পৃথিবীৰ ভিতৰত সবাতোকৈ ধনী ভাৰতীয়জন : হায়দৰাবাদৰ শেষ নিজাম আৰু কিছু মুখৰোচক কাহিনী
চিত্তৰঞ্জন ওজা পৃথিবীৰ ভিতৰত সবাতোকৈ ধনী ব্যক্তিজন ভাৰতীয় হোৱাটো আমাৰ বাবে বহুত গৌৰবৰ কথা ৷ যদিওবা সকলোতকৈ ধনীৰ আসনখন মুকেশ আম্বানি বা গৌতম আদানিয়ে দখল কৰিব পৰা নাই, তথাপি হায়দৰাবাদৰ শেষ নবাব নিজাম মীৰ ওচমান আলি খান ছিদ্দিকি তেওঁৰ শাসন কালত (১৯১১-১৯৪৮) পৃথিবীৰ ভিতৰত শ্ৰেষ্ঠ ধনী ব্যক্তি বুলি গন্য কৰা হৈছিল ৷ ১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহৰ টাইম আলোচনীৰ কভাৰ পেজত নিজামৰ ছবি প্ৰিন্ট কৰি তলত লিখিছিল “His Exalted Highness, the Nizam of Hyderabad. The richest man in the world“ ৷ পৰাধীন ভাৰতত ইংৰাজৰ অধীনত ৫৬৫ খন দেশীয় ৰাজ্য আছিল ৷ ইয়াৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্য হিচাপে পৰিগণিত হৈছিল হায়দৰাবাদ ৰাজ্য ৷ এই ৰাজ্যখনৰ ভৌগলিক পৰিসৰ ইটালীৰ সমান আছিল ৷ হায়দৰাবাদৰ গোলকুণ্ডা অঞ্চলত থকা হীৰাৰ খনিৰ বাবেই এই ৰাজ্য ইমান সম্পত্তিশালী আছিল ৷ ১৮০০ চনলৈ গোলকুণ্ডা ই আছিল পৃথিবীৰ সৰ্ববৃহত হীৰাৰ খনি ৷ ৰাণী ভিক্টৰীয়াৰ মূকুটৰ সোন্দৰ্য বৰ্দ্ধন কৰা ক’হিনুৰ, ইৰানৰ ৰাজ পৰিয়...