Posts

Showing posts from July, 2022

জলবায়ু পৰিবৰ্তনৰ বাবে দায়ী কোন

  ১৯৭৬ চনত ইজৰাইলত জন্ম লাভ কৰিছিল একৈশ শতিকাৰ এজন প্ৰখ্যাত ইতিহাসবিদ, গৱেষক, বুদ্ধিজীৱী ৷ তেখেতৰ প্ৰথমখন গ্ৰন্থ ’ছেপিয়েনছ : এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড’ ইংৰাজী ভাষাত প্ৰকাশ পাইছিল ২০১৪ চনত । এই গ্ৰন্থখনত মানৱ ইতিহাসৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ সম্পূৰ্ণ ছবি   অঙ্কিত কৰা হৈছে। প্ৰকাশৰ পিছতে কিতাপখনে বিশ্বৰ বৌদ্ধিক সমাজত আলোড়নৰ সৃষ্টি কৰে আৰু লেখকজন চেলেব্ৰেটি হৈ পৰে । সেই বিশ্ব প্ৰসিদ্ধ লেখকজন হ’ল য়ুভাল নোৱা হাৰাৰী ৷ কিতাপখনত তেওঁ লিখিছিল যে কৃষিকৰ্ম বিকাশে   হৈছে মানৱ ইতিহাসৰ এক দুৰ্ঘটনা ৷ এতিয়াৰ পৰা হয়তো ডেৰ লাখ বছৰ আগৰ পৰা মানৱজাতিৰ   ক্ৰমবিকাশ আৰম্ভ হৈছিল ৷   মানৱ জাতিয়ে চিকাৰ কৰি সৰু সৰু দল বান্ধি বসবাস কৰিছিল ৷ তেতিয়ালৈ পৃথিৱীখন সুন্দৰভাৱে চলি আছিল ৷ মানৱজাতিয়ে কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিবলৈ লয় খ্ৰীষ্টপূৰ্ব ১০,০০০ ৰ পৰা ৷ তাৰ লগে লগে মানুহে গছ-গছনি কাটি খেতি-বাতি কৰিবলৈ আৰম্ভ কৰে ৷ কৃষিকৰ্মৰ সুবিধাৰ বাবে আগৰ যাযাবৰী জীৱন এৰি স্থায়ীভাবে বসবাস কৰিবলৈ লয় ৷ তাৰ ফলত আৰম্ভ হয় জন বিস্ফোৰণ ৷ ইয়াৰ সমান্তৰাল ভাৱে মানুহৰ মনত সৃষ্টি হয় লোভ, মোহ, হিংসা, উ...