সমূহৰ কথকতা-১৭: এটমিক হেবিটচ – অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ
অভ্যাসৰ কথা ভাবিলে মনলৈ আহে আমি সৰুতে শিকা জনপ্ৰিয় ফকৰা যোজনা “অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ“৷ কাণত অলংকাৰ পিন্ধিবলৈ সৰুকৈ ফুটা এটা কৰিব লাগে৷ মানুহে অভ্যাস কৰি থাকিলে এনে এটা পৰ্যায় পায় গৈ যে সেই কাণৰ ফুটাটোৰে ধনুকাৰ মাৰি শৰেৰে লক্ষ্যভেদ কৰিব পাৰে৷ অৰ্থাৎ অভ্যাস কৰি কৰি মানুহে অসম্ভৱ কামকো সম্ভৱ কৰি তুলিব পাৰে৷ এতিয়া প্ৰশ্ন হ’ল মানুহে ভাল অভ্যাস কেনেদৰে গঢ়িব পাৰে৷ কেনেদৰে বেয়া অভ্যাসৰ পৰা নিজকে আঁতৰাব পাৰে৷ উদাহৰণ স্বৰূপে আমাৰ প্ৰত্যকে ভাবো যে ৰাতিপুৱা সোনকালে উঠি এঘণ্টা খোজ কাঢ়িব লাগে৷ পিছে সেই দিনটো কেতিয়াও নাহে৷ সদায়ে দেৰি কৈ সাৰ পাওঁ৷ শেষত অফিচৰ বাবে ঘৰৰ পৰা ওলাই আহো৷ তেনেদৰে সদায়ে ভবা যায় এঘণ্টাকৈ হ’লেও কিতাপ অধ্যয়ন কৰিব লাগে৷ ডিচেম্বৰত অনুষ্ঠিত গ্ৰন্থমেলাত কিনা কিতাপ পাছৰ গ্ৰন্থমেলালৈ পলিথিনৰ পেকেটত সোমাই থাকে৷ পেকেটটো খুলি কিতাপ কেইখনৰ বেটুপাতখনো চোৱা হৈ নুঠে৷ পাছৰবাৰ গ্ৰন্থমেলাত গৈ পুনৰ কেইখনমান মনে বিচৰা কিতাপ কিনা হয়৷ শেষত গৈ এনে এটা অৱস্থা পায় গৈ যে ঘৰখনত কিতাপ থবলৈ ঠাই নোহোৱা হয়, অথচ তাৰে এখন কিতাপো পঢ়া নহয়৷ মানুহে ভাল অভ্যাস কেনেকৈ গঢ় দিব লাগে জানিবলৈ আমেৰিকাৰ...