সুখৰ সংজ্ঞা বিচাৰি

 

 

চিত্তৰঞ্জন ওজা

ৰালি কালত পঢ়া আনন্দ চন্দ্ৰ আগৰৱালা দেবৰ কবিতা এটা প্ৰায় সকলোৱে পঢ়িছে নিশ্চয় “সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ; সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ” ৷ আমি সকলোৱে জীৱনত সুখীহৈ থাকিব বিচাৰোঁ ৷ দৈনন্দিন কামবোৰ - পঢ়া-শুনা, চাকৰি, ব্যৱসায়, পূজা-পাতল এই সকলোৰে উদ্দেশ্য এটাই, ভৱিষ্যত জীৱন সুখী হোৱা ৷ তথাপি সমাজত অসুখী মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধিহে পাইছে ৷ বিশ্বৰ কিমানজন মানুহ সুখী হব পাৰিছে বিচাৰ্যৰ বিষয় ৷ সেয়ে সুখনো কি আৰু কেনেকৈ মানুহে সুখ-শান্তি পাব পাৰে, সুখৰ পিছত দৌৰাৰ আগতেই বুজা উচিত ৷

শ্ৰীমদ্ভাগৱত গীতা শ্ৰীকৃষ্ণৰ মুখৰ পৰা নি: সৃত দিব্যৱানী বুলি কোৱা হয় ৷ অৰ্জুনক নিমিত্ত কৰি সমগ্ৰ মানৱ জাতিৰ বাবে দিব্য উপদেশ প্ৰদান কৰিছে গীতাৰ জৰিয়তে ৷ মানুহে কেনেদৰে সুখ-শান্তি পাব পাৰে গীতাত এনেদৰে লিখিছে “যি ব্যক্তিৰ মন আৰু ইন্দ্ৰিয় নিজৰ বশত নাই তেনে ব্যক্তি কেতিয়াও শান্তি নাপায়, যিজন শান্তি ৰহিত তেওঁৰ নো সুখ কত ৷ যেনেকৈ নদ-নদীৰ পানী বেগেৰে বৈ আহি সমুদ্ৰত বিলীন হয়, সমুদ্ৰ সেই একেই ৰূপত থাকি যায়, তেনেকৈ সকলো ভোগবিলাস যিজন স্থিতপ্ৰজ্ঞ পুৰুষক অকণো বিচলিত নকৰাকৈ বিলীন হৈ যায়, সেই পুৰুষেই পৰম শান্তি লাভ কৰে – ভোগবিলাসত আসক্তজনে নহয় ৷ ভাগৱতগীতাত তিনি প্ৰকাৰ সুখৰ বিষয়ে কি লিখা আছে চাওঁ আহক ৷

সাত্ত্বিক সুখ: ধ্যান, অভ্যাস, সেৱা আৰু নিয়মানুবৰ্তিতাৰ দ্বাৰা নিজৰ অন্তৰআত্মাৰ উত্তৰণৰ মাজত পোৱা সুখ হৈছে সাত্ত্বিক সুখ ৷ প্ৰথম অৱস্থাত ই বৰ কষ্টদায়ক কিন্তু শেষত ই হয়গৈ অমৃতৰ সমান ৷

ৰাজস সুখ: এই সুখ বিষয়-ইন্দ্ৰিয়ৰ সংযোগত ভোগ কৰা যায়, যদিও প্ৰথমে ইয়াক অমৃত যেন লাগে পিছলৈ বিষলৈ পৰিৱৰ্তিত হয় ৷

তামস সুখ: আলস্য আৰু সুখনিদ্ৰাত যি সময় পাৰ কৰায় সেয়ে হৈছে তামস সুখ ৷ মানুহে ভুলকৈ ইয়াক সুখ বুলি ভাবে কিন্তু ই এক সাময়িক আনন্দ ৷

