Posts

Showing posts from May, 2022

ব্যৱসায়ীক ভাবে সফল এজন প্ৰবাসী অসমীয়া

  গুজৰাট, মহাৰাষ্ট্ৰ, হাৰিয়ানা আদি ৰাজ্যবোৰ আৰ্থিক দিশত আমাতকৈ কিয় আগবঢ়া তাক ফঁহিয়াই চালেই দেখা যায় যে সেই ৰাজ্যৰ নাগৰিক সকল ব্যৱসায়ৰ প্ৰতি যথেষ্ট আগ্ৰহী আৰু কেৱল ব্যৱসায়ৰ বাবেহে তেওঁলোক আৰ্থিক ভাবে স্বচ্ছল ৷ অতিজৰে পৰা এষাৰ কথা প্ৰচলিত আছে যে ব্যৱসায় - বাণিজ্যত লক্ষ্মী বাস কৰে ৷ ব্যৱসায়ৰ দ্বাৰা যিমান   ধন আহে কৃষিকৰ্মৰ যোগে তাৰ আধা ধনহে উপাৰ্জন কৰিব পাৰি আৰু চৰকাৰ চাকৰিত তাৰো আধা উপাৰ্জন কৰিব পাৰি ৷ অৰ্থাৎ আটাইতকৈ কম ধন উপাৰ্জন কৰা পথটো হ’ল চৰকাৰী চাকৰি ৷ অথচ     অসমীয়া মানুহ ব্যৱসায়ৰ প্ৰতি উৎসাহী নহয় ৷ প্ৰায় সকলো যুৱক-যুৱতী আজি চাকৰিমুখী ৷ দুই-এজনে চাকৰিৰ পৰিৱৰ্তে ব্যৱসায়ত নামিব বিচাৰিলেও অভিভাৱক সকলৰ পৰা প্ৰায়ে নানান প্ৰশ্নৰ সন্মুখীন হয় – “তহঁতক ইমান পঢ়া-শুনা কৰাই লাভ কি হ’ল“   বা “ব্যৱসায় কৰিবলৈ এটকাও দিব নোৱাৰোঁ“ ৷ আজিৰ অৰ্থনৈতিক ব্যৱস্থাত ব্যৱসায়ীক ভাবে সফল হ’বলৈ উচ্চ শিক্ষাৰ অতিকৈ প্ৰয়োজন ৷ শিক্ষিত, উদ্যমী আৰু কৰ্ম স্পৃহা থকা যুৱক-যুৱতীৰ বাবে ব্যৱসায় কৰিবলৈ মূলধনো এক সমস্যা হৈ নাথাকে ৷ তেনে উদাহৰণ আমাৰ সমাজত বহুতো আছে ৷ তথাপি অভিভাৱক সকলে...

স্মৃতিকাতৰ পাণবজাৰ

  ইংৰাজী ভাষাৰ এটা সুন্দৰ শব্দ হ’ল “ নষ্টালজিয়া “ ৷ পুৰণি দিনৰ স্মৃতিয়ে মনলৈ আনি দিয়া আনন্দ তাৰ লগতে বেদনা মিশ্ৰিত অনুভূতি ৷ পানবজাৰৰ কথা মনলৈ আহিলেই এই নষ্টালজিয়া বা স্মৃতি কাতৰতাত ভূগোঁ ৷ কটন কলেজৰ মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলত দুটা বছৰ কটালোঁ – ১৯৮৪ ৰ পৰা ১৯৮৬ লৈ ৷ তাৰ পিছত চাৰি বছৰ অৰ্থাৎ ১৯৯০ লৈ অসম অভিযান্তিক মহাবিদ্যালয়ত ৷ এই সুদিৰ্ঘ চাৰে ছয় বছৰৰ সময়খিনিত পাণবজাৰেই আছিল আমাৰ বাবে মূল আকৰ্ষণৰ ঠাই ৷   সেইদিনৰ পৰা পাণবজাৰখন কিবা নিজৰ নিজৰ লাগে ৷ তেতিয়াৰ পাণবজাৰ আছিল সকলো পিনৰ পৰা শ্ৰেষ্ঠ ৷ অসমৰ বিখ্যাত প্ৰকাশক গোষ্ঠি, কিতাপৰ দোকান   পাণবজাৰত অৱষ্ঠিত ৷ এক জ্ঞানৰ মন্দিৰ যেন পাণবজাৰ ৷ ইয়াতে আছিল লেখক সকলৰ আড্ডাৰ স্থলি ৷ সুস্বাদু আহাৰেৰে পৰিপূৰ্ণ ৰেস্তোৰাঁ সকলোবোৰ আছিল পাণবজাৰতে ৷ শৈক্ষিক প্ৰতিষ্ঠানবোৰৰ প্ৰেমিক প্ৰেমিকাৰ মিলন স্থলি আছিল পাণবজাৰৰ নেহেৰু পাৰ্ক, ব্ৰহ্মপুত্ৰৰ পাৰ বা ৰেস্তোৰাঁ বোৰ ৷ সন্ধিয়াৰ আগে আগে ওলাই যাওঁ পাণবজাৰলৈ ৷ নাক কটা পুখুৰীৰ পাৰত কেইবাখনো ৰেস্তোৰাঁ আছিল ৷ গুৱাহাটী ডায়েৰীত গাখীৰ , ৰচমলাই ,...