উপ পৰিদৰ্শক চাকৰিৰ নিযুক্তিত দুৰ্ণীতি আৰু কিছু চিন্তা
অসম আৰক্ষীত উপ পৰিদৰ্শক চাকৰি নিযুক্তিকলৈ
হোৱা দুৰ্ণীতি সকলোৱে দেখিবলৈ পাইছোঁ, লগতে এই ঘোটালাত লিপ্ত একাংশ চৰকাৰী চাকৰিয়াল, ৰাজনৈতিক নেতা আৰু
দালাল আদি ব্যক্তিৰ কালিকা লগা বহু ঘটনা পোহৰলৈ আহিল ৷ চৰকাৰে সঠিক সময়ত উচিত পদক্ষেপ
লোৱাত দুৰ্ণীতিত লিপ্ত সকলক গ্ৰেপ্তাৰ কৰি ন্যায় ব্যৱস্থাৰ আওতাত আনিব পাৰিছে ৷ কথা হ’ল এনেধৰণৰ
দুৰ্ণীতি ইয়াতে শেষ হ’ব নে, নে ভবিষ্যতে নতুন ধৰণৰ দুৰ্ণীতি ইয়াতকৈও ভয়াবহ ৰূপত আমি দেখিবলৈ পাম ৷ দুৰ্ণীতিৰ
ঘটনাবোৰ সঘনাই আমি কিয় দেখিবলৈ পাওঁ, ইয়াৰ প্ৰতিকাৰ কি এইবোৰ চিন্তা কৰিলে কিছু কথা মনলৈ আহে ৷
আমি যি সমাজত বাস কৰো সেই সমাজৰ প্ৰভাৱ
আমাৰ জীৱনত আটাইতকৈ বেছি ৷ স্কুলীয়া জীৱনত আমি যিমানেই নীতি শিক্ষা নলওঁ কিয় সমাজৰ
ভাল বেয়া বোৰে ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ প্ৰভাৱ পেলায় ৷ সেয়ে সমাজখন যেতিয়া ঘূনীয়া
হয় এনেধৰণৰ দুৰ্ণীতি সমাজত বাৰে বাৰে ঘটি থকা দেখিবলৈ পাওঁ ৷ যেতিয়া চিধা ৰাস্টাৰে
লক্ষ্যস্থান গৈ নাপাওঁ, বেকা ৰাস্টা ল’বলৈ আমি বহুতে কুন্ঠাবোধ নকৰোঁ ৷ সমাজৰ প্ৰায়বোৰ
অভিভাৱকে এইটোৱে বিশ্বাস কৰে যে চৰকাৰী চাকৰি এটা হ’লে সন্তানৰ ভৱিষ্যত সুৰক্ষিত হ’ব,
সেয়ে চাকৰি এটাৰ বাবদ লাখ লাখ টকা দিবলৈ কুন্ঠাবোধ নকৰে ৷ বহুতে হয়টো কোনো দালাল বিচাৰি
নাপালে বাবেই এই ঘোটালাৰ লগত জঢ়িত হ’ব লগা নহ’ল ৷
আমাৰ এই মানসিকতাৰ পৰিণতি সকলোৱে ভোগ
কৰিব লগীয়া হৈছে ৷ ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছতো চাকৰিৰ বাবে যেতোয়াই পৰীক্ষা পাতিবলৈ
ল’ব, কেইজনমান নতুন দালালক দেখা পাম, যি চাকৰিৰ বাবদ লাখ লাখ টকা ল’ব, টকা দিবলৈও মানুহৰ
অভাৱ নাথাকিব ৷ দেশৰ আৰ্থিক অৱনতি, দিনক দিনে বাঢ়ি অহা নিবনুৱা
সমস্যা, সমাজত বৃদ্ধি পোৱা অসহিষ্ণুতা ইত্যাদিয়ে
মানুহক বেকা পথেৰে হ’লেও চাকৰি লবলৈ বাধ্য কৰা নাইনে ৷
মধ্যপ্ৰদেশত চাকৰি নিযুক্তি সংক্ৰান্তত
ব্যাপক হাৰত হোৱা দুৰ্ণীতি পোহৰলৈ আহে ২০১৩
চনত – যাক কোৱা হয় ভ্যাপম ঘোটালা ৷ কেবাবছৰ
ধৰি বিভিন্ন পদৰ নিযুক্তিৰ বাবে আৰু মেডিকেল কলেজৰ নাম ভৰ্তিৰ বাবে ভ্যাপম "Vyapam" Vyavsayik Pariksha
Mandal)“ বুলি
অনুস্থান এটাই ৰাজ্যত পৰীক্ষা পাতি আহিছিল
৷ যেতিয়া পৰীক্ষাৰ ব্যাপক খেলিমেলিৰ কথা পোহৰলৈ আহে, দেশজুৰি তোলপাল লাগে আৰু
ৰাজ্য চৰকাৰে বাধ্যত পৰি চি বি আই ক তদন্তৰ দায়ীত্ব দিয়ে ৷ যদিও ২০০০ চনৰ পৰাই এই ঘোটালা
চলি আছিল, চিবিআই ২০০৯ চনৰ পৰা ৰাজ্যৰ ১৫৪
টা কেচ হাতত লয় আৰু ৩১০০ জনতকৈ অধিক ব্যক্তিৰ ওপৰত তদন্ত চলায় ৷ ১৪৫জনৰ বিৰুদ্ধে চাৰ্জছিত
দিয়ে আৰু আদালতে ৯৪ জনক ৩ বছৰৰ পৰা ১০ বছৰলৈ সশ্ৰম কাৰদণ্ডৰ ৰায় প্ৰদান কৰে ৷ দোষী
সাব্যস্ত হোৱা লোকসকলৰ মাজত আছিল বৰিষ্ঠ ৰাজনৈতিক
নেতা, চৰকাৰী বিষয়া, ব্যৱসায়ী ইত্যাদি ৷ ২০১৭ চনত উচ্চতম ন্যয়ালয়ে মুখ্যমন্ত্ৰী শিৱৰাজ
সিং চৌহান আৰু কংগ্ৰেজৰ নেতা দিগ্বিজয় সিংক নিৰ্দোশী বুলি ৰায় দান কৰে ৷ উল্লেখনীয়
কথা এইটোৱে যে এই ঘোটালাৰ লগত জঢ়িত ৩৬ জন ব্যক্তিৰ (তাৰ ভিতৰত এজন হ’ল সেইসময়ৰ মধ্যপ্ৰদেশৰ
ৰাজ্যপালৰ পুত্ৰ) অকাল মৃত্যুক সাবতিবলগীয়া
হোৱাটো ৷ বহুতে বিশ্বাস কৰে যে তেওঁলোকক হত্যা কৰা হৈছিল, পিছত আত্মহত্যাৰ ৰূপ দিয়া
হৈছিল ৷
অসমৰ নিযুক্তি কেলেঙ্কাৰিৰ ঘটনা প্ৰথমে
পোহৰলৈ নাহিলে ভ্যাপমতকৈও ডাঙৰ ঘোটালা হ’ল হেঁতেন ৷ চৰকাৰৰ বিভিন্ন বিভাগৰ ১০০০০ ৰ
ওপৰত খালি হৈ থকা চাকৰিৰ নিযুক্তিকৰণত কিমান টকাৰ লেনদেন হ’ল হেঁতেন আৰু ওপৰৰ পৰা তললৈ
কিমান মানুহ জঢ়িত হ’ল হেঁতেন তাক ভাবিলেই ভয়
লাগে ৷ সকলো ঘোটালাৰ ক্ষেত্ৰতে চৰকাৰী পৃষ্ঠপোষকতা সাধাৰণতে দেখা পোৱা যায় - কোনো এজন
মন্ত্ৰী বা আমোলাৰ প্ৰতক্ষ বা পৰোক্ষ ভাবে জঢ়িত থাকে ৷ মাছ মুৰৰ
পৰা গেলে কথাষাৰ দুৰ্ণীতিৰ ক্ষেত্ৰত সম্পুৰ্ণ সত্য ৷ সকলো মন্ত্ৰী-আমোলা দুৰ্ণীতিৰ
প্ৰতি শুণ্য সহনশীলতা দেখুৱালে এনে ঘোটালা সংঘটিত নহয় ৷
