কৰ’না কালত মানসিক সমস্যা আৰু প্ৰেৰণা দায়িনী মিনতি বৰঠাকুৰ

 

চিত্তৰঞ্জন ওজা

 

যোৱা ৩ অক্তোবৰৰ ৰাতিপুৱা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ওলোৱা খবৰ এটাই মনত বৰ দুখ দিয়ে৷ মোৰ নিচিনা বহুতৰে হয়টো একেই অনুভৱ আছিল৷ গোসাইগাৱৰ এটা পৰিয়ালৰ পাঁচ জনেই  আৰ্থিক দৈন্যত ভুগি তথা ঋনৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’ব লগীয়া হয়৷ নিজৰ পত্নী সহ তিনি গৰাকী গাভৰু জীয়ৰী একেটা ৰূমত চিপজৰী ল’ব লগীয়া হোৱা ঘটনা হৃদয় বিদাৰক৷ কৰনা অতিমাৰিৰ বাবে পৰিয়ালৰ মুৰব্বীজন ব্যৱসায়ত লোকচানৰ সন্মুখীন হয়৷ ঋনৰ বোজা সহিব নোৱাৰি মানসিক ভাবে ভাঙি পৰে আৰু আত্মহত্যাৰ পথ বাচি লয়৷ তিনিও গৰাকী জীয়ৰী মেধাবী ছাত্ৰী আছিল৷ কৰনা অতিমাৰিৰ বাবে আহ্বান জনোৱা লকডাউনৰ সুদীৰ্ঘ সময়চোৱাত ভাৰতবৰ্ষৰ লাখ লাখ পৰিয়াল আৰ্থিক দুৰ্গতিৰ সন্মুখীন হয়৷ ব্যৱসায়, বাণিজ্য ধোৱাচাঙত উঠে, বহুলোকে চাকৰি হেৰুৱায়৷ হঠাতে হোৱা এই পৰিৱৰ্তনক সহজ ভাৱে লব নোৱৰাৰ ফলত বহুতে মানসিক চাপ আৰু উদ্বিগ্নতাত ভুগে৷ গোসাইগাৱৰ ঘটনাটোৰ দৰে দেশৰ বহু পৰিয়ালৰ সদস্য আত্মহত্যাৰ পথ বাচি ল’ব লগীয়া হয় এইসময়চোৱাত৷

জীৱন যুদ্ধৰ এই লৰা-ঢপৰা দিন বোৰ হঠাৎ স্থবিৰ হৈ যোৱাৰ পিছত মানুহবোৰ ইজনে সিজনৰ পৰা আঁতৰি আহিব লগীয়া হয়, যিয়ে মানসিক অৱসাদ আৰু বিষাদৰ সৃষ্টি কৰিলে৷ যিসকল লোক ৰাগীয়াল বস্তু যেনে ড্ৰাগচ, সুৰা ইত্যাদিৰ প্ৰতি অধিক আসক্ত আছিল, লকডাউনৰ সময়ত  অভাৱৰ হেতু নিচাসক্ত কিছুলোক মানসিক ভাৰসম্য ৰাখিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয়৷ Withdrawal syndrome ত যিসকলে ভুগিছিল তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ অভাৱত হয়টো দুই-এজন মৃত্যু মুখত পৰে৷ মাহৰ পিছত মাহ পাৰ হোৱাৰ পিছতো কৰনা ভেকচিনৰ আৱিষ্কাৰ নহল, কৰনাত মৃত্যু হোৱা লোকৰ বাতৰি, ইপিনে কৰনাৰ প্ৰভাৱৰ পৰা দেশক মুক্ত কৰিব নোৱৰা ঘটনাই এক শ্ৰেণীৰ মানুহৰ মানসিক চিন্তা, অৱসাদ বৃদ্ধি কৰিলে৷

