পৃথিবীৰ ভিতৰত সবাতোকৈ ধনী ভাৰতীয়জন : হায়দৰাবাদৰ শেষ নিজাম আৰু কিছু মুখৰোচক কাহিনী
চিত্তৰঞ্জন ওজা
পৃথিবীৰ ভিতৰত সবাতোকৈ ধনী ব্যক্তিজন ভাৰতীয় হোৱাটো আমাৰ বাবে বহুত গৌৰবৰ কথা ৷ যদিওবা সকলোতকৈ ধনীৰ আসনখন মুকেশ আম্বানি বা গৌতম আদানিয়ে দখল কৰিব পৰা নাই, তথাপি হায়দৰাবাদৰ শেষ নবাব নিজাম মীৰ ওচমান আলি খান ছিদ্দিকি তেওঁৰ শাসন কালত (১৯১১-১৯৪৮) পৃথিবীৰ ভিতৰত শ্ৰেষ্ঠ ধনী ব্যক্তি বুলি গন্য কৰা হৈছিল ৷ ১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহৰ টাইম আলোচনীৰ কভাৰ পেজত নিজামৰ ছবি প্ৰিন্ট কৰি তলত লিখিছিল “His Exalted Highness, the Nizam of Hyderabad. The richest man in the world“ ৷
পৰাধীন ভাৰতত ইংৰাজৰ অধীনত ৫৬৫ খন দেশীয় ৰাজ্য আছিল ৷ ইয়াৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্য হিচাপে পৰিগণিত হৈছিল হায়দৰাবাদ ৰাজ্য ৷ এই ৰাজ্যখনৰ ভৌগলিক পৰিসৰ ইটালীৰ সমান আছিল ৷ হায়দৰাবাদৰ গোলকুণ্ডা অঞ্চলত থকা হীৰাৰ খনিৰ বাবেই এই ৰাজ্য ইমান সম্পত্তিশালী আছিল ৷ ১৮০০ চনলৈ গোলকুণ্ডা ই আছিল পৃথিবীৰ সৰ্ববৃহত হীৰাৰ খনি ৷ ৰাণী ভিক্টৰীয়াৰ মূকুটৰ সোন্দৰ্য বৰ্দ্ধন কৰা ক’হিনুৰ, ইৰানৰ ৰাজ পৰিয়ালত থকা দৰিয়া ই নুৰ, ফৰাচী দেশত থকা ৰিজেন্ট আদি বহুতো প্ৰখ্যাত হীৰা এই গোলকুণ্ডা খনিৰ পৰা নিষ্কাষণ কৰা ৷
ওছমান আলী খানৰ জন্ম হয় ১৮৮৬ চনত ৷ দেউতাকৰ মৃত্যুৰ পিছত ২৭ বছৰত তেওঁ হায়দৰাবাদৰ সপ্তম নিজামৰ আসনত অধিষ্ঠিত হয় আৰু ১৯৪৮ চনলৈ অৰ্থাৎ ভাৰতত চামিল হোৱাৰ আগলৈ নিজাম হিচাপে থাকে ৷ ইংৰাজ শাসনৰ সমাপ্তিৰ পিছত নিজামে হায়দৰাবাদক এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, কিন্তু স্বাধীনোত্তৰ ভাৰত চৰকাৰে হায়দৰাবাদ ৰাজ্যক আক্ৰমন কৰিবলৈ অপাৰেছন পল’ ঘোষণা কৰাৰ পিছত নিজামে ভাৰত চৰকাৰৰ দাবী মানি লয় ৷
১৯৪০ চনৰ ফৰছুন আলোচনীত প্ৰকাশিত তথ্য অনুযায়ী নিজামৰ সেই সময়ৰ সম্পত্তিৰ মূল্য আছিল ২ বিলিয়ন ডলাৰ, আজি ইয়াৰ মূল্য হ’লহেঁতেন ২৩৬ বিলিয়ন ডলাৰ ৷ বিশ্বৰ শেহতীয়া সমীক্ষা মতে বৰ্তমানৰ সবাতোকৈ ধনী ব্যক্তি আমাজ’নৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ সম্পত্তিৰ মূল্য ১৬০ বিলিয়ন ডলাৰ, চতুৰ্থতম ধনী ব্যক্তি মুকেশ আম্বানিৰ সম্পত্তিৰ মূল্য ৬৫ বিলিয়ন ডলাৰ ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি হায়দৰাবাদৰ নিজাম কিমান সম্পত্তিশালী আছিল ৷ কোৱা হয় যে নিজামৰ পেপাৰ ওৱেট হিচাপে ব্যৱহাৰ কৰা হীৰাৰ টুকুৰাবোৰৰ বৰ্তমান মূল্য ২০০ মিলিয়ন ডলাৰ (১৫০০ কৌটি টকা) ৷
মজাৰ কথা এইটোৱে যে বিশ্বৰ সবতোকৈ ধনী ব্যক্তি হৈও নিজাম ইমান মিতব্যয়ী আছিল যে বিশ্বাস কৰিব নোৱাৰি ৷ চিগাৰেট কিনিছিল সকলোতকৈ সস্তীয়া, পিন্ধা কাপোৰ ফাটি গ’লেও নিজে চিলাই কৰি পিন্ধিছিল, আনকি ফটা মোজা যোৰ ও পেলাই নিদিছিল ৷ বস্তুৰ দৰ দামলৈ ওচৰৰ দোকানীৰ লগত প্ৰায়ে কাজিয়া কৰিছিল ৷ নিজামে হেনো ইস্ত্ৰী কৰা কাপোৰ নিপিন্ধিছিল ৷ শুনা যায় একেটা টুপিয়ে নিজামৰ মূৰত ৩৪ বছৰে শোভা বঢ়াইছিল ৷ নিজামৰ যৌন জীৱনো বিস্ময়কৰ আছিল ৷ তেওঁৰ হেৰেমত কেহা শ ৰক্ষিতা ৰাখিছিল ৷ ৰাজ মহলৰ এটা কোঠালী হেনো পৰ্নোগ্ৰাফী ফটোৰে পূৰ হৈ আছিল ৷
পিছে নিজামৰ বহুত সঁজ গুণো আছিল, তেওঁ দানবীৰ হিচাপে প্ৰখ্যাত আছিল ৷ ভাৰত-চীন যুদ্ধৰ সময়ত প্ৰয়াত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী নিজামৰ প্ৰসাদত আহি দেশৰ জাতীয় নিৰাপত্তা তহবিলত দান আগবঢ়াবলৈ অনুৰোধ জনায় ৷ আচৰিত লাগে যে নিজামে ৫০০০ কিলো সোন আৰু ৭৫ লাখ নগদ টকা দেশৰ বাবে আগ বঢ়ায় ৷ এবাৰ হেনো নিজামে ৰাতি ঠাণ্ডাত শুব নোৱাৰি, লিগিৰা এজনক ২৫ টকা দি কম্বল এখন কিনিবলৈ পঠালে ৷ ভাল কম্বল এখনৰ দাম ৩৫ টকা হেতুকে কম্বল কিনা নহ’ল কাৰণ নিজামে কম্বলৰ নামত ২৫ টকাৰ ওপৰত খৰচ কৰিব নোৱাৰে ৷ অথচ সেইদিনাখনে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ বাবে এক লাখ টকা তেওঁ দান হিচাপে আগবঢ়ায় ৷
নিজামে বহুকেইটা মন্দিৰ নিৰ্মাণত বুজন পৰিমানৰ ধন আগবঢ়াইছিল ৷ আনুমানিক ৫০,০০ ধৰ্মীয় প্ৰতিষ্ঠান স্থাপন কৰিছিল, তাৰ ভিতৰত মন্দিৰৰ সংখ্যা আছিল ৩৪,৫০০ টা ৷ নিজামৰ ধৰ্মীয় নিৰপেক্ষ ভুমিকাৰ বিষয়ে ইয়াৰ পৰাই অনুমান কৰিব পাৰি ৷ তেওঁ শিক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগ বঢ়াইছিল ৷ দেশৰ ৰাজহৰ ১১% অকল শিক্ষাৰ নামত ব্যয় কৰিছিল ৷ ৰাজ্যত হেজাৰ হেজাৰ স্কুলঘৰ বান্ধি দিছিল ৷ ওছমানীয়া বিশ্ববিদ্যালয়, ওছমানীয়া হস্পিতাল তেখেতৰ উল্লেখনীয় অবদান ৷ সেইসময়তে তেওঁ ডেক্কান এয়াৰলাইনচ প্ৰতিষ্ঠা কৰিছিল ৷ হায়দৰাবাদ বেঙ্ক তেওঁৰ দিনত প্ৰতিষ্ঠিত ৷ প্ৰাক স্বাধীনতাৰ কালত হায়দৰাবাদ ৰাজ্য, শিক্ষা আৰু উদ্দ্যোগৰ ক্ষেত্ৰত বহু আগ বঢ়া আছিল ৷ তেওঁৰ দিনতে আধুনিক হায়দৰাবাদ নগৰ নিৰ্মান কাৰ্য আৰম্ভ হৈছিল ৷ ১৯৬৭ চনত ৮০ বছৰ বয়সত নিজামৰ মৃত্যু হয় ৷ শেষ বাৰলৈ বিদায় দিব সমাধিত ১০ লক্ষ মানুহ উপস্থিত হৈছিল, তেখেতৰ জনপ্ৰিয়তা ইয়াৰ পৰা অনুমান কৰিব পাৰি ৷ মৃত্যুৰ সময়ত নিজামে ৩ পত্নী ৩৪ সন্তান আৰু ১৪৯ নাতি-নাতিনী এৰি থৈ যায় ৷
