Posts

Showing posts from June, 2024

চিত্তৰঞ্জন পাঠকৰ ৰহস্যধৰ্মী উপন্যাস ‘হাতীৰ পিঠিত কোন তাই’

ল’ৰালি কালতে পঢ়া মনত পৰে ৰবাৰ্ট লুই ষ্টিভেনচনৰ ‘ট্ৰেজাৰ আইলেণ্ড’ নামৰ উপন্যাসখন। পঢ়িবলৈ আৰম্ভ কৰাৰ পৰা শেষলৈ উৎকণ্ঠাৰে ভৰা সময়খিনি নাযায় নুপুৱায় যেন লাগে . কিবা কৈ শেষ কৰিব পাৰিলেহে শান্তি। খোৱা-শোৱা বাদ দি পঢ়িব পৰা আন এখন অসমীয়া উপন্যাস হ’ল কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’। আজিও কিতাপখন হাতত পালে একে দিনাই একেই আগ্ৰহেৰে পঢ়ি শেষ কৰি পেলাম হয়তো। তেনে এখন ৰহস্যধৰ্মী উপন্যাস হ’ল চিত্তৰঞ্জন পাঠকৰ ‘হাতীৰ পিঠিত কোন তাই’। এবাৰ পঢ়া আৰম্ভ কৰাৰ পাছত কিতাপখন পঢ়ি শেষ নকৰালৈকে শান্তি পোৱা নাছিলোঁ। বিংশ শতিকাৰ আৰম্ভণিৰ পশ্চিম অসমৰ অৰণ্যৰ মাজত ঘটা এটি ৰহস্যময়ী ঘটনা। উপন্যাসখন পঢ়ি গৈ থাকিলে সেই ৰহস্য অধিক ঘনীভূত হৈ পৰে। শেষত সেই ৰহস্যৰ পৰিসমাপ্তি ঘটে গ্ৰন্থখনৰ একেবাৰে শেষৰ অধ্যায়টোত।   ৰাসায়নিক বিভাগৰ স্নাতক ডিগ্ৰী ধাৰী চিত্তৰঞ্জন পাঠক পেচাত এজন অভিযন্তা হ’লেও, অসমৰ অৰণ্য আৰু বন-বননিত বিচৰণ কৰি ফুৰাটো তেওঁৰ নিচা। সৰুতে আইতাকৰ পৰা নানা চৰাই চিৰিকতিৰ অসমীয়া নামবোৰৰ সৈতে পৰিচয় হোৱা শ্ৰী পাঠক হৈছে পক্ষী-নিৰীক্ষণৰ প্ৰতি অতিকে আগ্ৰহী আৰু দেশ-বিদেশৰ অনেক চৰাইৰ বিষয়ে থকা এক তথ্যৰ ভড়াল। সাহিত্যৰ প্...