লকডাউনৰ সময়ত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হয় বিশ্বৰ শিশু সকল৷ ২.২ বিলিয়ন শিশুই বিশ্বৰ জনসংখ্যাৰ ২৮% ক প্ৰতিনিধিত্ব কৰে৷ কৰনাই এই শিশু সকলৰ ওপৰত অভাৱনীয় ভাবে প্ৰভাৱ পেলায়৷ এই সামাজিক দূৰত্ব আৰু অকলশৰীয়াকৈ থকাৰ বাবে শিশু সকলৰ মানসিক চাপ আৰু অৱসাদ বৃদ্ধি হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ আধানম ঘেব্ৰেয়াছাছৰ শেহতীয়া ভাষ্যত এইটো কথা স্পষ্ট হয় যে বিশ্বৰ পৰা কৰনা মহামাৰীৰ বিভীষিকা অন্ত পৰিবলৈ আৰু অন্তত: দুবছৰৰ প্ৰয়োজন হব৷ দীৰ্ঘ সময়ৰ বাবে জনসাধাৰণৰ মাজত দেখা দিয়া এই মানসিক দুশ্চিন্তা, অৱসাদ আঁতৰাবলৈ সমাজৰ বহুতো কৰণীয় আছে৷ যোগ, প্ৰাণায়াম, ব্যায়াম আৰু ধনাত্মক চিন্তাধাৰাই মানুহৰ এই সাময়িক ভাবে দেখা দিয়া মানসিক সমস্যা আঁতৰাব পাৰি৷

দুৰ্যোগৰ লগত সাধাৰণতে দুটা কথা জড়িত থাকেবিপদ আৰু সম্ভাৱনা। দুৰ্যোগে বিপদ আনে আমি সকলোৱে জানো, কিন্তু লগত বহুত সম্ভাৱনাও লৈ আনে। জনসাধাৰণৰ কৰণীয় ' এই সম্ভাৱনা বিলাকক বিচাৰি উলিওৱা আৰু দেশক অধিক শক্তিশালী ৰূপত আগুৱাই নিয়া। প্ৰথম মহাযুদ্ধৰ পিছত বিশ্বৰ দেশ সমূহ  অৰ্থনৈতিক ভাবে জুৰুলা হোৱাৰ সময়তে দুৰ্ভাগ্যজনক ভাবে ১৯১৮ চনৰ পৰা স্পেনিছ ফ্লু মহামাৰীত আক্ৰান্ত হয়৷ এই ভয়ানক মহামাৰীত বিশ্বৰ জনসংখ্যাৰ প্ৰা্য ৫০%  লোক এই ৰোগত আক্ৰান্ত হয় আৰু প্ৰায় ৫% লোক (১০ কৌটি) মৃত্যু মুখত পৰে৷ কিন্তু এই দুৰ্যোগৰ কিছু বছৰ পিছতে আমেৰিকা, ৰাছিয়া, আৰু ইউৰোপৰ দেশ সমূহ ঠন ধৰি উঠে আৰু সকলো দিশতে দোপত দোপে আগুৱাই যায়৷ তেনেদৰে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে হিৰোছিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমাৰ পিছত জাপানৰ অৱস্থা অতিশয় শোচনীয় হৈ পৰিছিল৷ ইয়াৰ বিপৰিত দুটা দশকৰ ভিতৰত জাপান এছিয়া মহাদেশৰ ভিতৰত অৰ্থনৈতিক  দিশত সবাতোকৈ শক্তিশালী ৰূপে নিজকে প্ৰতিষ্ঠিত কৰে৷ দুৰ্যোগৰ সময়ত সৃষ্টি হোৱা নতুন সম্ভাৱনা বোৰক ব্যৱহাৰ কৰাৰ বাবেই এই দেশ সমূহ আগুৱাই যাব পাৰিলে৷    

