ভাষা সাহিত্যৰ সাহসী যুঁজাৰু ড° ৰমেশ পাঠক

 চিত্তৰঞ্জন ওজা


আমেৰিকান সাহিত্যিক আৰ্নেষ্ট হেমিঙৱে লিখা এখন বিখ্যাত উপন্যাস “দি অ'ল্ড মেন এণ্ড দা ছী বহুতে হয়তো পঢ়িছে ৷ ১৯৫২ চনত প্ৰকাশিত উপন্যাসখন অতি কমদিনৰ ভিতৰতে গোটেই বিশ্বৰ সাহিত্যানুৰাগীয়ে আঁকোৱালি লয় ৷ ১৯৫৩ চনত উপন্যাসখনে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে আৰু ১৯৫৪ চনত বিশ্ব সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান নবেল বঁটাৰ বাবে নিৰ্বাচিত হয় ৷

            উপন্যাসখন এগৰাকী বৃদ্ধ মাছমৰীয়াৰ কাহিনীকলৈ লিখা ৷ ছাণ্টিয়াগো নামৰ মাছমৰীয়াজনে বয়সৰ ওচৰত হাৰ নামানি প্ৰতি দিনে বিশাল সাগৰত নাও মেলি দিয়ে মাছ ধৰিবলৈ, চফল ডেকা মেন'লিনক সংগী কৰি ৷ কিন্তু ৮৪ দিনৰ বিফলতাৰ পিছত নিজৰ পিতৃৰ কথা পেলাব নোৱাৰি মেন'লিনে ছাণ্টিয়াগোৰ পৰা আঁতৰি যায় ৷ এইবাৰ অকলেই মাছ মাৰিব নাও বাই যায়, সঁচাকৈয়ে সেইদিনা এটা বৃহদ আকাৰৰ মাৰ্লিন মাছে বৰশিৰ টোপ গিলে ৷ মাছটো ইমানেই ডাঙৰ যে মাছেহে নাওখন টানি লৈ যায় ৷ সম্পৰ্ণ দুদিন-দুৰাতি এই বৃহদাকাৰ মাছৰ লগত ছাণ্টিয়াগোৰ যুদ্ধ চলি থাকে ৷ তেওঁ আঘাতপ্ৰাপ্ত, ভাগৰুৱা হলেও হাৰ নামানিলে ৷ মাছটো ভাগৰুৱা হোৱাৰ উমান পাই ঘৰমূৱা হবলৈ লয় ৷ দুৰ্ভাগ্যৰ কথা যে সেইসময়তে কেবাটাও হাঙৰে মাছটো আক্ৰমণ কৰে ৷ ছাণ্টিয়াগোই হাঙৰবোৰ মাৰিব আপ্ৰাণ চেষ্টা কৰে যদিও হাঙৰবোৰে শেষলৈ মূৰ, জঁকা আৰু ফিছাডাল বাদ দি মাৰ্লিনটো খাই পেলায় ৷ ঘৰ আহি ছাণ্টিয়াগো চোতালতে পৰি যায় সম্পূৰ্ণ ভাগৰুৱা, আঘাতেৰে ক্ষত-বিক্ষত হৈ আৰু গভীৰ টোপনিত লালকাল দিয়ে ৷ পিছদিনা ওচৰৰ মাছমৰীয়া সকলে আহি দেখে যে ১৮ ফুট দৈৰ্ঘ্যৰ এটা বৃহৎ মাছৰ জকা নাওত বন্ধা আছে ৷ মেন'লিনে বৃদ্ধ মাছমৰীয়া জনক তেনেকৈ শুই থকা দেখি দুখত কান্দি পেলায় ৷ দুয়ো পুনৰ একেলগে মাছ মৰাৰ সংকল্প লয় ৷ টোপনিতে ছাণ্টিয়াগোৱে এক সপোন দেখে - আফ্ৰিকান বালিচৰত সিংহৰ সৈতে খেলি থকা ভৰ যৌৱন প্ৰাপ্ত ছাণ্টিয়াগো ৷

            “দি অ'ল্ড মেন এণ্ড দা ছী উপন্যাসৰ বয়সে হাৰ নমনা ছাণ্টিয়াগোৰ মনোৰম কাহিনী এইটো ৷ ৮৪ দিন সাগৰত মাছ ধৰিব নোৱাৰিলেও হাৰ নমনা সাহসী তেওঁ, ডেকা সংগীজন গুচি যোৱাৰ পিছত অকলশৰীয়া হৈ হাৰ নমনা সাহসী তেওঁ, বৃহদাকাৰ মাছ এটাক বশ কৰিবলৈ দুদিন –দুৰাতি একেৰাহে যুঁজি থাকিও হাৰ নমনা সাহসী তেওঁ ৷ লিখকে ছাণ্টিয়াগোৰ মুখেৰে জীৱনৰ মহৎতম বাণী প্ৰকাশ কৰিবলৈ বিচাৰিছে এনেদৰে “Man is not for defeat_____, A man can be destroyed not defeated”৷ ছাণ্টিয়েগোৰ জীৱন কাহিনীয়ে মোক অসমৰ এজন মহান ব্যক্তিলৈ মনত পেলাই দিয়ে, নাম তেওঁৰ ড° ৰমেশ পাঠক ৷

ড॰ ৰমেশ পাঠক এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, ব্যাকৰণবিদ, নিবন্ধকাৰ আৰু সুবক্তা ৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰি লাভ কৰি অৰুনাচল প্ৰদেশত শিক্ষকতা আৰম্ভ কৰে ৷ পিছত ১৯৭০ চনৰ পৰা ২০০০ চনলৈ তেখতে কটন কলেজত অসমীয়া বিভাগত অধ্যাপক হিচাপে সেৱা আগবঢ়ায় ৷ অৱসৰ গ্ৰহণৰ পিছতো তেওঁ গৱেষক হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বহু বছৰলৈ কাম কৰি যায় ৷

° ৰমেশ পাঠকৰ সাহিত্যিক জীৱনৰ আৰম্ভণি ঘটিছিল ৰম্য ৰচনা, উপন্যাস আৰু কবিতাৰ জৰিয়তে ৷ কবিতাৰ পুঠি “পাহৰা গীতৰ সুৰ আৰু ৰম্য ৰচনা “থাক ঐ থাক সোমাই থাক উপন্যাস “এটা নতুন সূৰ্য্য লাগে, “ছন্দহাৰা পৃথিবীত অনাতাঁৰ নাটক “তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা, “অসমাপ্ত স্বৰ্গ ভ্ৰমণ ইত্যাদি তেখেতৰ লেখত লবলগীয়া অৱদান ৷

ভাষাবিদ আৰু গৱেষক হিচাপে ড° ৰমেশ পাঠকৰ অৱদান অতুলনীয় ৷ তেখেতে লিখা কিতাপ “ভাষা বিজ্ঞানৰ ভূমিকা“, “অসমীয়া ভাষাৰ ইতিহাস“, “ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান“, “পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব“, “পুৰণি অসমীয়া সাহিত্যৰ সুবাস“, “উপভষা বিজ্ঞান আৰু অসমীয়া ভাষা“, “অসমীয়া ভাষা চৰ্চাকাৰী সকলৰ হাতপুথি“, “অসমীয়া ভষাৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰচাৰ“, “সামগ্ৰিক অসমীয়া শব্দকোষ“ আৰু “উচ্চতৰ অসমীয়া ব্যাকৰণ“ অন্যতম ৷

° পাঠক ছাৰে কেবাখনো মুল্যবান গ্ৰন্থ সম্পাদনা কৰি উলিয়ায় ৷ তাৰ ভিতৰত হৰিবৰ বিপ্ৰৰ “বব্ৰুবাহনৰ যুদ্ধ, শংকৰদেৱৰ পাৰিজাত হৰণ, ৰূক্মিনী হৰণ, মাধৱদেৱৰ অৰ্জুন ভঞ্জন, সত্যনাথ বৰাৰ বহল ব্যাকৰণ আদি সম্পাদিত গন্থবোৰৰ পাতনিত লিখা গৱেষণা মূলক লিখনিবোৰ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ হিচাপে থাকিব ৷ তেখেতৰ সম্পাদনাত নতুন ৰূপত উলিওৱা হেমকোষ (দ্বাদশ সংস্কৰণ) অভিধানখন অসমীয়া ভাষাৰ বাবে আগ বঢ়োৱা এক অন্যতম অৱদান ৷

 ° পাঠক ছাৰ অসমীয়া ভাষাৰ শুদ্ধ ৰূপ বিকাশৰ ক্ষেত্ৰত আৰু অসমীয়া ভাষাৰ সামগ্ৰিক ৰূপ পুংখানুপুংখ ভাৱে দাঙি ধৰাত নিজকে সম্পূৰ্ণ ৰূপে নিয়োজিত কৰিছিল আৰু সফল হৈছিল ৷ ড° পাঠক ছাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত যিমানখিনি সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰি অসমীয়া ভাষা-সাহিত্যৰ বাবে অৱদান আগবঢ়ালে তাক সকলোৱে স্বীকাৰ কৰিব লাগিব ৷ তেখেতৰ এই অৱদানৰ বাবেই অসম সাহিত্য সভাই “সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে ৷ ২০২০ চনত নলবাৰী সাহিত্য সভাই তেখেতক “নলবাৰী ৰত্ন“ উপাধিৰে সন্মানিত কৰে ৷ যোৱা ৩০ ডিচেম্বৰত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত  ড° ৰমেশ পাঠক ছাৰক জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয় ৷ ভাষা সাধনাত নীৰৱে আজীৱন ব্ৰতী পাঠক ছাৰলৈ আগবঢ়োৱা এই বঁটাৰ খবৰে আমি প্ৰতিজন অসমীয়াই অতিশয় আনন্দিত হৈছে ৷

° ৰমেশ পাঠকে জীৱনত বহুতো ঘাত-প্ৰতিঘাতৰ সন্মুখীন হবলগীয়া হৈছিল ৷ অৱসৰৰ কিছু বছৰ পিছত ২০০৯ চনত তেখেতৰ পত্নীৰ মৃত্যু হয় ৷ ইয়াৰ পিছতো তেওঁ থমকি ৰোৱা নাই, ভাষা-সাহিত্যৰ সাধনাত ব্ৰতী হৈ ৰয় – একক প্ৰচেষ্টাত এক বৃহৎ অভিধানৰ ৰচনাৰ কামত লাগি যায় ৷ ২০১৪ চনত তেওঁ জীৱনৰ আন এটা গভীৰ শোক পায় – তেখেতৰ একমাত্ৰ পুত্ৰ মণিকূট পাঠকৰ আততায়ীৰ হাতত অকাল মৃত্যু হয় ৷ এই শোকতে পাঠক ছাৰৰ স্বাস্থ ভাঙি পৰে ৷ ভালদৰে খোজ কাঢ়িব নোৱৰা হয়, হৃদৰোগ, মধুমেহ ৰোগত আক্ৰান্ত হৈ শাৰীৰিক ভাবে যথেষ্ট দুৰ্বল হৈ পৰে ৷ তথাপি তেওঁ হাৰ নামানিলে, ভাষা সাহিত্যৰ সমুদ্ৰৰ পৰা এজন সফল মাছমৰীয়াৰ দৰে সাগৰৰ গভীৰ তলিৰ পৰা মুল্যবান মণি মুকুতা আনি আমাক দি গল ৷ নিজৰ দুৰ্বল শৰীৰ, পত্নী-পুত্ৰ শোকত ম্ৰিয়মান, কিন্তু জীৱন যুদ্ধত হাৰ নমনা এক সাহসী ব্যক্তি ড° ৰমেশ পাঠক ৷ এই দুৰ্ঘটনা বোৰৰ পিছত ১, ৭০, ০০০ শব্দৰ অন্তৰ্ভুক্তিৰে প্ৰকাশিত সামগ্ৰিক অসমীয়া শব্দকোষ অসমীয়া ভাষাৰ এতিয়ালৈ প্ৰকাশিত অভিধান বোৰৰ ভিতৰত সৰ্বোত্তম বুলি দোহাৰিছে হোমেন বৰগোহাঁঞি দেবে ৷

             কটন কলেজত ১৯৮৪-৮৬ বৰ্ষত পঢ়াদিন বোৰৰ কথা৷ এটা বিল্ডিঙৰ পৰা আনটো বিল্ডিঙলৈ দৌৰা-দৌৰি কৰি যেতিয়া অসমীয়া শ্ৰেণীকোঠাত বহোঁ টোপনিয়ে হেঁচা মাৰি ধৰে ৷ ইপিনে শ্ৰেণীত ১৫০ ৰো ওপৰ ছাত্ৰ-ছাত্ৰী থাকিলে পিছফালে কথা পাতি থাকিলেও শিক্ষকে দেখা পোৱাৰ উপায় নাথাকে ৷ কিন্তু ৰমেশ পাঠক ছাৰ শিকাই থকা সময়খিনিত সকলো মৌণ হৈ শুনি থাকে ৷ ইমান সুন্দৰকৈ খুহুটীয়া আৰু ৰসাল কথাৰে পাঠবোৰ বুজায়, শ্ৰেণীৰ আটাইতকৈ দুষ্ট ছাত্ৰ-ছাত্ৰী সকলেও মনযোগ নিদিয়াকৈ নাথাকে ৷ তেওঁৰ খুহুটীয়া কথাবোৰৰ ভিতৰত এষাৰ কথা এতিয়াও মনত পৰে “প্ৰেয়সীৰ ঘৰৰ কুকুৰৰ ভুক-ভুকনিও সুমধুৰ সঙ্গীত যেন লাগে“ ৷

            কলেজ এৰাৰ সম্পূৰ্ণ ৩৪ বছৰ পিছত ছাৰক লগ ধৰিছিলো নভেম্বৰ, ২০২০ চনত, অনলাইন মাধ্যমত তেখেতৰ সাক্ষাৎকাৰ লবলৈ ৷ কিছুদিন আগতে জি এন আৰ চি হাস্পাতালৰ পৰা ওলাই আহিছেহে, দেহ অতি দুৰ্বল, কিন্তু তেখেতৰ অসমীয়া জাতিৰ প্ৰতি ভালপোৱা, অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা দেখি আচৰিত হৈ যাওঁ ৷ নতুন চাম লিখক-লেখিকাৰ ভাষা জ্ঞান আৰু শব্দ জ্ঞানৰ সীমাবদ্ধতাৰ ওপৰত তেওঁ কৈছিল- “হাতৰ তলুৱাত লৈ শব্দ লিৰিকি-বিদাৰি চাব নাজানিলে, ইহাতৰ পৰা নি সিহাতলৈ দলিয়াই হেতালি খেলিবলৈ নাজানিলে আৰু তাৰ মাজত শব্দ শুঙি চাব নাজানিলে সাহিত্য সৃষ্টি নকৰাই ভাল ৷ আৰু কৈছিল “সাহিত্যিকসকল সামাজিকভাৱে দায়বদ্ধ হব লাগিব৷ সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে সাহিত্যিকসকলৰ স্পষ্ট অভিমত থাকিব লাগিব৷ অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পৰ্কেও তেওঁৰ ধাৰণা স্পষ্ট - “ভাষা জীয়াই থাকে জাতিটোৰ স্বাভিমানৰ ওপৰত৷ ৷ তেখেতে কৈছিল যে ভাষা সম্পৰ্কে যিমান প্ৰবন্ধ বা কিতাপ তেখেতে লিখি উলিয়াইছে তাৰ উদ্দেশ্য এটাই – অসমীয়া ভাষা-সাহিত্য বা ব্যাকৰণৰ যিবোৰ বিষয়ত এতিয়ালৈ কোনেও লিখা নাই, সেই বিষয়বোৰৰ ওপৰত লিখি ভাষা-সাহিত্য সম্পৰ্কত সেই অভাৱ পূৰণ কৰা ৷

