Posts

Showing posts from November, 2022

বাঘবৰ আৰু বৈঠা পুটা ঘাট সত্ৰ

  বৰপেটাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাঘবৰ নামৰ ঠাইখন৷ যদিও মোৰ ঘৰ বৰপেটাত, বাঘবৰ যাবলৈ সাহস কৰা নাছিলোঁ৷ কেৱল বাংলাদেশী মিঞাই বাস কৰা অঞ্চল বুলিয়ে মনত ভাব লৈ আছিলোঁ৷ একেবাৰে দুৰ্গম পথ, ভঙা-ছিঙা ৰাস্তা, ভঙা দলং, ৩০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ এটা সময়ত লাগিছিল দুইৰ পৰা তিনি ঘণ্টা সময়৷ তথাপি অতিজৰে পৰা বৰপেটাৰ লগত বাঘবৰৰ এটা মধুৰ সম্পৰ্ক আছে৷ বাঘবৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত৷ তাতেই বুধবাৰ আৰু দেওবাৰে ডাঙৰ হাট বজাৰ বহে৷ কামৰূপ, গোৱালপাৰা, ধুবুৰী, নগাঁও আদি জিলাৰ পৰা   (আগতে বাংলাদেশৰ পৰাও) নাওৰে বিভিন্ন বস্তু আহে৷ বেহা-বেপাৰ হয়৷ বিশেষকৈ গাখীৰ, মাছ, কৃষি জাতীয় সামগ্ৰীৰ এক বৃহৎ বজাৰ ইয়াৰ পৰাই নিয়ন্ত্ৰণ হয়৷ কিছু বছৰ আগলৈ গৰুৰ এক বৃহৎ বজাৰ চলিছিল ইয়াতে৷ বস্তুৰ দাম বহুত কম হেনো৷ যাতায়ত ব্যৱস্থাৰ বাবে বেছিকৈ ব্যৱহাৰ হয় মেচিন চালিত নাও৷ ডিচেম্বৰ-জানুৱাৰী মাহত বৰপেটাৰ বহুতে নাওৰে বনভোজ খাবলৈ আহে বাঘবৰলৈ অথবা বাঘবৰৰ আশে পাশে থকা চৰবোৰলৈ ৷   দুদিন আগতে চাকৰিৰ কামত বৰপেটা যাওঁতে সময় উলিয়াই বাঘবৰলৈ যাওঁ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বহুখিনি ঠাই এতিয়া পানীৰ তলত৷ নতুনকৈ স্থাপন...

দৰিদ্ৰ জনতাৰ বাবে জেনেৰিক ঔষধ কেতিয়া সহজলভ্য হ’ব?

  একৈশ শতিকাত ভাৰতীয় জনসাধাৰণে সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হৈছে ব্যয়বহুল চিকিৎসা ব্যৱস্থা৷ হাস্পতালৰ বৰ্ধিত মূল্য, ঔষধৰ আকাশলংঘী দাম, নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে ই এক গধুৰ বোজা৷ দেশৰ আধাতকৈ বেছি সংখ্যক মানুহে টকাৰ অভাৱত দৈনন্দিন প্ৰয়োজনীয় দৰৱ কিনিবলৈ অক্ষম৷ প্ৰতিদিনে হাজাৰ হাজাৰ লোক দৰৱৰ অভাৱত মৃত্যু মুখত পৰিবলগীয়া হয় বা পঙ্গু হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হয়৷ তেওঁলোকক যদি ১০ গুণ কম দামত সেই একেখিনি দৰৱ   উপলব্ধ কৰাব পৰা যায় সেয়া হয়তো দুখীয়া মানুহৰ বাবে ভগৱানৰ আশীৰ্বাদ হৈ পৰিব৷ প্ৰকৃততে দুই ধৰণৰ ঔষধ বজাৰত কিনিবলৈ পোৱা যায়, এবিধ ব্ৰেণ্ডড ঔষধ যাৰ দাম বেছি আৰু প্ৰতিটো হাস্পতাল বা প্ৰতিজন ডাক্তৰে   প্ৰেচস্ক্ৰিপচনত সেই দৰৱে লিখে আৰু আনবিধ হ’ল একেই মানদণ্ডৰ জেনেৰিক ঔষধ যি বহুত কম দামত উপলব্ধ অথচ প্ৰেচস্ক্ৰিপচনত ই স্থান নাপায়৷ দেশৰ দুখীয়া জনসাধাৰণে এই কম দামৰ ঔষধ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ বা বহুতে ভুল ধাৰণা লৈ থকাৰ বাবে জেনেৰিক ঔষধ ব্যৱহাৰৰ পৰা বিৰত থাকে৷ আনহাতে সকলো ঠাইতে ই উপলব্ধ নহয়৷     ২০১২ চনত অভিনেতা আমীৰ খানে ’সত্যমেৱ জয়তে’ নামৰ টেলিভিচন শ্বো এটাৰ জৰিয়তে জেনেৰি...