 এইখিনিতে যক্ষ আৰু যুধিষ্ঠিৰৰ কাহিনী মনত পেলাই দিব খুজিছো ৷ ১২ বছৰ বনবাসৰ পিছত এবছৰ অজ্ঞাতবাসৰ সময় সমাগত, পঞ্চপাণ্ডৱ বনত ঘূৰি থাকোতে যুধিষ্ঠিৰৰ পানী পিয়াহ লাগে ৷ প্ৰথমে সহাদেৱক পানী আনিবলৈ পঠায় ৷ অলপ দুৰত পুখুৰী দেখি প্ৰথমে নিজে পানী পিবলৈ লয় ৷ সেই সময়তে পুখুৰীৰ মাজৰ পৰা এক অদৃশ্য শক্তিয়ে মাত দিয়ে আৰু সহাদেৱক তেওঁৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ কয় ৷ কথা নুশুনি সহাদেৱ পানী মুখত লওতে মৃত্যু মুখত পৰে ৷ একেদৰেই যুধিষ্ঠিৰৰ আনকেইজন ভাইৰ মৃত্যু ঘটাত নিজে পুখুৰীৰ পাৰলৈ আহে আৰু অদৃশ্য শক্তিৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হয় ৷ তেতিয়া যক্ষই নিজৰ ৰূপ লয় আৰু যুধিষ্ঠিৰক কেবাটাও প্ৰশ্ন শুধে ৷ সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া বাবে যক্ষই সকলো ভায়েকক পুনৰজীৱন দান কৰে ৷ এই প্ৰশ্নবোৰৰ ভিতৰত এটা হল মানুহে কেনেকৈ সুখ লাভ কৰিব আৰু সুখী হবলৈ কি ত্যাগ কৰিব লাগিব ৷ যুধিষ্ঠিৰৰ উত্তৰ আছিল যে সহজে সন্তুষ্টি লাভ কৰাই সুখী হোৱাৰ মূল উপায় আৰু সুখৰ বাবে লোভ ত্যাগ কৰিব লাগিব ৷

 বৌদ্ধ ধৰ্ম অনুযায়ী সুখৰ অৰ্থ হল দুখৰ মূল কাৰণ বুজি পোৱা ৷ সুখানুভূতি পাবলৈ আধ্যাত্মিক জ্ঞান, প্ৰতিদিনে ইয়াৰ সাধনা আৰু মনৰ শান্তিৰ দৰকাৰ ৷

 সুখৰ ওপৰত বহু দাৰ্শনিকে বহু কিতাপ লিখিছে ৷ দাৰ্শনিক পণ্ডিত বাৰ্টাণ্ড ৰাছেলে আধুনিক চিন্তাধাৰাৰে সুখৰ ওপৰত যি বিশ্লেষণ দাঙি ধৰিছে তাক সকলোৱে এবাৰ পঢ়া উচিত ৷ ‘Conquest of Happiness “ কিতাপ খনত লিখকে প্ৰথমে অসুখী হোৱাৰ কাৰণবোৰ ফহিয়াই দেখুৱাইছে ৷ তেওঁৰ মতে কিছুমান মানুহ নিজৰ মাজত দুখবোৰহে বিচাৰি ফুৰে আৰু সেইদুখকে মনৰ মাজত লৈ থাকে ৷ তেওঁলোক জীৱনত কেতিয়াও সুখী অনুভৱ কৰিব নোৱাৰে ৷ আন কিছুমান মানুহৰ আত্মপূজন ব্যক্তিত্ব ব্যাধি ইংৰাজীত যাক কোৱা হয় Narcissistic Personality Disorder (NPD) ৰোগত ভূগে ৷ তেওঁলোকে আনৰ পৰা অত্যধিক প্ৰশংসা পোৱাৰ এটা তীব্ৰ হাবিয়াস ৰাখে ৷ নিজে আনতকৈ শ্ৰেয় আৰু সেয়ে তেওঁক সকলোৱে ওপৰত স্থান দিব বুলি আশা ৰাখে, কিন্তু তেনে লোকৰ আনৰ  প্ৰতি সহানুভূতিৰ অভাৱ দেখা যায় ৷ যেতিয়া আনৰ পৰা নিজে বিচৰা গুৰুত্বখিনি নাপায় তেতিয়াই অসুখীহৈ পৰে ৷ মেগালোমেনিয়াক ব্যক্তিত্ব ব্যাধি থকা সকলে আকৌ নিজৰ শক্তি সামৰ্থৰ প্ৰতি অধিক আশক্তিৰ বাবে অসুখী অনুভৱ কৰে ৷ ৰাছেলৰ মতে মনৰ কিছুমান ভাৱনা যেনে আনৰ লগত প্ৰতিযোগিতাত নমা, একঘেয়ামি অথবা অত্যধিক উত্তেজনা, ক্লান্তি আৰু আনৰ প্ৰতি থকা ইৰ্ষা অসুখী হোৱাৰ মূল কাৰণ ৷