ভাৰতবৰ্ষৰ জনসাধাৰণক কৰ’না অতিমাৰিৰ এই ভয়াবহ পৰিস্থিতিত দেশক  আগুৱাই নিবলৈ মানসিক ভাৱে শক্তিশালী কৰিব লাগিব৷ প্ৰেৰণা দায়ক কিছু সঁচা ঘটনাৰ প্ৰচাৰে মানুহক ধৈৰ্য আৰু সাহস দিয়ে৷ মনৰ পৰা  অৱসাদ আৰু বিষাদ আঁতৰাব পাৰে৷ তেনে এটা প্ৰেৰণা দায়ক কাহিনী আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ৷

যোৱা ২৭ চেপ্তেম্বৰৰ পৰা অনলাইন যোগে কটন কলেজৰ প্ৰাক্তন শিক্ষাগুৰু সকলৰ লগত অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ পষেকত এবাৰকৈ৷ যোৱা ১ নভেম্বৰত আমাৰ অতিথি আছিল শ্ৰীমতী মিনতি বৰঠাকুৰ৷ সেই দিনাই  প্ৰেৰণাৰ উৎস মিনতি বাইদেউক নতুনকৈ আৱিষ্কাৰ কৰোঁ৷ তেখেত কটন কলেজৰ পৰা দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ লয় ২০০৬ চনত৷ বাইদেউৰ জন্ম ১৯৪৭ চনত৷ কলেজত পঢ়ি থকা সময়তে ১৯ বছৰ বয়সত বিয়া হয়৷ বিয়াৰ এবছৰ পিছত তেওঁ দৰঙ কলেজৰ শ্ৰেষ্ঠ স্নাতক হিচাপে উত্তীৰ্ণ হয়৷ পতি-পত্নীৰ তেজৰ বিপৰিত গ্ৰুপৰ বাবে তেখেতৰ তিনিটা সন্তান জন্ম দিয়াৰ পিছত মৃত্যু মুখত পৰে৷ তিনিটা সন্তানৰ অকাল মৃত্যুৰ পিছতো তেওঁ ভাঙি নপৰিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ছাত্ৰ-ছত্ৰীৰ জীৱন গঢ় দিয়াৰ পণলৈ প্ৰথমে ডিফু কলেজ আৰু পিছত কটন কলেজত যোগদান কৰি ১৯৭৪ চনৰ পৰা শিক্ষকতাক জীৱনৰ লক্ষ্য হিচাপে লয়৷ কিন্তু মিনতি বৰঠাকুৰৰ জীৱনত দুৰ্ভাগ্যই লগ এৰা নিদিলে৷ ১৯৯৪ চনত তেওঁৰ গাত কৰ্কট ৰোগ ধৰা পৰে চতুৰ্থ ষ্টেজত৷ কেমথেৰাপী লোৱাৰ বাবে অবৰ্ণনীয় যন্ত্ৰণা সহ্য কৰি থাকিও তেওঁ জীৱনৰ ওচৰত হাৰ নামানিলে৷ চতুৰ্থ ষ্টেজৰ কৰ্কট ৰোগক জয়ী কৰি এইবাৰ  কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়াবলৈ মনস্থ কৰে৷ ২০০০ চনৰ পৰা বিনাপাৰিশ্ৰমিকত তেওঁ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ বাবে কাম কৰিবলৈ লয়৷ সেয়া তেওঁৰ আৰম্ভণিহে, ইয়াৰ পিছত বিশ্বৰ এখন হাস্পতালৰ পৰা আনখনলৈ গৈ ৰোগীৰ ওচৰত থিয় হৈ সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়ায়৷ সাধাৰণ ভাবে চলিবলৈ লগা ধনৰ বাহিৰে নিজৰ সমস্ত আয়, পেঞ্চনৰ ধন কৰ্কট ৰোগীৰ বাবে খৰচ কৰে৷ কিন্তু ভাগ্যই তেওঁক কেতিয়াও লগ দিয়া নাছিল৷ ২০০৯ চনত দ্বিতীয় বাৰৰ বাবে তেওঁৰ দেহত কৰ্কট ৰোগ দেখা দিয়ে, সেই বাৰো চতুৰ্থ ষ্টেজত৷ এই খবৰ পোৱাৰ দিনাখনে তেওঁৰ স্বামী হৃদ ৰোগত আক্ৰান্ত হয় আৰু মৃত্যু মুখত পৰে৷ কিন্তু নিজৰ মনোবল, ধ্যান আৰু প্ৰাণায়ামৰ দ্বাৰা তেওঁ এইবাৰো সেই দুৰাৰোগ্য বেমাৰৰ পৰা মুক্ত হয়৷

