Posts

Showing posts from December, 2020

কৰ’না কালত মানসিক সমস্যা আৰু প্ৰেৰণা দায়িনী মিনতি বৰঠাকুৰ

  চিত্তৰঞ্জন ওজা   যোৱা ৩ অক্তোবৰৰ ৰাতিপুৱা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ওলোৱা খবৰ এটাই মনত বৰ দুখ দিয়ে৷ মোৰ নিচিনা বহুতৰে হয়টো একেই অনুভৱ আছিল৷ গোসাইগাৱৰ এটা পৰিয়ালৰ পাঁচ জনেই   আৰ্থিক দৈন্যত ভুগি তথা ঋনৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’ব লগীয়া হয়৷ নিজৰ পত্নী সহ তিনি গৰাকী গাভৰু জীয়ৰী একেটা ৰূমত চিপজৰী ল’ব লগীয়া হোৱা ঘটনা হৃদয় বিদাৰক৷ কৰ ’ না অতিমাৰিৰ বাবে পৰিয়ালৰ মুৰব্বীজন ব্যৱসায়ত লোকচানৰ সন্মুখীন হয়৷ ঋনৰ বোজা সহিব নোৱাৰি মানসিক ভাবে ভাঙি পৰে আৰু আত্মহত্যাৰ পথ বাচি লয়৷ তিনিও গৰাকী জীয়ৰী মেধাবী ছাত্ৰী আছিল৷ কৰ ’ না অতিমাৰিৰ বাবে আহ্বান জনোৱা লকডাউনৰ সুদীৰ্ঘ সময়চোৱাত ভাৰতবৰ্ষৰ লাখ লাখ পৰিয়াল আৰ্থিক দুৰ্গতিৰ সন্মুখীন হয়৷ ব্যৱসায়, বাণিজ্য ধোৱাচাঙত উঠে, বহুলোকে চাকৰি হেৰুৱায়৷ হঠাতে হোৱা এই পৰিৱৰ্তনক সহজ ভাৱে লব নোৱৰাৰ ফলত বহুতে মানসিক চাপ আৰু উদ্বিগ্নতাত ভুগে৷ গোসাইগাৱৰ ঘটনাটোৰ দৰে দেশৰ বহু পৰিয়ালৰ সদস্য আত্মহত্যাৰ পথ বাচি ল’ব লগীয়া হয় এইসময়চোৱাত৷ জীৱন যুদ্ধৰ এই লৰা-ঢপৰা দিন বোৰ হঠাৎ স্থবিৰ হৈ যোৱাৰ পিছত মানুহবোৰ ইজনে সিজনৰ পৰা আঁতৰি আহিব লগীয়া হয়, যিয়ে মানসিক অৱসা...