জীৱন সংগ্ৰাম সকলোৰে বাবে একে নহয় ৷ এজন সাধাৰণ মানুহৰ বাবে জীৱন সংগ্ৰাম হল কাইলৈ ভাত সাজ মিলিব নে নাই ৷ কিন্তু অন্য এজনৰ বাবে জীৱন সংগ্ৰাম হব পাৰে আজিৰ তুলনাত কাইলৈ কিমান বেছি টকা অৰ্জন কৰিব পাৰে ৷ সেয়ে দুইজনৰ সুখৰ সংজ্ঞা সম্পূৰ্ণ বেলেগ ৷ প্ৰথমজনে ৰাতিপুৱা ভাত সাজ পালেই সুখী অনুভৱ কৰিব, অথচ আনজনে লাখ টকা অৰ্জন কৰিও সুখী নহব পাৰে ৷

বাৰ্টাণ্ড ৰাছেলৰ মতে এজন সহজ সৰল ভাৱে জীৱন-জাপন কৰা ব্যক্তি যি সকলো মানুহ, জীৱ-জন্তুৰ প্ৰতি ভালপোৱা বিয়পায় দিব পাৰে, যি আত্মকেন্দ্ৰীক মনোভাৱ এৰি বিশ্বপ্ৰেম মনত জগাব পাৰে তেওঁ সহজে সুখি অনুভৱ কৰিব পাৰে ৷ অসুখী অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান উপায়ও লিখকে দিছে যেনে নিজৰ কামত বিশ্বাস ৰখা, নিজৰ ভাল লগা কামত নিজকে ব্যস্ত ৰাখা আৰু সৃজনশীল কামৰ দ্বাৰা আত্মসন্তুষ্টি লাভ কৰা, সমাজৰ মানুহৰ লগত সহমৰ্মীতা প্ৰকাশ কৰি সহায়ৰ হাত আগবঢ়োৱা ইত্যাদি ৷

 উপৰোক্ত আলোচনাৰ পৰা এটা কথা নিশ্চিত যে সুখ অৰ্জনৰ বাবে ধন-সম্পদৰ পিছত দৌৰি একো লাভ নাই ৷ নিজৰ আশা-আকাংক্ষা, ভোগ-বিলাসক সংযত কৰি বিশ্বপ্ৰেমৰ মাধ্যমেৰে সুখী হব পাৰে ৷ ভগৱান কৃষ্ণই যি সাত্ত্বিক সুখৰ কথা কৈছে সেয়া হৈছে পৰম সুখ ৷  সেয়ে আমি জীৱন দৌৰত নিজকে উটুৱাই দি ধন-সম্পদৰ পিছত লাগি সুখী হম বুলি থাকিলে এদিন অসুখী হবই লাগিব ৷

(মো নং ৯৮৬৪০৩৬১৪৩)

                                    (অসম বাণী ১১-০৩-২০২১ তাৰিখে প্ৰকাশ পাইছে)                 

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা