Posts

Showing posts from September, 2022

অসম আৰক্ষী দিৱস – আৰক্ষীৰ দায়িত্ব আৰু নাগৰিকৰ প্ৰত্যাশা

  সুদীৰ্ঘ ৭১ বছৰ আগত ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীদেৱে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই দিনটোৰ স্মৃতি হিচাপে তেতিয়াৰে পৰা এক অক্টোবৰত   উদযাপন কৰি অহা হৈছে অসম আৰক্ষী দিৱস৷ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ পৰা ব্ৰিটিছসকলে অসমত আধিপত্য বিস্তাৰ কৰে ৷ ইয়াৰ পিছত আভ্যন্তৰীণ শান্তি ৰক্ষাৰ বাবে ১৮৮২ চনত   দা আছাম ফ্ৰণ্টিয়াৰ পুলিচ গঠন কৰা হয় আৰু পোন প্ৰথমে লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত চাৰিখন থানা স্থাপন কৰা হয়৷ ঊনৈশ শতিকাৰ শেষলৈ অবিভক্ত অসমত ৯৪ খন থানা স্থাপন কৰা হয়৷ ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত দা আছাম ফ্ৰণ্টিয়াৰ পুলিচ ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু অসম আৰক্ষী নামেৰে নামকৰণ কৰা হয় ৷ ১৮৮২ চনৰ পৰা আৰক্ষী বিভাগে 'জনহিত জনসেৱাৰ্থে' মূল মন্ত্ৰ আগত ৰাখি অসমৰ আভ্যন্তৰীণ শান্তি সম্প্ৰীতি ৰক্ষা কৰাত   সফল হৈ আহিছে৷ অসমৰ সকলোধৰণৰ নাগৰিকৰ   মনত আৰক্ষী বিভাগে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ...