ধুত্বপূৰ্ণ আচৰণ নকৰিলে, যাৰ ফলত ৰাজপুত সকল সম্ৰাটৰ বিৰুদ্ধাচৰণ আৰম্ভ কৰে ৷ যুদ্ধ-বিগ্ৰহৰ বাবে ৰাজভৰাল উদং হোৱা বাবে জনসাধাৰণৰ ওপৰত বিভিন্ন কৰ জাপি দিছিল, বিশেষকৈ হিন্দু প্ৰজা সকলৰ ওপৰত জাপি দিয়া জিজিয়া কৰ অন্যতম ১৬৫৮ চনৰ পৰা ১৭০৭ চনলৈ ঔৰঙ্গজেৱৰ সুদীৰ্ঘ ৫০ বছৰ কাল শাসনৰ শেষৰ ফালে মোগল সৈন্য ভাগৰুৱা হৈ পৰে, মনোবল ভাগি যায় ৷ দেশৰ শক্তি কমি যায় ৷ মোগল সাম্ৰাজ্য ছেদেলি-ভেদেলি হৈ পৰে, মোগলৰ অভ্যন্তৰীণ দুৰ্বলতাৰ সুযোগ লৈ ব্ৰিটিছ সকলে সহজে ভাৰতবৰ্ষত খোপনি পোতে ৷ এই ৫০ বছৰতে ঔৰঙ্গজেৱে ভাৰতবৰ্ষক ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ভাবে দুৰ্বল আৰু ঘূনীয়া কৰি থৈ , যাৰ বাবে ইংৰাজ সকলে সহজে ভাৰতত খোপনি পুটিবলৈ সুবিধা পালে ৷

হীৰাবাঈৰ প্ৰতি থকা প্ৰেমে ঔৰঙ্গজেৱৰ হিন্দু ধৰ্মৰ প্ৰতি বিদ্বেষ ভাব থকা বুলি প্ৰচলিত কথাষাৰৰ সত্যতা সন্দেহজনক কৰি তোলে   সিংহাসনত বহাৰ পিছতে ঔৰঙ্গজেৱে মোগল সাম্ৰাজ্যৰ দিৱান হিচাপে নিয়োগ কৰে ৰাজা ৰঘুনাথ সিং নামৰ এজন ক্ষত্ৰিয় হিন্দুক ৷ জাহাঙ্গীৰ বা ছাহজাহানৰ দিনত কোনো এখন ৰাজ্যৰ ছুবেদাৰ (মোগলৰ ৰাজপ্ৰতিনিধি) পদত এজনো -মুছলমান লোকক নিয়োগ কৰা নাছিল ৷ কিন্তু ঔৰঙ্গজেৱে যচৱন্ত সিং আৰু ৰাজা জয় সিং ক্ৰমে  গুজৰাট আৰু দাক্ষিণাত্যৰ ৰাজপ্ৰতিনিধি হিচাপে নিযুক্তি দিছিল ৷ বুৰঞ্জীবিদ সকলৰ মতে মন্দিৰৰ নামত ঔৰঙ্গজেৱে মুক্তহস্তে দান কৰিছিল বৃন্দাবন মন্দিৰৰ বাবে, সংগমৰ ওচৰৰ শিৱ মন্দিৰৰ বাবে মাটি দান কৰা আদি অনেক উদাহৰণ আছে ৷ ১৬৬২ চনৰ পৰা ১৬৭১ চনত হোৱা শৰাইঘাট যুদ্ধলৈ প্ৰায় দহ বছৰকাল অসমৰ এটা অংশ মোগলৰ কৱলত আছিল ৷ সেই সময়ত মোগলে অসমৰ  হিন্দু প্ৰজাক জোৰ জুলুম কৰি ধৰ্মান্তৰকৰণ কৰিছিল বুলি কোনো তথ্য পাবলৈ নাই ৷  আনকি কথিত আছে যে উমানন্দ মন্দিৰৰ মাটি  ঔৰঙ্গজেৱে দান কৰিছিল ৷

বহু পণ্ডিতে খোজে যে ইংৰাজ সকলে ক্ষমতাৰ সুবিধাৰ বাবে সঁচা কাহিনী বোৰক কিছু বিকৃত ৰূপ দি হিন্দু-মুছলমানৰ মাজত বিভাজন আনিবলৈ ঔৰঙ্গজেৱৰ নিচিনা চৰিত্ৰবোৰক প্ৰক্ষেপ কৰিছিল ইংৰাজ সকলৰ সেই পুৰণি কৌশল আজিও প্ৰয়োগ হৈ আছে শাসক দলৰ বা বিৰোধী দলৰ নিজৰ সুবিধাৰ্থে ৷ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজনৈতিক নেতা সকলে এনে চৰিত্ৰ বোৰক আৰু বিকৃত কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা পৰিলক্ষিত হয় ৷ এইবাৰৰ নিৰ্বাচনতো ধৰ্মীয় মেৰুকৰণ ৰাজনীতিত  মোগল আৰু ঔৰঙ্গজেৱক নিৰ্বাচন জিকাৰ পণ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে ৷  ইতিহাসৰ সঁচা কাহিনীবোৰ কেতিয়া অপৰিবৰ্তিত ৰূপত আমি পঢ়িবলৈ পাম সেয়া সময়েহে ব ৷

(৩ এপ্ৰিলৰ দৈনিক অগ্ৰদূত বাতৰি কাকতত প্ৰকাশিত) 


Comments

  1. Informative and thought provoking. Very good work, Chitta. Lot to learn from you! Keep it up.

    ReplyDelete
  2. Informative and thought provoking. Very good work, Chitta. Lot to learn from you! Keep it up.

    ReplyDelete
  3. ঔৰঙ্গজেৱৰ অনুবাগীয়ে লিখা বুৰন্জীৰ উদ্ধৃতিৰ আলমত লিখাতকৈ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্রত্নতত্ত্ব আৰু বুৰন্জী বিভাগৰ প্রামাণিক গবেষণা পত্রৰ উদ্ধৃতি দিয়া লিখনিহে আমি এজন অভিযন্তাৰ পৰা আশা কৰো ৷ তেতিয়াহে ১৪ বছৰ বয়সত ঔৰঙ্গজেৱে পৰাভূত কৰা উন্মাদ মানুহজনৰ নাম যে “হাতী“ আছিল সেইকথা ওলাই পৰিব 😜 তদুপৰি হাজাৰ হাজাৰ মন্দিৰ ধ্বংস কৰি তাৰে কিছুমানত মসজিদ বনোৱা কাৰ্য্য আৰু অনুবাগী-দূৰ্বল-হিন্দুৰ নিবেদনত ২-৩টা মন্দিৰ বনোৱা কাৰ্য্যয় ঔৰঙ্গজেৱক ধর্মনিৰপেক্ষ নবুজায় ৷ এইখিনি কথা লিখাৰ বাবে মোক যদি দূৰ্বল হিন্দুৱে বেয়া পাই তাত পিছে মোৰ বেজাৰ নাই 🙏

    ReplyDelete
    Replies
    1. Absolutely correct Diganta. Some moron (sickular ) trying to gain some brownie points to become a Fan Boy of the most Notorious Mughal ancestor Tamburlaine :-D

      Delete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা