Posts

Showing posts from October, 2024

সফলতাৰ বাবে গ্ৰন্থ অধ্যয়ন অপৰিহাৰ্য

  বিশ্বৰ আটাইতকৈ ধনী   ব্যক্তিসকল নিশ্চয়কৈ একো একোজন সফলতম ব্যক্তি হিচাপে আমি সকলোৱে ভাবো৷ তেনে সফলতম ব্যক্তিসকল যদিও কম্পিউটাৰ, ইণ্টাৰনেট বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰযুক্তিৰ সৈতে দৈনন্দিন জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰে তথাপি তেওঁলোকে নতুন নতুন গ্ৰন্থ অধ্যয়ন কৰে৷ বিল গেইটচে সপ্তাহত এখনকৈ কিতাপ পঢ়ি শেষ কৰে৷ বছৰত তেখেতে কমেও ৫০ খন কিতাপ পঢ়ে৷ বিল গেইটচে নিজৰ ব্যৱসায় আৰু গেইটচ ফাউণ্ডেচনৰ সামাজিক কামত ইমানে ব্যস্ত থাকে যে তেখেতক লগ পাবলৈ কেইবা মাহ আগৰে পৰা চেষ্টা কৰিব লাগে   লগ পাব নে নাপায় তাৰো কোনো নিশ্চয়তা নাথাকে৷ ইমান ব্যস্ততাৰ মাজতো তেখেতে কিতাপ পঢ়াৰ বাবে সময় বেলেগকৈ ৰাখে৷ গেইটচৰ পূৰ্ব পত্নী মেলিণ্ডাৰ মতে গেইটচে এঘণ্টাত ১৫০ টাকৈ পৃষ্ঠা পঢ়িব পাৰে৷ ইমান খৰকৈ পঢ়িব পৰা মই আন এজনৰ নাম ক’ব নোৱাৰিম৷ নিজে অতি বেছি ২৫-৩০ পৃষ্ঠা এঘণ্টাত পঢ়িব পাৰো৷ মোৰ এজন বন্ধু, লেখক বিবেকানন্দ চৌধুৰীয়ে ঘণ্টাত ৬০ পৃষ্ঠাকৈ পঢ়িব পাৰে৷ ১৫০ পৃষ্ঠাৰ কথা ভাবিবই নোৱাৰি৷ গেইটচে নিজৰ ব্লগত বহু কেইখন গ্ৰন্থৰ ৰিভিউ লিখিছে৷ গ্ৰন্থখন পঢ়াৰ পাছত সেইখন কিয় ভাল পালে, কি বিষয়ক লৈ আলোচনা হৈছে এই সকলো...

মূৰ্তি পূজাৰ ইতিহাস

  মানৱজাতিৰ ক্ৰমবিকাশৰ লগে লগে মানুহে যেতিয়া চিন্তা কৰিব পৰা হ’ল, কল্পনা শক্তি বৃদ্ধি পালে তেতিয়াই অৰ্থাৎ ৬০, ৭০ হাজাৰ বছৰ আগৰ পৰাই ঐশ্বৰিক শক্তিৰে বলৱান দেৱ-দেৱীৰ কথা মনলৈ আহে৷ সেই দেৱ-দেৱীক পূজা কৰিবলৈ কাঠ, শিল, ধাতৱ পদাৰ্থৰে নিৰ্মিত একোটা মূৰ্তিক পূজা কৰিবলৈ আৰম্ভ কৰে৷ মূৰ্তি হৈছে কোনো এটা দেৱ বা দেৱীৰ প্ৰতীক৷ মূৰ্তিৰ জৰিয়তে মানুহে দেৱ-দেৱীলৈ প্ৰাৰ্থনা আগবঢ়ায়৷ প্ৰাগ-ঐতিহাসিক যুগৰ সভ্যতা যেনে ইজিপ্ত, গ্ৰীক, ৰোমান আৰু মেছোপটেমিয়া সভ্যতাত মূৰ্তি পূজাৰ প্ৰচলন আছিল বুলি প্ৰমাণিত হৈছে৷ কিন্তু প্ৰায় ২০০০ বছৰ আগৰ পৰা সেই দেশবোৰত মূৰ্তিপূজাৰ প্ৰচলন বন্ধ হয়৷ পৃথিৱীত এতিায়া কেৱল ভাৰতবৰ্ষ, জাপান, চীনৰ কিছু অংশত, আফ্ৰিকাৰ কেইখনমান দেশত মূৰ্তি পূজা চলি আছে৷        ১৯৫০ চনত তিব্বতত এটা পিতলৰ মূৰ্তি উদ্ধাৰ হয় যাৰ ওজন মাত্ৰ ৪৭ গ্ৰাম৷ ’কল্প বিগ্ৰহ’ নামেৰে জনাজাত এই মূৰ্তিটো দেখিবলৈ সাইলাখ শিৱৰ দৰে আৰু The California Institute of Radiocarbon প্ৰতিষ্ঠানে নিশ্চিত কৰিছে যে মূৰ্তিটো ২৮,৪৫০ বছৰ পুৰণি৷ অৰ্থাৎ ভাৰতত ৩০,০০০ বছৰ আগতেও মূৰ্তিক পূজা কৰিছিল৷ এই কথাটো বহুতে শুদ্...