            ° ৰমেশ পাঠকৰ জীৱনৰ বিপদ-বিঘিণি, বাৰ্ধক্য, স্বাস্থ্য আৰু একাকিত্বৰ ওচৰত হাৰ নামানি যি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে সিয়ে “দি অ'ল্ড মেন এণ্ড দা ছী উপন্যাসৰ বয়সে হাৰ নমনা, অকলশৰীয়া ছাণ্টিয়াগোৰ চৰিত্ৰৰ লগত ৰিজাব পাৰি ৷ দুইটা চৰিত্ৰৰ পাৰ্থক্য এইটোৱে যে ছাণ্টিয়াগোৰ যুঁজখন আছিল জীয়াই থকাৰ যুঁজ, কিন্তু ড° ৰমেশ পাঠকৰ যুঁজ আছিল অসমীয়া ভাষা, অসমীয়া জাতিৰ ৰক্ষাৰ বাবে কৰা যুঁজ ৷ নিজৰ জীৱনত ঘটা ঘাত-প্ৰতিঘাত বোৰ, নিজৰ দুৰ্বল দেহকো আওকান কৰি অসমীয়া ভাষাৰ উন্নতিৰ হকে তেখেতে সাহসেৰে কাম কৰি যায় ৷

ভাষা-সাহিত্যৰ সমুদ্ৰৰ এই সাহসী যুঁজাৰু ড° পাঠক ছাৰ নিশ্চয়কৈ এক সফল যোদ্ধা ৷ কিন্তু নিয়তিৰ ওচৰত এদিন সকলোৱে হাৰ মানিব লাগিব ৷ ড° পাঠকৰ মৃত্যু অসমীয়া ভাষাৰ বাবে এক বৃহৎ ক্ষতি ৷ এজন ভাষাবিদ, পণ্ডিত, গৱেষকক হেৰুৱালো ৷ তেওঁৰ আধৰুৱা কামবোৰ যাতে বন্ধ হৈ নাযায় তাৰেই আশা থাকিল ৷ তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈ নতুন প্ৰজন্মই যেন  ভাষা-সাহিত্যৰ সমুদ্ৰৰ পৰা আৰু বহু অৱদান  অসমীয়া ভাষালৈ আগবঢ়াব বুলি আশাৰে বাট চাই ৰ'লোঁ।

 

(মো নং: ৯৮৬৪০৩৬১৪৩)

(২৮ জানুৱাৰী, ২০২১ তাৰিখে নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ পালে)

 

Comments

  1. খুউৱ সুন্দৰ লিখনি৷চাৰৰ সেই বিখ্যাত কথাটি "প্ৰেয়সীৰ ঘৰৰ....“য়ে বৰ ৰস দিছিল৷চাৰলৈ সশ্ৰদ্ধ প্ৰণাম৷

    ReplyDelete
  2. বৰ ভাল লাগিল। জ্ঞান বৰ্দ্ধক আৰু মনোগ্ৰাহী।

    ReplyDelete
  3. Bhal lagil porhi. Dhunia tribute.

    ReplyDelete
  4. Heart touching presentation on the braved hero of our language and culture.

    ReplyDelete
  5. Excellently penned..no doubt that it would touch the hearts of the readers

    ReplyDelete
  6. অতি সুন্দৰ লিখনি। তুলনাতো অতুলনীয়

    ReplyDelete
  7. ভাল লাগিল চাৰ ।

    ReplyDelete
  8. অতি সুন্দৰকৈ অসমীয়া ভাষাৰ এজন অন্যতম কাণ্ডাৰী, শ্ৰদ্ধেয় পাঠক ছাৰক শ্ৰদ্ধাঞ্জলি জনোৱা এই লিখনি পঢ়ি অলপ আবেগিক হৈ গৈছিলোঁ।

    ReplyDelete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা