Posts

Showing posts from December, 2024

গ্ৰন্থমেলাৰ বাকৰি সৃষ্টিশীলতাৰ পথাৰ হওক

  অসম প্ৰকাশন পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ১৯৮৪ চনৰ ২৯ ডিচেম্বৰত জ’জ খেলপথাৰত আৰম্ভ কৰিবলৈ লোৱা প্ৰথমখন গ্ৰন্থমেলাৰ কথা আজিও মনত পৰে। তেতিয়া কটন মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা দলেবলে প্ৰতিদিনে গ্ৰন্থমেলা প্ৰাঙ্গনত ভূমুকি মাৰিছিলোঁ। আবেলিৰ পৰা বিপণিসমূহ বন্ধ হোৱালৈ কিতাপৰ পাত লুটিয়াইছিলোঁ। সামৰ্থ্য অনুযায়ী গ্ৰন্থ কিনিছিলোঁ। তেতিয়া দেখিছিলোঁ দূৰ-দূৰণিৰ পৰা মানুহ আহি গাঁঠিৰ ধন ভাঙি কিতাপ কিনিছিল। গ্ৰন্থমেলাই যেন অসমলৈ এক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ আনি দিছিল। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা পুথিভঁড়ালৰ বাবে গ্ৰন্থ সংগ্ৰহ কৰিবলৈও মানুহৰ আগমন ঘটিছিল। মন কৰিবলগীয়া কথা যে ছয় বছৰীয়া অসম আন্দোলনে সামগ্ৰিকভাৱে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ বিনষ্ট কৰা সময়তে এই গ্ৰন্থমেলা প্ৰতি বছৰে পাতিবলৈ লয় আৰু ইয়ে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ পঢ়ুৱৈৰ মাজত গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত বিশেষ অৰিহনা যোগাইছিল।   সময়ৰ লগে লগে গ্ৰন্থমেলাৰ আগৰ ঐতিহ্য হ্ৰাস পাবলৈ ধৰে। মানুহৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ কমিবলৈ লয়। গ্ৰন্থমেলালৈ যথেষ্ট মানুহ আহে, কিন্তু তাৰ অধিকসংখ্যকে গ্ৰন্থ কিনিবলৈ নহয়, ফুড কৰ্টত কফি, চাহ, চাওমিন খাই সন্ধিয়াৰ সাংস্কৃতিক...

জয়ন্ত কুমাৰ মান্তাৰ কবিতাত চাৰি নম্বৰ বান্দৰটো

  মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ আগেয়ে জয়ন্ত কুমাৰ মান্তাৰ কবিতা প্ৰকাশ পাইছিল প্ৰান্তিক, প্ৰকাশ, প্ৰতিধ্বনি, সীৰলুৰ দৰে প্ৰতিষ্ঠিত আলোচনীত। অলেখ সম্ভাৱনাৰে পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈ পৰা মান্তাৰ প্ৰথমখন কবিতাৰ সংকলণ প্ৰকাশ পাইছিল ২০০২ চনত ’সুগভীৰ শিপাৰ নিশ্বাস’ নামেৰে। পুথিখনৰ প্ৰতিটো কবিতাতে পোৱা যায় সেমেকা মাটিৰ গোন্ধ, শস্যৰ পথাৰখন, শীপাৰ গোন্ধ, মাটি আৰু মানুহৰ প্ৰেমৰ উন্মেষ, আৰু পোৱা যায় ৰোমাণ্টিচিজমৰ গোন্ধ। ১।        সেমেকা মাটিৰ গোন্ধ সনা সেই নিশা           বতৰৰ প্ৰথমজাক বৰষুণত গা ধুলে ২)        বৰ্ষাসিক্ত মাটিৰ গোন্ধত মূৰ্ত শাওনী সন্ধ্যা           উৰুখা পঁজাত           অমৃত সন্তানৰ হতাশাৰ্দ্ৰ গান,           ভঙা সপোনৰ কণ্ঠৰূদ্ধ কবিতা       আশী, নব্বৈৰ দশকতে নতুন প্ৰজন্মৰ প্ৰতিভাৱান কবি হিচাপে সমালোচকৰ প্ৰশংসা বুট...

হৰেকৃষ্ণ ডেকাৰ উপন্যাস ’যাত্ৰা’ আৰু দুখন মহাকাব্য

  হৰেকৰষ্ণ ডেকা কবি হিচাপে ইমানেই জনপ্ৰিয় যে তেওঁ কবিতাৰ বাহিৰেও যে বহু অনবদ্য চুটিগল্প, তিনিখন ভিন্নধৰ্মী উপন্যাস, সমালোচনাত্মক গ্ৰন্থ ৰচনা কৰিছে আমি বহুতে নাজানো। তেওঁৰ ’আগন্তুক’ উপন্যাসখন কল্প বিজ্ঞান কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ ’ডিটেকটিভ’ উপন্যাসত পোৱা যায় দুখনকৈ ৰহস্যধৰ্মী কাহিনী। ডেকাৰ “যাত্ৰা: এখন অসম্পূৰ্ণ উপন্যাসৰ বাৰটা অধ্যায়“ উপন্যাসখন ২০১৩ চনত প্ৰকাশ পায়। গ্ৰন্থখনে যদিও প্ৰথম অৱস্থাত পঢ়ুৱৈৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, লাহে লাহে গ্ৰন্থখন সমালোচকৰ দৃষ্টিগোচৰ হয়। এখন ব্যতিক্ৰমী আৰু বহুতৰপীয়া উপন্যাস হিচাপে গ্ৰন্থখন চিহ্নিত হয়। বিশিষ্ট সমালোচক ড ° পৰী হিলৈদাৰীয়ে ’যাত্ৰা“ক অসমীয়া সাহিত্যলৈ এক অভিনৱ সংযোজন বুলি অভিহিত কৰিছে। ইয়াৰ কাৰণ হিচাপে তেওঁ উপন্যাসখনৰ উত্তৰ আধুনিক লক্ষণসমূহ দেখুৱাই দিছে।        উপন্যাসখন আৰম্ভ হৈছে কথকৰ বা লেখকৰ পূৰ্ব প্ৰকাশিত ’স্বৰ্ণবৃষ্টি’ নামৰ গল্প এটাৰ জৰিয়তে। গল্পটোত উল্লেখ আছিল আদিম জনগোষ্ঠী এটাৰ কাহিনী। গল্পটো ইংৰাজীলৈ কোনোবাই অনুবাদ কৰিলে আৰু বিদেশী পৰ্যটক এজনে গল্পটো পঢ়ি কথকলৈ এখন চিঠি লিখে। এখন আদি...

মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ

  কৰ্ম, প্ৰজ্ঞা আৰু মনীষাৰ পাৰকাষ্ঠাৰ প্ৰতিভূ কিছুমান ব্যক্তিৰ জীৱন কাহিনীৰে আমি প্ৰত্যেকে অনুপ্ৰাণিত হৈ জীৱন যুদ্ধত অধিক আত্মবিশ্বাসেৰে আগুৱাই যাব পাৰোঁ৷ সেয়েহে হয়তো কবি বিনন্দ চন্দ্ৰ আগৰৱালাই ’জীৱন সঙ্গীত’ কবিতাটিত এনেদৰে লেখিছিল – মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ, আমিও কৰিব পাৰোঁ জীৱন গঢ়িত৷ তেনে কেইগৰাকীমান মনীষীৰ কথা তলত উল্লেখ কৰা হ’ল যাৰ জীৱনৰ চানেকিৰে আমাৰ জীৱন গঢ় দিব পাৰোঁ৷ অষ্ট্ৰেলিয়াৰ এজন ৪২ বছৰীয়া ব্যক্তি নিক ভুজিচিক, টেট্রা এনিমেলিয়া চিনড্রমত ভুগি দুখন হাত আৰু দুখন ভৰি নথকাকৈয়ে জন্ম পালে৷ এক মিটাৰ দৈৰ্ঘ্যৰ হাত-ভৰি নথকা মানুহ এজন বিছনাতে পৰি থাকিব নালাগিছিল নে? কিন্তু নিক আছিল ব্যতিক্ৰম৷ হাত-ভৰি নহ’লেও মনৰ জোৰ আছিল কল্পনাতীত৷ তেনেকৈয়ে স্কুল যাবলৈ আৰম্ভ কৰিলে৷ একেবাৰে কণমানি দুখন ভৰিপতাৰ মাজত কলম ল’বলৈ শিকে৷ স্কুলৰ সমনীয়াবোৰে নিকক ভাল চকুৰে চোৱা নাছিল৷ মাজে মাজে হতাশত ভুগিছিল৷ কিন্তু শাৰীৰিক প্ৰতিবন্ধকতাই নিকক নিজৰ লক্ষ্যত উপনীত হোৱাত বাধা দিব নোৱাৰিলে৷ ২১ বছৰ বয়সত নিকে স্নাতক ডিগ্ৰী লাভ কৰে৷ কলেজত পঢ়ি থাকোতে নিকে অনুপ্ৰেৰণামূলক ভাষণ দিবলৈ আৰম্ভ কৰে৷ আজি সমগ্ৰ বিশ্বত নি...

ধনী পিতৃ দৰিদ্ৰ পিতৃ

  বিহাৰৰ কোনোবা অখ্যাত গাঁৱৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ সদস্য সুশীল কুমাৰ নামৰ ব্যক্তি এজনে ২০১১ চনত অমিতাভ বচ্চনে পৰিচালনা কৰা কৌন বনেগা ক্ৰোৰপতিৰ পঞ্চম সংখ্যক ছিজনত পাঁচ কোটি টকা লাভ কৰিছিল সঠিক উত্তৰ দি।   নিশাটোৰ ভিতৰতে হিৰো হৈ পৰিল সুশীল। দূৰদৰ্শনৰ টকশ্ব’ৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠান, সকলোতে তেওঁক নিমন্ত্ৰণ জনোৱা হ’ল। তাৰ পাছত কিছু বছৰ সুশীলৰ নাম শুনিবলৈ পোৱা নগৈছিল। ২০২০ চনত সুশীল কুমাৰে পুনৰ সংবাদ জগতত স্থান দখল কৰিবলৈ সক্ষম হ’ল। এইবাৰ কিন্তু ভাল কামৰ বাবে নহয়। ইতিমধ্যে যোৱা আঠটা বছৰত সুশীলে সকলো ধন অবাবতে খৰচ কৰি পেলায়, বৰঞ্চ বেংকত এসোপা ধাৰ মূৰত লৈ মানুহৰ ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। সুশীল কুমাৰৰ দৰে বহুত ব্যক্তি আমাৰ সমাজত আছে যিয়ে এটা সময়ত বহু ধনৰ অধিকাৰী হৈ পাছৰ জীৱনত দুখীয়া হৈ পৰে। বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীৰ নাম বাতিৰত ওলায় যাৰ পাছৰ জীৱনকালত   হাতত ফুটাকড়ি নোহোৱা অৱস্থা পায়। আৰ্থিক দিশত উত্থান-পতনৰ অন্যতম কাৰক হ’ল আমাৰ বিত্তীয় জ্ঞানৰ অভাৱ - ইংৰাজীত যাক কোৱা হয় Financial illiteracy। সাঁচতীয়া ধনখিনি ক’ত বিনিয়োগ কৰা উচিত সেইটো নজনাৰ ...