বৰপেটা সত্ৰ আৰু মথুৰাদাস বুঢ়া আতা
শ্ৰীমন্ত শংকৰদেৱে ১৪৪৯ চনত জন্মলাভ কৰাৰ পৰা ১৫৪৬ চনলৈ উজনি অসমতে ধৰ্ম প্ৰচাৰ কৰিছিল ৷ কৰ্মকাণ্ডী ব্ৰাহ্মণ সকলৰ আৰু স্বৰ্গদেউ চুহুংমুঙ আৰু চুক্লেংমুংৰ অত্যাচাৰ সহিব নোৱাৰি গুৰুজনাই ৯৭ বছৰ বয়সত ধূৱাহাটৰ পৰ কোচ ৰাজ্যৰ পিনে ৰাওনা হয় ৷ তেৰাৰ শেষ জীৱনৰ প্ৰায় ২০ বছৰ কাল বৰপেটাৰ গাতে লাগি থকা পাটবাউসীত কটায় ৷ একেদৰে মাধৱদেৱে প্ৰায় ৪০ বছৰ কাল বাস কৰে ক্ৰমে বাৰাদী, গণককুচী, সুন্দৰীদিয়া আৰু বৰপেটা সত্ৰত ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰাপ্তিৰ পিছত মাধৱদেৱে ধৰ্মপ্ৰচাৰৰ সুবিধাৰ্থে অসমক তিনি ভাগত বিভক্ত কৰিছিল ৷ উজনিৰ ফালে ধৰ্বপ্ৰচাৰৰ দায়িত্বত আছিল পদ্মআতা, মধ্যমখণ্ডৰ দায়িত্বত মথুৰাদাস বুঢ়া আতা আৰু নামনিৰ ফালে অৰ্থাৎ কোচবে হাৰলৈ দায়িত্বত শ্ৰীশ্ৰী মাধৱদেৱ নিজে ৷ এই তিনিৰাজ্যৰ কেন্দ্ৰবিন্দু আছিল বৰপেটা সত্ৰ ৷ সেয়েহে এই সত্ৰক তিনিও ৰাজ্যৰ বন্দনী বুলি কোৱা হয় ৷ মথুৰাদাস বুঢ়া আতাৰ প্ৰকৃত নাম আছিল গোপাল তাঁতী ৷ ১৪৯০ চনত তেওঁৰ জন্ম হয় বৰপেটাৰ তাঁতীকুছিত ৷ শিশু কালতে তেওঁ পিতৃ-মাতৃক হেৰুৱায় ৷ পঢ়াশালীয়া শিক্ষা শেষ কৰি গোপাল তাঁতী পৈতৃক বৃ...