দুৰ্ণীতিৰ পাকচক্ৰত সমাজৰ বিভিন্ন স্তৰৰ
মানুহ সময়ত একো একোটা বিষাক্ত কীটলৈ পৰিৱৰ্তিত হয়
৷ এইখিনিতে কাফ্কাৰ
দ্য মেটামৰফ'ছিছ নামৰ উপন্যাসৰ কাহিনীটো উল্লেখ কৰিব
পাৰি ৷ মূল চৰিত্ৰ গ্ৰেগৰ চামছাই এদিন ৰাতিপুৱা
সাৰ পাই দেখে যে তেওঁৰ শৰীৰটো এটা ভয়লগা কীটলৈ ৰূপান্তৰিত
হৈছে। প্ৰথমে ভাবিলে ই এটা সপোন, লাহে লাহে অনুভব কৰিলে তেওঁৰ হাত ভৰি কেবাখনো হৈ গৈছে, পেট ইমানেই ডাঙৰ যে খোজ কাঢ়িব নোৱাৰে। তেওঁ বাহিৰ ওলাব নোৱৰা হ'ল। ইয়াৰ পিছত পৰিয়ালত দেখা অৰ্থনৈতিক দুৰৱস্থা, গ্ৰেগৰ প্ৰতি পৰিয়ালৰ সদস্যৰ আৰু তেওঁৰ অফিচৰ ওপৰৱালাৰ মনোভাৱ যেনেদৰে সলনি হৈ গ'ল সেইবোৰ দেখি শুনি গ্ৰেগ মৰ্মাহত হ'ল । লাহে লাহে খোৱা-বোৱা কমাই দিলে আৰু এদিন মৃত্যুমুখত পৰে। সংক্ষেপে গ্ৰেগৰ কাহিনী এইটোৱে। বৰ্তমান সমাজত দুৰ্নীতি এনেদৰে শিপাইছে যে সমাজৰ প্ৰতি জন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষ ভাবে দুৰ্নীতিৰ লগত সহবাস কৰি আছে ৷ দুৰ্নীতিৰ
সংস্পৰ্শলৈ
আহি সমাজৰ প্ৰতি জন মানুহ যেন একো একোটা কীটলৈ ৰূপান্তৰিত
হৈছে, কিছুমান
বেছি ভয় লগা, কিছুমান
কম ।
সাহিত্যক জীৱনৰ দাপোন বুলি কোৱা হয় ৷ কাফ্কাৰ
দ্য মেটামৰফ'ছিছ উপন্যাসৰ মাজেৰেও আমি আমাৰ সমাজখন
প্ৰতিফলিত হোৱা দেখা পাওঁ ৷ গ্ৰেগৰ চামছা সমাজৰ অৱক্ষয়ৰ বাবেই ৰাতিটোৰ ভিতৰত বিষাক্ত
কীটলৈ পৰিৱৰ্তিত হ’ল ৷ আমি আমাৰ সমাজখন যদি পৰিবৰ্তন কৰিব পাৰোঁ, ধন-সম্পদ, টকাৰ পিছত
দৈৰিবলৈ নাযাওঁ, সহজ পন্থাৰে কাম আদায় কৰিবলৈ নাযাওঁ, দুৰ্ণীতিৰ মহামাৰীয়ে হয়টো আমাক
চুব নোৱাৰিব, সমাজৰ কোনো ব্যক্তিকে কীটলৈ ৰূপান্তৰ হোৱা দেখা নাপাম ৷ অদুৰ ভৱিষ্যতে
পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে হয়টো গ্ৰেগৰ চামছা
কেতিয়াও বিষাক্ত কীটলৈ ৰূপান্তৰিত নহ’ব ৷
কাফ্কাৰ
দ্য মেটামৰফ'ছিছ উপন্যাস সেয়ে আজিও প্ৰাসঙ্গিক ৷
(মো নং ৯৮৬৪০৩৬১৪৩)
(৬ নভেম্বৰ, ২০২০ তাৰিখে অসম বাণীত প্ৰকাশ পালে)
Comments
Post a Comment