 ধ্যান, প্ৰাণায়াম, প্ৰেৰণা দায়ক ভাষণৰ জৰিয়তে বিশ্বৰ হেজাৰ হেজাৰ ৰোগীৰ বাবে তেওঁ প্ৰেৰণা দায়িনী হৈ ৰয়৷ সেয়ে সকলোৱে এতিয়া সম্বোধন কৰিবলৈ লয় প্ৰেৰণা দায়িনী মিনতি বৰঠাকুৰ বুলি৷ বহুতে তেওঁক অসমৰ নাইটিঙ্গেল বুলি স্বীকৃতি দিছে৷ তেওঁ এই মানৱতাৰ প্ৰতি যি অপুৰ্ব নিদৰ্শন দেখুৱালে তাৰ বাবে পৃথিৱীৰ বিভিন্ন সংগঠনে সন্মানজনক বটাৰে পুৰস্কৃত কৰিছে৷ তাৰ ভিতৰত আন্ত:ৰাষ্ট্ৰীয় ৰটাৰি ক্লাবৰ শ্ৰেষ্ঠ সন্মান “Service Above Self Award“ তেওঁক প্ৰদান কৰে৷ N.E.T.V. ৰ পৰা Woman of the Year লাভ কৰে৷ ২০০৭ চনত নগালেণ্ডৰ গৱৰ্নৰে বাইদেউক বিশেষ সন্মান প্ৰদান কৰে৷ ২০০৮ চনত ডা° বাট্ৰা সংগঠনে “Positive Health Hero” হিচাপে সন্মান জনায়৷ “Assamese Association of North America“ তেওঁক মাতিলৈ বিশেষ সন্মান জনায়৷ “মোৰ অসুখৰ এবছৰ নামৰ বাইদেউ লিখা কিতাপখন অসমত অতি জনপ্ৰিয় আৰু কেবাটাও ভাষাত অনুবাদ হৈছে৷ লগতে অসমৰ ১২৮জন লিখকে বাইদেউৰ ওপৰত লিখা কিতাপ “প্ৰেৰণা দায়িনী মিনতি বিশেষ ভাবে উল্লেখযোগ্য৷ চন ২০১৯ত বিশ্বৰ ৫০ গৰাকী শ্ৰেষ্ঠ বিদূষী নাৰীৰ ওপৰত লিখা কিতাপ “Global Women of Substance” ত মিনতি বৰঠাকুৰৰ জীৱনী অন্তৰ্ভূক্ত হোৱাটো অসমৰ বাবে অতি গৌৰৱৰ কথা৷

প্ৰতিকূল পৰিৱেশত, জীৱনৰ চৰম দুৰ্দশাৰ সময়তো হাৰ নামানি নিজৰ মনোবল বৃদ্ধি কৰি জীৱন যুদ্ধত জয়ী হব পৰা মিনিতি বৰঠাকুৰৰ এই উদাহৰণে নিশ্চয় কৰনা কালৰ হতাশাগ্ৰস্থ মানুহৰ বাবে প্ৰেৰণাৰ এক উৎস হৈ ৰব৷

 (মো নং ৯৮৬৪০৩৬১৪৩)          

(৪ ডিচেম্বৰ, ২০২০ তাৰিখে অসম বাণী কাকতত প্ৰকাশ পালে ৷)    

Comments

  1. সমাজলৈ ইতিবাচক বাৰ্ত্তা বহন কৰা এক সুন্দৰ লেখনি।

    ReplyDelete

Post a Comment

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা