বহুদিন কটনৰ গোন্ধ পোৱা নাই
সিদিনা ৪ আগষ্টৰ নিয়মীয়া বাৰ্তা কাকতত প্ৰাধ্যাপক দেৱেন দত্ত ছাৰৰ “অকুতোভয়“ কলমত “ডৰিক্ কলম সুলেখা চিঞাহী ৰামায়ণৰ পেট“ নামৰ প্ৰবন্ধটো পঢ়িলোঁ ৷ শ্লেষ আৰু ব্যঙ্গাত্মক সুৰত লিখা ছাৰৰ কথাবোৰ পঢ়িলে সদায়ে নিজে কৰি থকা ভুলবোৰ চকুৰ আগত দেখা পাওঁ ৷ অসমীয়া ভাষাৰ শুদ্ধতা আৰু অসমীয়া জাতিৰ উন্নতিৰ হকে তেখেতে অকলশৰে সংগ্ৰাম কৰি গ’ল ৷ তেখেতৰ এই নিৰলস যুদ্ধখনৰ চানেকী হিচাপে আমাক দি গ’ল অমূল্য গ্ৰন্থ - “সমকালৰ চিৰিপনি“ আৰু “চিৰ এলাগী মোৰ ভাষা ফেদেলী“ ৷ অসমৰ ইতিহাসৰ পাতবোৰ লুটিয়াই নিজে সেইবোৰ ঠাই ভ্ৰমণ কৰি তেখেতে আমালৈ আগবঢ়াইছিল নিৰ্ভেজাল ৰূপত অসমৰ বুৰঞ্জী ৷ নিয়মীয়া বাৰ্তাত প্ৰকাশিত সেই প্ৰবন্ধটোৱে ইয়াৰ প্ৰমাণ ৷ ৰংমনৰ স্ৰষ্টা ৰবিন দেৰ পৰা আৰম্ভ কৰি নাজিৰাৰ পাৰ্শ্বৱৰ্তী এলেকাৰ সকলো ইতিহাস সামৰি লেখা প্ৰবন্ধটি পঢ়ি সঁচাকৈয়ে আপ্লুত হৈছিলোঁ ৷ প্ৰাধ্যাপক দেৱেন দত্ত ছাৰক প্ৰথম দেখাৰ সোভাগ্য ঘটিছিল কটন মহাবিদ্যালয়ত , ১৯৮৪ চনত উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ পাছত ৷ ছাৰে ইংৰাজী বিষয়ত শিক্ষাদান কৰিছিল ৷ অসমীয়া মাধ্যমত পঢ়ি অহা মোৰ দৰে ছাত্ৰসকলে ছাৰক শ্ৰেণীকোঠ...