Posts

Showing posts from June, 2023

ডিজিটাইজিঙ অসম আৰু অসমীয়া ভাষা

  যোৱা ১১ মে’, ২০২৩ তাৰিখে   “ডিজিটাইজিঙ অসম“ প্ৰকল্প উন্মোচনত উপস্থিত থাকি অতিশয় আনন্দিত হ’লোঁ   ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰা প্ৰকল্পৰ বিষয়ে তেতিয়ালৈ অৱগত নাছিলোঁ ৷ মৃনাল তালুকদাৰে অনুষ্ঠানটোত দেখুৱাই দিয়ে কেনেদৰে www.assamarchive.org ” ৱেবচাইট খুলি ১৮৪৬ চনত প্ৰথম প্ৰকাশিত অসমীয়া সংবাদপত্ৰ “অৰুনোদই“ৰ পৰা আৰম্ভ কৰি ১৯৭০ চনলৈ প্ৰকাশিত সকলো আলোচনী পঢ়িব পাৰি ৷ অসমীয়া ভাষাক ভাল পোৱা প্ৰতিজন নাগৰিকে এটকাও খৰচ নকৰাকৈ ঘৰতে বহি আলোচনীসমূহ পঢ়িব পাৰে   ৷ উন্মোচনী অনুষ্ঠানৰ পৰা ঘৰলৈ আহি নিজেও চেষ্টা চলালোঁ ৱেবচাইটত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ৷ প্ৰক্ৰিয়াটো তেনেই সহজ, নিজৰ মোবাইল নম্বৰত অথবা মেইল আইডিত ওটিপি বিচাৰিব ৷ সেইটো দিলেই ৱেবচাইটৰ পৰা আলোচনী সমূহ পঢ়িব পৰা যায় ৷ প্ৰথম কেইদিনমান অৰুনোদই আলোচনীখন পঢ়িলোঁ ৷ ১৭৭ বছৰ আগতে ছপা আকাৰত প্ৰকাশ পোৱা অসমীয়া ভাষাটো পঢ়ি সঁচাকৈ আনন্দৰ চকুলো নিগৰিল ৷ লিখনিবোৰত এটা কথা লক্ষ্য কৰিলোঁ যে অৰুনোদই যুগত অসমীয়া ভাষাটো সৰলীকৰণ কৰি লিখিছিল ৷ ’চ’, ’ছ’ ৰ সলনি কেৱল ’চ’ ব্যৱহাৰ হৈছিল ৷ তেনেদৰে সকলোতে কেৱল ’স’ হে ব্যৱহাৰ হৈছিল ’শ’ বা ’ষ’ ৰ ব্...