Posts

Showing posts from July, 2025

মন-কথা-১ : প্ৰযুক্তি আৰু প্ৰজন্ম

  দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জন্মলাভ কৰা প্ৰজন্মটোৱে যুদ্ধৰ ভয়াবহতাৰ পৰা উদ্ভৱ হোৱা কুফল ভোগ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ বাবে জীৱন সংগ্ৰাম একেবাৰে সুখকৰ নাছিল। দুটকা অৰ্জন কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবগীয়া হৈছিল। ইয়াৰ পিছৰ প্ৰজন্মক আখ্যা দিছিল ‘জেনেৰেচন এক্স’ বুলি। ১৯৬৫ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত জন্মলাভ কৰা প্ৰজন্ম জেন এক্সে দেখা পালে যুদ্ধোত্তৰ সময়ত ক্ষয়িষ্ণু সমাজখনক গঢ় দিয়া সংগ্ৰামখন। ইয়াৰ পাছৰ প্ৰজন্ম - ‘জেনেৰেচন ৱাই’ ১৯৮১ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত জন্মলাভ কৰা ব্যক্তিসকলক লৈ। জন্মলাভ কৰিয়ে তেওঁলোকে টেলিভিচন দেখিলে, কম্পিউটাৰ দেখিলে। ইয়াৰ পাছৰ প্ৰজন্ম ‘জেনেৰেচন জেড’ (সংক্ষেপে জেন জি), ১৯৯৭ আৰু ২০১০ চনৰ ভিতৰত জন্মলাভ কৰা সকলক লৈ। তেওঁলোক কণমানি থকাৰপৰা মোবাইল, ইণ্টাৰনেট ব্যৱহাৰ কৰি ডাঙৰ হ’ল। ২০১০-২০২৪ চনৰ ভিতৰত জন্মলাভ কৰা সকল আজি শিশু অৱস্থাতে আছে। এই প্ৰজন্মটোক কোৱা হৈছে জেনেৰেচন আলফা। সমাজিক মাধ্যম, উচ্চ গতি সম্পন্ন কম্পিউটাৰ গেম, ভাৰ্চুৱেল মাধ্যমৰ বহুল প্ৰভাৱৰ সময়ত এইসকল শিশুই জন্মলাভ কৰে। প্ৰতিটো জেনেৰেচনৰ ব্যক্তিসকলৰ চৰিত্ৰ, চিন্তা-ভাৱনা একে নহয়। জেন জিৰ ল’ৰা-ছোৱালীসকলৰ আধা সংখ্যকে আজি প...

দ্যা ছেভেন্থ ষ্ট্ৰিংৰ পৰা গল্পৱালাৰ পেৰালৈ

    অভিনয় জগতৰ সতে চাৰিটা দশক জড়িত হৈ থকা জিলমিল হাজৰিকাই সিদিনা জনাইছিল ইউটিউবত ৰিলিজ হোৱা ’দ্যা ছেভেন্থ ষ্ট্ৰিং’ চিনেমাখনৰ কথা। বাহাৰুল ইছলামৰ ছবিখনত তেওঁ সহ-অভিনেত্ৰীৰ ৰোল এটাত আছে। যদিও ২০২২ চনতে চিনেমাখনে মুক্তি পালে, ছবিখন হেনো চিনেমা হলত নচলিল। শেষত অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ বাবে ইউটিউবত উপলব্ধ কৰিলে। ব্যৱসায়িকভাৱে অসফল চিনেমাখন চাবলৈ লোৱা সময়ত মনৰ ভিতৰত কোনো আশা নৰখাকৈ চাবলৈ ল’লো যদিও শেষলৈকে চকীখনৰ পৰা উঠিব পৰা নাছিলোঁ। চিনেমাখনৰ কাহিনী আৰু অভিনয়ে অন্তৰ চুই গ’ল। দুদিনমান মনৰ ভিতৰতে কাহিনীটোৱে পাগুৰি থাকিল। শেষত কিবা এটা লিখিলেহে শান্তি পাম যেন লাগিল।   কাহিনীৰ মূল চৰিত্ৰ ’নিষ্ঠা’ৰ দৰে হয়তো হেজাৰ ছোৱালী ওলাব যিয়ে এনে কিছু মানসিক সংঘাতত ভুগি থাকে অথচ কাৰো আগত মনৰ কথা ক’ব নোৱাৰে। মনৰ উমি উমি জ্বলি থকা জ্বইকুৰাৰ বাবে তেওঁলোকৰ স্বভাৱ সলনি হৈ পৰে – খঙাল হয়, পৰিয়ালৰ লোকক বেয়া পোৱা হয় অথবা চিগাৰেট, মদ, ড্ৰাগছত আসক্ত হয়। কিন্তু ’ডা ছেভেন্থ ষ্ট্ৰিং’ত নিষ্ঠা নামৰ ছোৱালীজনীয়ে নিজে বন্ধা সঁজা ভাঙি মুক্ত হৈ সমাজৰ মাজলৈ ওলাই আহিবলৈ সক্ষম হ’ল। কেনেদৰে সক্ষম হ’ল তাকেই ক’ব...