Posts

Showing posts from December, 2021

কিংবদন্তি পুৰুষ নিংনি ভাউৰা

  হাস্যৰসাত্মক সৃষ্টিকৰ্ম হ’ল এনে এক সৃষ্টি যাৰ দ্বাৰা হাস্য ৰসৰ জৰিয়তে   জনসাধাৰণক অতি সহজ ভাবে ভাল দিশ আৰু বেয়া দিশবোৰ দেখুৱাই দিয়া হয় ৷ শাসক শ্ৰেনীৰ অন্যায়ৰ বিৰুদ্ধে হাস্যৰসৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ হাস্যৰসাত্মক সৃষ্টিৰ ইতিহাস চালে দেখিবলৈ পাওঁ খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাত গ্ৰীক ব্যঙ্গ নাট্যকাৰ এৰিষ্টোফানিচে প্ৰায় ৪০ খন হাস্যৰসাত্মক   নাটক ৰচনা কৰিছিল ৷ মধ্য যুগত শ্বেক্সপীয়েৰে কেইবাখনো নাটকত হাস্যব্যঙ্গাত্মক চৰিত্ৰ সৃষ্টি কৰিছিল আৰু নাটকৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল ৷ বিংশ শতিকাৰ প্ৰথম ভাগত চাৰ্লি চেপলিন আৰু শেষৰ ভাগত মিষ্টাৰ বিনৰ কৌতুক অভিনয়ৰ কথা আমি পাহৰিব নোৱাৰো ৷  কোৱা হয় যে দুখৰ অভিনয়তকৈ কৌতুক অভিনয় কৰা অধিক টান কাম ৷ সেয়েহে সকলো অভিনেতাই কৌতুক অভিনয় কৰিব নোৱাৰে ৷ সঁচাকৈ কৌতুক অভিনয় এবিধ ক ঠিন কলা ৷ ইয়াৰ বাবে অনেক পৰিশ্ৰম আৰু সাধনাৰ দৰকাৰ ৷ মানুহক হহুৱাৰ লগতে জীৱনৰ তত্ত্ব গধুৰ শিক্ষাও দিয়া হয় অভিনয়ৰ মাধ্যমেৰে ৷ কৌতুক অভিনেতা আৰু নামনি অসমত প্ৰচলিত ভাউৰা যদিও একে যেনেই লাগে তথাপি দুয়োৰে মাজত পাৰ্থক্য আছে ৷ কৌতুক অভিনেতাই নাটক, থিয়েটাৰ বা চিনেমাত হে কৌতুক অ...

অস্তিত্বৰ সংকটত পবা বৰ্ষাৰণ্য

  বৰ্ষাৰণ্য হ’ল বিশ্বৰ সবাতোকৈ পুৰণি জৈৱবৈচিত্ৰ্যৰ প্ৰাণ-প্ৰাচুৰ্যৰে ভৰা বনাঞ্চল ৷ বৰ্ষাৰণ্যত থকা কিছুমান উদ্ভিদ আৰু প্ৰাণী ৭০ মিলিয়ন বছৰ পুৰণি ৷ যিবোৰ অৰণ্যত বছৰৰ প্ৰায় গোটেই সময়তে মাত্ৰাধিক বৰষুণ হয় সেই অৰণ্যবোৰকে বৰ্ষাৰণ্য বুলি কোৱা হয় ৷ এই অঞ্চল সমূহত বছৰি বৰষুণৰ পৰিমাণ আশী ইঞ্চিতকৈ বেছি হোৱা বাবে সকলো সময়তে আদ্ৰ হৈ থাকে ৷ বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ  গছেৰে গোটেই অঞ্চল ছাতিৰ দৰে আবৰি থাকে ৷ ইয়াৰ তলত সৰু জোপোহা সদৃশ অলেখ গছ থাকে ৷   সকলোতকৈ বৃহৎ আকাৰৰ বৰ্ষাৰণ্য হ’ল দক্ষিণ আমেৰিকাৰ আমাজ’ন মহাৰণ্য ৷    বৰ্ষাৰণ্যসমূহ সাধাৰণতেই বিষুৱ ৰেখাৰ আশে পাশে থকা ঠাইসমূহত দেখা পোৱা যায়। জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে বৰ্ষাৰণ্যবোৰৰ গুৰুত্ব যথেষ্ট বেছি। বহু গুৰুত্বপুৰ্ণ উদ্ভিদ আৰু প্ৰাণী এই অৰণ্যবোৰে জীয়াই ৰাখিছে। এতিয়াও বিশ্বৰ উদ্ভিদ আৰু প্ৰাণী জগতৰ ৫০% এই বৰ্ষাৰণ্যৰ মাজতে পোৱা যায় ৷   আমি সকলোৱে জানো যে জলবায়ু পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিৰ মূল কাৰক হ’ল বায়ুমণ্ডলত বৃদ্ধি পাই থকা কাৰ্বন-ডাই–অক্সাইড গেছ ৷ এই বিষাক্ত গেছ শোষণৰ উল্লেখযোগ্য স্থল হৈছে বৰ্ষাৰণ্যবোৰ। ...

’অসম সৌৰভ’ বঁটা প্ৰাপক অধ্যাপক কমলেন্দু দেব ক্ৰোৰী

  সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে, ঘাইকৈ   অসমত এজন কৃতি শিক্ষাবিদ,   আৰু পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ পথিকৃত হিচাপে যিকেইগৰাকী আঙুলিৰ মূৰত লিখিব পৰা পণ্ডিতৰ নাম ল’ব লাগিব সেইসকলৰ ভিতৰত অন্যতম হ’ল অধ্যাপক কমলেন্দু দেব ক্ৰোৰী চাৰ ৷    জীৱনৰ সকলো সময়তে প্ৰচাৰ বিমুখহৈ সুদীৰ্ঘ ৬১ বছৰে   শিক্ষা জগতৰ লগত নিজকে জড়িত কৰি ৰখা ৯১ বছৰীয়া অধ্যাপক ক্ৰোৰী হ’ল বিজ্ঞানৰ এজন নীৰৱ সাধক, সঁচা অৰ্থত ক’বলৈ হ’লে এজন ঋষিতুল্য ব্যক্তি ৷ আজি সেই মহান ব্যক্তিক ’অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰা বাবে আমি নথৈ আনন্দিত ৷ অধ্যাপক ক্ৰোৰী চাৰে শিক্ষা জগতত আগবঢ়োৱা অৱদানৰ কথা বহুতে হয়তো নাজানে, সেয়েহে এই মহান পণ্ডিতৰ বিষয়ে এই লেখাটোৰ জৰিয়তে থুলমূলকৈ কিছু কথা আলোকপাত কৰাৰ প্ৰয়াস কৰা হ’ল ৷ বৰ্ণাধ্য অভিজ্ঞতাৰে অভিজ্ঞতাপুষ্ট অধ্যাপক ক্ৰোৰী বৰ্ণিল জীৱন গাঁথাৰে গঢ়া ৷ তেখেতৰ জন্ম হয়   ১৯৩০ চনৰ ২১ জানুৱাৰীত বাংলাদেশৰ ছিলেট জিলাত ৷   দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল শিলচৰত থাকিবলৈ লয়।   ১৯৪৯ চনত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা আই এছ ছি পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ শ্বিলঙৰ ছেইন্ট এন্থনি কলেজৰ পৰা স্নাতক ডিগ্ৰী ...