উপ পৰিদৰ্শক চাকৰিৰ নিযুক্তিত দুৰ্ণীতি আৰু কিছু চিন্তা
অসম আৰক্ষীত উপ পৰিদৰ্শক চাকৰি নিযুক্তিকলৈ হোৱা দুৰ্ণীতি সকলোৱে দেখিবলৈ পাইছোঁ, লগতে এই ঘোটালাত লিপ্ত একাংশ চৰকাৰী চাকৰিয়াল, ৰাজনৈতিক নেতা আৰু দালাল আদি ব্যক্তিৰ কালিকা লগা বহু ঘটনা পোহৰলৈ আহিল ৷ চৰকাৰে সঠিক সময়ত উচিত পদক্ষেপ লোৱাত দুৰ্ণীতিত লিপ্ত সকলক গ্ৰেপ্তাৰ কৰি ন্যায় ব্যৱস্থাৰ আওতাত আনিব পাৰিছে ৷ কথা হ’ল এনেধৰণৰ দুৰ্ণীতি ইয়াতে শেষ হ’ব নে, নে ভবিষ্যতে নতুন ধৰণৰ দুৰ্ণীতি ইয়াতকৈও ভয়াবহ ৰূপত আমি দেখিবলৈ পাম ৷ দুৰ্ণীতিৰ ঘটনাবোৰ সঘনাই আমি কিয় দেখিবলৈ পাওঁ, ইয়াৰ প্ৰতিকাৰ কি এইবোৰ চিন্তা কৰিলে কিছু কথা মনলৈ আহে ৷ আমি যি সমাজত বাস কৰো সেই সমাজৰ প্ৰভাৱ আমাৰ জীৱনত আটাইতকৈ বেছি ৷ স্কুলীয়া জীৱনত আমি যিমানেই নীতি শিক্ষা নলওঁ কিয় সমাজৰ ভাল বেয়া বোৰে ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ প্ৰভাৱ পেলায় ৷ সেয়ে সমাজখন যেতিয়া ঘূনীয়া হয় এনেধৰণৰ দুৰ্ণীতি সমাজত বাৰে বাৰে ঘটি থকা দেখিবলৈ পাওঁ ৷ যেতিয়া চিধা ৰাস্টাৰে লক্ষ্যস্থান গৈ নাপাওঁ, বেকা ৰাস্টা ল’বলৈ আমি বহুতে কুন্ঠাবোধ নকৰোঁ ৷ সমাজৰ প্ৰায়বোৰ অভিভাৱকে এইটোৱে বিশ্বাস কৰে যে চৰকাৰী চাকৰি এটা হ’লে সন্তানৰ ভৱিষ্যত সুৰক্ষিত হ’ব, সেয়ে...