নিজামৰ মৃত্যুৰ পিছত সতি-সন্ততি সকলে এই বিশাল সম্পত্তি ধৰি ৰাখিব নোৱাৰিলে ৷ ৰাজ মহলৰ পৰাই বহু মূল্যবান বস্তু নস্ত হয়, কিছু চুৰি হয় বা ধনৰ অভাবত কিছু বিক্ৰী কৰিব লগা হয় ৷ কেইজন মান পুত্ৰই অবিবেচক ভাবে খৰচ কৰি ৰাজ ভঁৰাল উদং কৰে ৷ নিজামৰ জোষ্ঠ নাতি ল’ৰা মুকৰম জাহ যি অষ্টম নিজাম হিছাপে জনাজাত, নিজামৰ সঞ্চয়ৰ বহু টকাৰে অষ্ট্ৰেলিয়াত বিশাল ফাৰ্ম হাউচ কিনে ৷ তাত তেওঁ দ্বিতীয় বিবাহ কৰায় ৷ পিছত ধাৰৰ পৰা মুক্তি পাবলৈ অষ্ট্ৰেলিয়াৰ সকলো সম্পত্তি বেচি দিব লগা হয় ৷ বিবাহ বিচ্ছেদৰ বাবে বহু ধন দ্বিতীয় পত্নীক দিব লগা হয় ৷ কালৰ সোঁতত জীৱনৰ শেষ সময়ত তেওঁ তুৰ্কীৰ এটা সৰু ফ্লেটত বাস কৰি আছে ৷
সতি-সন্ততিৰ এই দুৰৱস্থাৰ মাজতো এটা ভাল খবৰ আছে ৷ ১৯৪৮ চনৰ ২০ ডিচেম্বৰত নিজামৰ বিত্ত মন্ত্ৰী নাৱাব ম’ইন নাৱাজ য়ুঙে লণ্ডনৰ বেংকত থকা তেতিয়াৰ নৱ-গঠিত পাকিস্তানৰ বৃটেইনস্থিত ৰাষ্ট্ৰদূত হাবিব ইব্ৰাহিম ৰহিমটুল্লাৰ একাউণ্টত ১ মিলিয়ন পাউণ্ড জমা কৰিছিল। পিছলৈ নিজামৰ সতি-সন্ততিয়ে এই ধন দাবী কৰে, আনহাতে পাকিস্তানৰ মতে উক্ত ধনৰাশিৰ ওপৰত তেওঁলোকৰহে অধিকাৰ আছে। তেতিয়াৰ পৰা সেই ধনৰাশি বৃদ্ধি হৈ আহি এতিয়া তাৰ পৰিমাণ হৈছেগৈ ৩৫ মিলিয়ন পাউণ্ড অৰ্থাৎ ৩৪০ কৌটি টকা। ভাৰত চৰকাৰেও নিজামৰ পৰিয়ালে তোলা দাবীৰ সমৰ্থনত থিয় দিয়ে । যোৱা বছৰ ইংলণ্ডৰ উচ্চ ন্যায়ালয়ে নিজামৰ পৰিয়াল আৰু ভাৰত চৰকাৰৰ পক্ষত উক্ত ৰায় ঘোষণা কৰে। ফলত এই ধনৰাশি এতিয়া ভাৰত চৰকাৰ আৰু নিজামৰ সতি-সন্ততি সকলৰ মাজত ভগাই দিয়া হ’ব।
পৃথিবীৰ সবাতোকৈ ধনী নিজাম মীৰ ওচমান আলি খান ছিদ্দিকি আৰু তেওঁৰ বংশধৰ সকলৰ এই কৰুণ কাহিনীয়ে সোঁৱৰায় দিয়ে গুৰুজনাৰ বাণী “অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ“।
(মো নং ৯৮৬৪০৩৬১৪৩)
(২০ চেপ্তেম্বৰ, ২০২০ তাৰিখে সাদিন বাতৰি কাকতত প্ৰকাশ পালে)
হায়দৰাবাদৰ শেষ নিজাম মীৰ ওচমান আলি খান ছিদ্দিকিৰ কিছু জানিব লগা কথা তোৰ ব্লগত পঢ়ি ভাল লাগিল। বিশেষকৈ তেওঁৰ মিতব্যয়ী আৰু ধৰ্মনিৰপেক্ষ মানসিকতা পৰা বহুটেই শিকিব লগা আছে ।
ReplyDeleteখুব ভাল লাগিল পঢ়ি। বহু নজনা কথা জানিব পালোঁ
ReplyDeleteসুন্দৰ । অলপ হিষ্ট্ৰী জানিলো।
ReplyDeleteGood writing✍️
ReplyDeleteLittle confused about Indo China war in 1962 and PM Lal Bahadur Shastri. He became PM in 9 June, 1964