সুখৰ সংজ্ঞা বিচাৰি
চিত্তৰঞ্জন ওজা ল ’ ৰালি কালত পঢ়া আনন্দ চন্দ্ৰ আগৰৱালা দেবৰ কবিতা এটা প্ৰায় সকলোৱে পঢ়িছে নিশ্চয় “সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ; সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ” ৷ আমি সকলোৱে জীৱনত সুখীহৈ থাকিব বিচাৰোঁ ৷ দৈনন্দিন কামবোৰ - পঢ়া-শুনা, চাকৰি, ব্যৱসায়, পূজা-পাতল এই সকলোৰে উদ্দেশ্য এটাই, ভৱিষ্যত জীৱন সুখী হোৱা ৷ তথাপি সমাজত অসুখী মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধিহে পাইছে ৷ বিশ্বৰ কিমানজন মানুহ সুখী হ ’ ব পাৰিছে বিচাৰ্যৰ বিষয় ৷ সেয়ে সুখনো কি আৰু কেনেকৈ মানুহে সুখ-শান্তি পাব পাৰে, সুখৰ পিছত দৌৰাৰ আগতেই বুজা উচিত ৷ শ্ৰীমদ্ভাগৱত গীতা শ্ৰীকৃষ্ণৰ মুখৰ পৰা নি: সৃত দিব্যৱানী বুলি কোৱা হয় ৷ অৰ্জুনক নিমিত্ত কৰি সমগ্ৰ মানৱ জাতিৰ বাবে দিব্য উপদেশ প্ৰদান কৰিছে গীতাৰ জৰিয়তে ৷ মানুহে কেনেদৰে সুখ-শান্তি পাব পাৰে গীতাত এনেদৰে লিখিছে “যি ব্যক্তিৰ মন আৰু ইন্দ্ৰিয় নিজৰ বশত নাই তেনে ব্যক্তি কেতিয়াও শান্তি নাপায়, যিজন শান্তি ৰহিত তেওঁৰ নো সুখ ক ’ ত ৷ যেনেকৈ নদ-নদীৰ পানী বেগেৰে বৈ আহি সমুদ্ৰত বিলীন হয়, সমুদ্ৰ সেই একেই ৰূপত থাকি যায়, তেনেকৈ সকলো ভোগবিলাস যিজন স্থিতপ্ৰজ্ঞ পুৰুষক অকণো ...