বিতৰ্কিত মোগল সম্ৰাট ঔৰঙ্গজেৱ
কৰন জোহৰৰ এখন বিগ বাজেটৰ চিনেমা টখ্ট (Takht) এই বছৰত মুক্তি পাব ৷ বলিউদৰ চুপাৰষ্টাৰ ৰনবিৰ সিং, কৰিণা কাপুৰ, আলিয়া ভট্ট, ভিকি কৌশল, জাহ্নৱী কাপুৰ আৰু অনিল কাপুৰ অভিনিত চিনেমা খন ২০১৯ চনৰ পৰাই খবৰৰ শিৰোনামা দখল কৰি আহিছে ৷ এজন হিন্দুবিদ্দেষী, সৰ্বাধিক ঘৃণিত, বিতৰ্কিত মোগল সম্ৰাট হিচাপে পৰিচিত ঔৰঙ্গজেৱৰ হিন্দু নাচনীৰ সৈতে হোৱা প্ৰেমৰ সঁচা ঘটনাই হ’ল চিনেমাখনৰ মূল কাহিনী, সেয়ে হয়টো মুক্তিৰ আগতেই ই বহুল চৰ্চিত হৈছে ৷ ঔৰঙ্গজেবৰ জন্ম ১৬১৮ খ্ৰী ২৪ অক্টোবৰত ৷ সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু সাহসী আছিল তেওঁ ৷ ১৪ বছৰ বয়সত এবাৰ উন্মত্ত হাতী এটাৰ লগত যুদ্ধ কৰি বগৰাই পেলাইছিল ৷ আৰবী আৰু পাৰ্চী দুয়োটা ভাষাতে সমানে বুৎপত্তি আছিল তেওঁৰ ৷ ঔৰঙ্গজেৱ দাক্ষিণাত্যৰ ৰাজপ্ৰতিনিধি হিচাপে নিযুক্ত হয় ১৬৫৩ চনত ৷ এই উদ্দেশ্যে ঔৰঙ্গৱাদলৈ আৰম্ভ কৰা যাত্ৰা পথত বুৰ্হানপুৰ নামৰ চহৰ এখনত সোমায় ৷ ইয়াৰে আহুখানা নামৰ ঠাইত ছাহজাহানৰ পত্নি মমতাজ ম...